অসম

assam

ETV Bharat / state

এদল মহিলাক লগত লৈ এগৰাকী মহিলা আগুৱাই গৈছে এখন বিশেষ যুঁজত - HAND WEAVING IN ASSAM

তাঁতশালৰ জৰিয়তে নিজকে সংস্থাপিত কৰাৰ লগতে আন বহু মহিলাক সংস্থাপন দিছে তিনিচুকীয়াৰ ৰূপাই চাইডিঙৰ এগৰাকী মহিলাই ৷ তেওঁলোকৰ বাবে বজাৰৰো ব্যৱস্থা কৰিছে এইগৰাকী মহিলাই ৷

Assam Handloom
এদল মহিলাক লগত লৈ এগৰাকী মহিলা আগুৱাই গৈছে এখন বিশেষ যুঁজত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 5:14 PM IST

তিনিচুকীয়া:এটা সময় আছিল যেতিয়া মহিলাসকল সীমাবদ্ধ আছিল মাত্ৰ পাকঘৰত । কিন্তু আজিৰ দিনত মহিলাই পাকঘৰৰ হেতাৰ পৰা আৰম্ভ কৰি চলাইছে দেশ । তেনে সময়তে তিনিচুকীয়া জিলাৰ এগৰাকী মহিলাই এদল মহিলাক একগোট কৰি আগুৱাই নিছে অৰ্থনৈতিক সংগ্ৰামখনত ।

তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিঙৰ নিবাসী মন্দিৰা মৰাণে তাঁতশালৰ জৰিয়তে গঢ়িছে অৰ্থনৈতিক সংগ্ৰাম ৷ নিজৰ ঘৰতে চাৰিখন তাঁতশালৰ জৰিয়তে আৰম্ভ কৰা সংগ্ৰামখন এতিয়া বৃদ্ধি পাইছে ১৪ খনকৈ তাঁতশালৰ লগতে কেইবাখনো গাঁৱলৈ ।

এদল মহিলাক লগত লৈ এগৰাকী মহিলা আগুৱাই গৈছে এখন বিশেষ যুঁজত (ETV Bharat Assam)

মন্দিৰা মৰাণে থলুৱা জাতি-জনগোষ্ঠীৰ গামোচা, মেখেলা-চাদৰ আদি তাঁতশালত প্ৰস্তুত কৰি এক সংগ্ৰাম গঢ়ি তুলিছে ৷ মন্দিৰা মৰাণে এটা সময়ত ৪ খন তাঁতশাল লৈ আৰম্ভ কৰা সংগ্ৰামখনত বৰ্তমান নিজৰ ঘৰত ৭ খন তাঁতশালত কাপোৰ বোৱাৰ লগতে ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত ৭ খনকৈ তাঁতশালত কাপোৰ প্ৰস্তুত কৰে ।

লগতে পঢ়ক:অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে

নিজে কাপোৰ প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰাৰ লগতে তেওঁ কনিষ্ঠ মহাবিদ্যালয়খনৰ প্ৰশিক্ষণ কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীসকলক তাঁতবোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । সমান্তৰালভাৱে ডুমডুমাৰ কৰ্দৈগুৰী, কাকপথাৰ, দাইচাজান আদিৰ লগতে বহু স্থানীয় মহিলাক তাঁতশালত কাপোৰ প্ৰস্তুত কৰাৰ লগতে ফুল বাচিবলৈ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ।

মন্দিৰা মৰাণে কয়, "মই দুবছৰ ধৰি তাঁতশালৰ ব্যৱস্য়ৰ লগত জড়িত হৈ আছো ৷ বৰ্তমান মোৰ লগত ১৫ গৰাকীকৈ মহিলা জড়িত হৈ আছে । গাঁৱৰ শিপিনীসকলেও মোৰ অৰ্ডাৰমতে কাপোৰ প্ৰস্তুত কৰি মোক আনি দিয়ে ৷ কাৰণ মাৰ্কেটখন পোৱাটো অতি কঠিন ৷ উৎপাদন সকলোৱে কৰিব পাৰে, কিন্তু সেই বস্তুখিনি ক’ত বিক্ৰী কৰিব লাগে সেই লৈ তেওঁলোকৰ চিন্তা হৈ থাকে ৷"

লগতে পঢ়ক:যুৱতী-মহিলাসকলক কৰ্মসংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰিবলৈ আৰম্ভ হৈছে আত্মনিৰ্ভৰশীলতাৰ বিপ্লৱ

মন্দিৰা মৰাণে নিজৰ ৰূপাই চাইদিংস্থিত বাসগৃহতেই নিজে বোৱা এখন কাপোৰৰ দোকান খুলি বিক্ৰী কৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা প্ৰদৰ্শনীসমূহত বিক্ৰী কৰে ৷ কাকপথাৰৰ কাচিজান, ডুমডুমাৰ কৰ্দৈগুৰিৰ মহিলাসকলে নিজৰ নিজৰ তাঁতশালত প্ৰস্তুত কৰা কাপোৰসমূহ মন্দিৰা মৰাণে সংগ্ৰহ কৰি বজাৰৰ বাবে প্ৰেৰণ কৰি দিয়ে ৷

মন্দিৰা মৰাণে নিজৰ কৰ্মৰাজিৰ জৰিয়তে আৰ্থিক সংগ্ৰাম গঢ়ি তোলাৰ লগতে গাঁৱৰ মহিলাসকলক নিজৰ কৰ্মক ব্যৱসায়িক দিশলৈ গতি কৰোৱা কাৰ্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে ৷ ইতিমধ্যে মন্দিৰা মৰাণে নিজৰ কৰ্মৰাজিৰ জৰিয়তে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে প্ৰদৰ্শনীত সন্মান লাভ কৰি আহিছে । মন্দিৰা মৰাণ সমাজৰ বাবে আদৰ্শ । মন্দিৰা মৰাণ মহিলাসকলৰ বাবে আদৰ্শ । অঞ্চলে-অঞ্চলে জন্ম হওঁক মন্দিৰা মৰাণ । গঢ়ি তোলক সমাজত মহিলাসকলক লৈ অৰ্থনৈতিক সংগ্ৰাম ।

লগতে পঢ়ক:Weaver story of Lakhimpur: মালতীৰ হাতৰ পৰশত সোণালী সূতাৰে জিলিকিছে লখিমপুৰৰ মানচিত্ৰ

ABOUT THE AUTHOR

...view details