নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰী:লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডি মিত্ৰজোঁটত আন এক মোক্ষম আঘাত ৷ তৃণমূল কংগ্ৰেছৰ পাচত আপেও ত্যাগ কৰিব মিত্ৰজোঁট ৷ তাৰ প্ৰথমটো পদক্ষেপ হিচাপে বৃহস্পতিবাৰে আম আদমী পাটীয়ে প্ৰকাশ কৰিলে অসমৰ তিনিটাকৈ সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থী তালিকা ৷ নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত দলটোৱে এই ঘোষণা কৰে ৷ এই প্ৰকাশিত তালিকাত অসমৰ তিনিখনকৈ লোকসভা সমষ্টিত প্ৰাৰ্থী আগবঢ়াব আপে ৷ সমষ্টিকেইটা হৈছে ক্ৰমে গুৱাহাটী, ডিব্ৰুগড় আৰু শোণিতপুৰ ৷
আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সদস্য সন্দীপ পাঠকে প্ৰাৰ্থী তালিকা ঘোষণা কৰি কয় যে লোকসভা নিৰ্বাচনৰ বাবে মাজত আৰু বেছি সময় নাই । সেয়ে এইক্ষেত্ৰত যথেষ্ট প্ৰস্তুতি চলাব লাগিব । আমি ইণ্ডিয়া ব্লকৰ সৈতে কথা পাতি ভাগৰি পৰিছোঁ । কিন্তু আসন ভাগ-বটোৱাৰা এতিয়াও কৰা হোৱা নাই । আশাকৰোঁ ইণ্ডি মিত্ৰজোঁটে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তিনিওখন আসনতে আমাক সমৰ্থন কৰিব ।
বৃহস্পতিবাৰে ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি, গুৱাহাটীত দলটোৰ প্ৰাৰ্থী হ'ব ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী ৷ আনহাতে, ডিব্ৰুগড়ত দলৰ প্ৰাৰ্থী হ'ব মনোজ ধানোৱাৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিত ঋষিৰাজ কৌন্দিন্যই সমাগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ আপৰ এই সিদ্ধান্ত মূলতঃ আসন ভাগ-বটোৱাৰাক লৈ কংগ্ৰেছ তথা ইণ্ডি মিত্ৰজোঁটৰ আন সদস্য দলসমূহৰ সংঘাতৰে ফল ৷ ইফালে দিল্লীত প্ৰাৰ্থী ঘোষণা কৰি আসন ভাগ-বটোৱাৰাক লৈ নিজৰ অসন্তুষ্টি জাহিৰ কৰে আম আদমি পাৰ্টীয়ে ৷