মৰিগাঁও,২১ জুলাই:ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁও জিলাতো আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে অবিৰত ৰাখিছে অভিযান । মৰিগাঁও জিলা আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিচতো হ্ৰাস পোৱা নাই ভয়াবহ ড্ৰাগছৰ ৰমৰমীয়া বেহা । দৈনিক জব্দ হৈছে বুজন পৰিমাণৰ ড্ৰাগছ ।
আৰক্ষীৰ সমানে সমানে ড্ৰাগছ বিৰুদ্ধে সচেতন হৈছে সাধাৰণ ৰাইজো । মৰিগাঁৱত পুনৰ শনিবাৰে জব্দ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছ । মৰিগাঁৱৰ মায়ং আৰু মৈৰাবাৰীত ড্ৰাগছসহ আটক কৰে সৰবৰাহকাৰীক । মৰিগাঁও বুৰাবুৰীত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী কালাবাপ ওৰফে একাব্বৰ আলীক নিশা ৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ হাতেলোটে আটক কৰে আৰক্ষীয়ে । মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত কালাবাপে চলাই আছিল ড্ৰাগছৰ ক'লা বেহা ।
অৱশেষত শনিবাৰে নিশা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বুৰাবুৰী অঞ্চলিকৰ সদস্যসকলৰ তৎপৰতাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইফালে মৈৰাবাৰী ৰে'লৱে কলনীতো দুটাকৈ ড্ৰাগছ বেপাৰীক দৌৰাই দৌৰাই আটক কৰে আৰক্ষীয়ে । উল্লেখ্য যে কালাবাপেই বানাক্ৰান্ত মায়ং অঞ্চলত দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছিল ড্ৰাগছৰ ক'লা বেহা । বহু যুৱকক বিপথে পৰিচালিক কৰি গঢ়ি তুলিছিল ড্ৰাগছৰ ক'লা সামাজ্য ।