তিনিচুকীয়া: আজি অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ শিল্পীগৰাকী চিৰদিনৰ বাবে হেৰাই যোৱা ১৩ টা বছৰ হ'ল ৷ লুইতৰ দুয়োপাৰে মঙলবাৰৰ দিনটোত কেৱল শুনা গ'ল সুধাকন্ঠৰ কালজয়ী গীতৰ গুঞ্জন ৷ কি শদিয়া কি ধুবুৰী ! সকলোতে একেই ৷ সুধাকণ্ঠক স্মৰণ কৰি সকলোতে সুধাকণ্ঠৰ সৃষ্টিৰাজীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছে ।
ইয়াৰ মাজতে তিনিচুকীয়া জিলাৰ ডুমডুমাত প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি অনুষ্ঠিত হ'ল এক বিশেষ অনুষ্ঠান- "প্ৰতিধ্বনি শুনো মই... ৷"
সুধাকণ্ঠৰ এগৰাকী অনুৰাগীৰ একক প্ৰচেষ্টাৰে এক বিশেষ অনুষ্ঠান (ETV Bharat Assam)
ড৹ ভুপেন হাজৰিকাক মনে প্ৰাণে ভাল পোৱা ডুমডুমাৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী সুজিত কুমাৰ বৰুৱা ৷ তেওঁৰেই মালিকানাধীন 'এলাইড গেছ ছাৰ্ভিচেছ' নামৰ প্ৰতিষ্ঠানটোৱে এককভাৱে অনুষ্ঠিত কৰে আজিৰ এই বিশেষ অনুষ্ঠানটোৰ ৷
ডুমডুমাৰ ঐতিহ্যমণ্ডিত অসমীয়া নাট্য মন্দিৰত অনুষ্ঠিত আজি সন্ধিয়াৰ এই বিশেষ অনুষ্ঠানটোৱে এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰে ৷ পদ্মশ্ৰী দুলাল মানকিকে ধৰি বহুকেইগৰাকী বিশিষ্ট শিল্পী, স্থানীয় ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকি সশ্ৰদ্ধ প্ৰণিপাত যাঁচে প্ৰাণৰ শিল্পীগৰাকীক ৷ '