অসম

assam

ETV Bharat / state

ধেমাজি গ্ৰন্থ উৎসৱত মননশীল আলোচনা: কোন দিশে ধাৱমান সংবাদ মাধ্যম-নৱপ্ৰজন্ম ? - DHEMAJI BOOK FAIR 2024

কেৱল টি আৰ পিকেন্দ্ৰিক সংবাদ মাধ্যমে সমাজৰ বাবে কেনে বাৰ্তা বহন কৰিছে ? ধেমাজি গ্ৰন্থ উৎসৱত ‘সংবাদ মাধ্যম আৰু নৱপ্ৰজন্ম‘ শীৰ্ষক আলোচনাচক্ৰ ৷

Dhemaji Book Fair 2024
ধেমাজি গ্ৰন্থ উৎসৱত ‘সংবাদ মাধ্যম আৰু নৱপ্ৰজন্ম‘ শীৰ্ষক আলোচনাচক্ৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 7:09 PM IST

Updated : Oct 29, 2024, 7:15 PM IST

ধেমাজি: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ আজি তৃতীয় দিনা গ্ৰন্থ উৎসৱৰ বাকৰিত অনুষ্ঠিত হয় " সংবাদ মাধ্যম আৰু নৱ প্ৰজন্ম " শীৰ্ষক এখনি গাম্ভীৰ্যপূৰ্ণ আলোচনাচক্ৰ ৷

লগতে পঢ়ক:আৰম্ভ হ'ল ধেমাজি তৃতীয় গ্ৰন্থ উৎসৱ ২০২৪

ধেমাজি গ্ৰন্থ উৎসৱত ‘সংবাদ মাধ্যম আৰু নৱপ্ৰজন্ম‘ শীৰ্ষক আলোচনাচক্ৰ (ETV Bharat Assam)

প্ৰায় তিনিশতাধিক গ্ৰন্থপ্ৰেমী উপস্থিত থকা আলোচনাচক্ৰখনত সমল ব্যক্তি হিচাপে অংশ লৈ যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ মহাশ্বেতা দেৱীয়ে সাম্প্ৰতিক সময়ত সংবাদমাধ্যমৰ ভূমিকা আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কে বিশদভাৱে ব্যাখ্যা কৰে ৷ তেওঁ বৰ্তমানৰ গোলকীকৰণৰ যুগত নৱপ্ৰজন্মই সংবাদ মাধ্যমৰ সৈতে সংপৃক্ত হ'ব নোৱৰাৰ কথা উল্লেখ কৰে আৰু ইয়াৰ কাৰণসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰে । ড৹ দেৱীয়ে আজিৰ নতুন প্ৰজন্ম কাইলৈ পুৰণি প্ৰজন্মলৈ পৰ্যবসিত হ'ব বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত প্ৰতিজনে নৱপ্ৰজন্মৰ চাহিদা, ৰুচি আৰু গতিধাৰাৰ সৈতে খাপ খুৱাই সংবাদ মাধ্যমক আগুৱাই নিবলৈ আহ্বান জনায় ৷

ধেমাজি গ্ৰন্থ উৎসৱত মননশীল আলোচনা: কোন দিশে ধাৱমান সংবাদ মাধ্যম আৰু নৱপ্ৰজন্ম ? (ETV Bharat Assam)

বিশিষ্ট শিক্ষাবিদগৰাকীয়ে লগতে কয়, "ইণ্টাৰনেট, ফেচবুক, ৱাটচএপকে ধৰি বিভিন্ন ডিজিটেল মাধ্যমত অতিপাত ব্যস্ত হৈ পৰিছে নৱপ্ৰজন্ম ৷ আলোচনী, সংবাদপত্ৰ পঢ়িবলৈ এওঁলোকে ইচ্ছা নকৰে ৷ মোবাইলৰ প্ৰতি বাঢ়ি আহিছে আসক্তি ৷ যাক নিয়ন্ত্ৰণ কৰিবলৈ উপায়হীন হৈ পৰিছে অগ্ৰজসকল ৷ তথাপি এই নতুন চামটোক উপেক্ষা নকৰি হাতত হাত ধৰি আগুৱাই নিবলৈ সচেষ্ট হ'ব লাগিব সংবাদ মাধ্যম ৷" তেওঁ এই দায়িত্ব পালন কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ৷ তেওঁ আৰু কয়, "সংবাদ মাধ্যমৰ প্ৰতি আজি যুৱ প্ৰজন্মৰ ধ্যান-ধাৰণা চিন্তা-চেতনা তৰল হৈ পৰিছে ৷ য’ত সম্পাদবিহীনভাৱে একাংশই নিজ ইচ্ছা মতে সামাজিক মাধ্যমত বাতৰি আকাৰত কিছুমান ঘটনা প্ৰচাৰ কৰে কোনো দায়িত্ববোধ নথকাকৈয়ে ৷ এনড্ৰয়ড ফোন এটি হাতত লৈয়ে সাংবাদিক হোৱা মানসিকতা গঢ় লৈ উঠা নিউ মিডিয়া ভিন্ন সামাজিক মাধ্যমৰে সৃষ্টি ৷ সমাজত সংবাদ মাধ্যমৰ ভূমিকা কি তাক ভাবিবলৈ কাৰো সময় নাই ৷"

লগতে পঢ়ক:ধেমাজি গ্ৰন্থ উৎসৱ : মুঠ ৬৫ টা প্ৰকাশন প্ৰতিষ্ঠান-পুথি বিক্ৰেতাই অংশ ল’ব

আনহাতে আজিৰ তাৰিখত একাংশ তথাকথিত টিভি চেনেলে কেৱল TRP ৰ বাবেই চাঞ্চল্যকৰধৰ্মী বাতৰিৰে দৰ্শকক আকৃষ্ট কৰাৰ কথা প্ৰকাশ কৰি দৰ্শকৰ ৰুচিক লৈয়ো তেওঁ প্ৰশ্নৰ অৱতাৰণা কৰে ৷ তদুপৰি 24 ঘন্টাই খবৰ খেদি ফুৰা সংবাদসেৱীসকলে সেই মতে নাপায় কৰ্মমৰ্যাদা ৷ মালিকগোষ্ঠীৰ স্বাৰ্থৰ বাবেই যেন একাংশ সাংবাদিকে অনিচ্ছাসত্বেও কাম কৰি আছে ৷" অধ্যাপিকা ড৹ মহাশ্বেতা দেৱীয়ে কয় ৷

ধেমাজি প্ৰেছ ক্লাৱৰ তত্ত্বাৱধানত আয়োজিত এই আলোচনাচক্ৰত ধেমাজি প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক প্ৰদুম্ন্য ভৰালীয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ বিপৰীতে সভাখন আঁত ধৰে জ্যেষ্ঠ সাংবাদিক দীপেন ভিতৰুৱাল কোঁৱৰে ৷

ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী দুৱৰাই সঞ্চালনা কৰা গুৰুত্বপূৰ্ণ আলোচনাচক্ৰখনিৰ উদ্বোধন কৰি ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি তথা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ উমাকান্ত শৰ্মাই বৰ্তমানৰ সাংবাদিকতা যথেষ্ট প্ৰত্যাহ্বানমূলক বুলি উল্লেখ কৰি আধুনিক প্ৰযুক্তিয়ে সংবাদ মাধ্যমক পূৰ্ণৰূপে গ্ৰাস কৰাৰ কৰিছে বুলি মন্তব্য কৰে ৷

Last Updated : Oct 29, 2024, 7:15 PM IST

ABOUT THE AUTHOR

...view details