জোনাই, ১৭ আগষ্ট : কোনো উপন্যাসৰ কাহিনীৰ দৰে এখন গাঁৱৰ মৰ্মকথা । বিগত প্ৰায় ডেৰ মাহ আগলৈকে এই গাঁওখনত আছিল ৫০ টা পৰিয়ালৰ ঘৰ-দুৱাৰ ৷ খেতি-বাতিৰে নদন-বদন হৈ আছিল গাঁওখন ৷ কিন্তু সেই গাঁওখন আজি হঠাৎ পৰিণত হ’ল ধ্বংসস্তূপত ৷ পৰিণত হ’ল মৰুভূমিলৈ !
জোনাইত বানত সৰ্বহাৰা এখন গাঁৱৰ ৫০ টা পৰিয়াল (ETV Bharat Assam) ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ওপৰ কবুৰ শিৱগুৰি গাঁৱৰ অৱস্থা এয়া ৷ এক হৃদয় বিদাৰক দৃশ্য । বিগত প্ৰায় ডেৰ মাহ আগলৈকে ৫০ টা পৰিয়ালে এই শিৱগুৰি গাঁৱত বাস কৰি আছিল ৷ কিন্তু আজি গাঁওখনত মৰিশালিৰ নিস্তব্ধতা ৷ মানুহতো বাদেই, চৰাই-চিৰিকতিৰো এটা শব্দ নাই গাঁওখনত । সকলো এতিয়া আশ্ৰয়হীন হৈ পৰিছে ।
উল্লেখ্য যে কিছুদিন পূৰ্বে চিয়াং, দিবাং আৰু দতুং নদীৰ বানে তচনচ কৰা জোনাইৰ ওপৰ কবুৰ শিৱগুৰি গাঁৱৰ ৫০ টা পৰিয়ালে আজি প্ৰায় ডেৰমাহ ধৰি আশ্ৰয় গ্ৰহণ কৰি আছে জোনাই সদৰৰ এক অস্থায়ী বান শিবিৰত ৷ বান আহিল আৰু গ’ল, কিন্তু শিৱগুৰি গাঁৱৰ ৰাইজৰ ঘৰ-বাৰী, কৃষিভূমি সকলো যেন গ্ৰাস কৰি গ'ল । সকলো এতিয়া বালি-পলসৰ তলত ৷ খহনীয়াত জাহ গ’ল বহু পৰিয়ালৰ ঘৰ-দুৱাৰ, খেতি পথাৰ ৷ এতিয়া চাৰিওপিনে মাথোঁ মৰুভূমিসদৃশ পৰিৱেশ ৷
বানত ঘৰ-ভেটি, কৃষিভূমি, পশুধন আদি সৰ্বস্ব হেৰুৱাই গৃহহীন হোৱা ৫০ টা পৰিয়ালে জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী বান শিবিৰত আছে । বিগত ২৯ জুনৰ পৰা ২৯ জুলাইলৈ তাত আশ্ৰয় গ্ৰহণ কৰি থকাৰ পিচত ৩০ জুলাইৰ পৰা বানাক্ৰান্ত ৰাইজক পুনৰ ন-কৈ নিৰ্মাণ কৰা জোনাই মহকুমা পুথিভঁৰাললৈ স্থানান্তৰ কৰে ৷
ইফালে চিয়াং, দিবাং আৰু দতুং নদীৰ ভয়ংকৰ বানত সৰ্বস্ব হেৰুৱাই গৃহহাৰা হৈ পৰা শিৱগুৰিৰ ৫০ টা পৰিয়ালে বিগত প্ৰায় ডেৰমাহে আশ্ৰয় শিবিৰত কণকণ শিশু সন্তান তথা পৰিয়ালক লৈ অনিশ্চয়তাৰে দিন কটাইছে ৷ দিন নহয়, এয়া দুৰ্দিন । বানত সৰ্বস্ব হেৰুৱাই আশ্ৰয় শিবিৰত থকা পৰিয়ালৰ লোকৰ কৰুণ বিননি, "আমাৰ ওপৰ কবু শিৱগুৰি গাঁওখন এতিয়া চিয়াং নদীৰ পানীয়ে বালি-পলস পেলাই মৰুভূমিসদৃশ কৰিলে । আমাৰ ঘৰ-বাৰীকে ধৰি খেতি-বাতি একোৱেই নাই ৷ প্ৰায় ডেৰমাহ কাল আমি শিবিৰত আছোঁ । শিবিৰত থকা প্ৰায় ৫০ টা পৰিয়ালক অসম চৰকাৰে মৰম-চেনেহ কৰি পুনৰ সংস্থাপনৰ সোনকালে ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ ৷"
গাঁওখনৰ আন এগৰাকী বাসিন্দাই নিজৰ দুখ-দুৰ্দশাৰ বৰ্ণনা দি কয়, "আমি এতিয়া ঘৰখনলৈ ঘূৰি যাব নোৱাৰোঁ । গাঁওখনত ঘৰ-বাৰী, খেতি-বাতি একো নাই । খহনীয়াত চিয়াং নদীৰ বুকুত সকলো জাহ গ'ল । গাঁওখনত একোৱেই নাই, যি অকণনমান আছে সেয়াও বালি-পলসৰ মাজত । আমাৰ মিচিং মানহৰ ৫ ফুট উচ্চতাৰ চাংঘৰবোৰো এতিয়া বালি-পলসৰ তলত ।
নিজৰ অন্ধকাৰ ভৱিষ্যতৰ কথা সুঁৱৰি এগৰাকী বাসিন্দাই কয়, "আমাৰ গাঁওখন সম্পূৰ্ণৰূপে মৰুভূমি হৈ গ'ল । য'লৈকে চকু যায় তালৈকে সকলো বালি আৰু বালি ৷ আমাৰ সকলো ঘৰ পলসে পুতি পেলালে । আমাৰ মৰমৰ ঘৰখনলৈ বহুত মনত পৰে । কিন্তু কি কৰিম উপায় নাই । গতিকে অসম চৰকাৰে আমাক ঘৰ সাজি থাকিব পৰাকৈ সুবিধা কৰি দিলে ভাল হয় ৷"
আশ্ৰয় শিবিৰত থাকি নিজৰ আপোন গাঁওখনলৈ উভতি যাবলৈ ব্যাকুল হৈ থকা ব্যক্তিগৰাকীয়ে কয়, "এতিয়া আশ্ৰয় শিবিৰত আমি খোৱা-বোৱাত একো অসুবিধা পোৱা নাই । তথাপিও যিমান হ'লেও নিজৰ ঘৰখনৰ দৰে নহয় । ইয়াত বহুত অসুবিধা হয় ৷ আমাৰ বহু পোহনীয়া জীৱ-জন্তু পানীত উটি গ'ল । নিজৰ প্ৰাণটো কিবাপ্ৰকাৰে বচোৱাৰ বাহিৰে একোৱেই বচাব নোৱাৰিলোঁ ৷"
সেয়ে বানত সৰ্বস্ব হেৰুৱাই আশ্ৰয় শিবিৰত থকা ৫০ টা পৰিয়ালৰ চৰকাৰলৈ এটাই আবেদন- তেওঁলোকক শীঘ্ৰে নিৰাপদ স্থানত স্থায়ীভাৱে সংস্থাপিত কৰাওক ৷