অসম

assam

বঙাইগাঁৱৰ অল্ড ক'লনীত অস্ত্ৰধাৰী যুৱকৰ তাণ্ডৱ - Terror of armed youth

Crime in Bongaigaon : নিশা বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি । অস্ত্ৰধাৰী যুৱকে তাণ্ডৱ চলালে বঙাইগাঁৱৰ অল্ড ক'লনীত । ৬ জনীয়া যুৱকৰ দলে আক্ৰমণ কৰে এজন যুৱকক । ৩ জাঁই সজীৱ গুলীসহ এটা পিষ্টল আৰু ২ টা লেপটপৰ লগতে এজনক আটক কৰে আৰক্ষীয়ে ।

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 12:44 PM IST

Published : Aug 25, 2024, 12:44 PM IST

A youth was attacked by a group of armed youths in Bongaigaon
বঙাইগাঁৱৰ অল্ড ক'লনীত অস্ত্ৰধাৰী যুৱকৰ তাণ্ডৱ (ETV Bharat Assam)

বঙাইগাঁও,২৫ আগষ্ট: শনিবাৰে নিশা বঙাইগাঁৱৰ অল্ড ক'লনীত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । ৬ অস্ত্ৰধাৰী যুৱকে ৰাতুল মেধি নামৰ এজন যুৱকক আক্ৰমণ কৰাৰ ঘটনাক লৈ বিৰাজ কৰে তীব্ৰ চাঞ্চল্য । ৰাতুল মেধিক ঘৰৰ পৰা মাতি নি প্ৰথমে ব্যক্তিগত কিছু কাৰণত তৰ্কাতৰ্কিত লিপ্ত হয় অস্ত্ৰধাৰী যুৱক কেইজন । তাৰ পিছতে ৰাতুল মেধি আৰু তেওঁৰ পিতৃৰ সৈতে অস্ত্ৰধাৰী যুৱকৰ দলটোৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা । উক্ত সংঘৰ্ষৰ ফলত ৰাতুল মেধি, তেওঁৰ পিতৃৰ লগতে অস্ত্ৰধাৰী যুৱকৰ দলটোৰো তিনিজন আঘাতপ্ৰাপ্ত হয় ।

বঙাইগাঁৱৰ অল্ড ক'লনীত অস্ত্ৰধাৰী যুৱকৰ তাণ্ডৱ (ETV Bharat Assam)

যুৱকজনক আক্ৰমণ কৰিবলৈ অহা দলটোৱে মাৰণাস্ত্ৰ লৈ অহাৰ অভিযোগ ভুক্তভোগীৰ । পিচে অস্ত্ৰধাৰী যুৱকৰ দলটোৱে বন্দুক দেখুৱাই ভয়-ভাবুকি দি উক্ত স্থান ত্যাগ কৰাৰ সময়ত পতিত হয় দুৰ্ঘটনাত । AS 26 F 0001 নম্বৰৰ বাহনত আহিছিল অস্ত্ৰধাৰী যুৱকৰ দলটো । ৰাতুল মেধিক ভয়-ভাবুকি দি পলায়নৰ সময়তে সময়ত পথৰ কাষত ৰৈ থকা এখন বলেৰ' পিকআপ বাহনত খুন্দা মৰাৰ ফলত দলটোৱে ব্যৱহাৰ কৰা বাহনখন পথৰ কাষৰ নলাত সোমাই পৰে । ইয়াৰোপৰি বাহনখনে খুন্দিয়ায় আঘাতপ্ৰাপ্ত কৰে আন এজন লোককো ।

ঘটনা সংঘটিত কৰিয়েই অস্ত্ৰধাৰী যুৱক কেইজনে বন্দুক গাড়ীৰ ভিতৰতে এৰি উক্ত স্থানৰ পৰা পলায়ন কৰে । ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাসসহ আৰক্ষীৰ এটা বৃহৎ দল । আৰক্ষীৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । কি কাৰণত দুই ফৈদৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

ইফালে অস্ত্ৰধাৰী যুৱকৰ দলটোৱে শূণ্যলৈ এজাঁই গুলী ফুটাই বুলি ভুক্তভোগী যুৱকজনে উল্লেখ কৰে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য ৰাজহুৱা কৰা নাই । আৰক্ষীয়ে নিশায়ে AS-26-F-0001 বাহনৰ পৰা ৩ জাঁই সজীৱ গুলীসহ এটা পিষ্টল আৰু ২ টা লেপটপ লগতে কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে নিশাৰভাগতে আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত প্ৰসেনজিৎ বেনাৰ্জী নামৰ এজনক আটক কৰে ।

লগতে পঢ়ক:১০২০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰৰ পিচতে ঝাৰখণ্ডত অসম আৰক্ষীৰ অভিযান : অস্ত্ৰসহ উদ্ধাৰ নগদ ধন - Guwahati NCB Crime Branch

লখিমপুৰত ধৰ্ষণৰ অপচেষ্টা : আটক দুই বৃদ্ধ - Attempt to Rape in Lakhimpur

ABOUT THE AUTHOR

...view details