কলিয়াবৰৰ বিমলা একাডেমীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কলিয়াবৰ, ২৮ ফেব্ৰুৱাৰী : বুধবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰী দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা ন'বেল বঁটা বিজয়ী চি ভি ৰমণৰ ৰমণ পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় । দেশৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগতে কলিয়াবৰৰ বিমলা একাডেমী বিদ্যালয়তো বুধবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ।
"অতীত-নতুনৰ সত্য-সন্ধান
নৱ ভৱিষ্যত তাৰ অন্বেষণ,
জ্ঞান-বিজ্ঞান, জীৱন নিৰূপণ,
বসুন্ধৰাক কৰি মন্থন;
প্ৰজ্ঞা-সাধনাৰ বাণী
বিমলা একাডেমী..." -এই বাণীকে সাৰোগত কৰি বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰি তুলিবলৈ অবিৰত চেষ্টা চলাই থকা কলিয়াবৰৰ এখন বিদ্যালয় হৈছে জখলাবন্ধাৰ বাঘজানস্থিত বিমলা একাডেমী । এই বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ যৌথ প্ৰচেষ্টাৰে ৰাজ্যৰ বিভিন্ন বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাত বিদ্যালয়খন জিলিকি উঠিবলৈ সক্ষম হৈছে ।
বিজ্ঞান দিৱসৰ দিনটোতে 'নৰ্থ ইষ্ট মেগা ছায়েন্স কম্পিটিচন'ত সফলতা লাভ কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই অনা বিমলা একাডেমীৰ পাঁচ ছাত্র-ছাত্ৰীক জনোৱা হয় । অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত 'নৰ্থ ইষ্ট মেগা ছায়েন্স' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বিমলা একাডেমীৰ দুই ছাত্র-ছাত্ৰীৰ দলে । বিমলা একাডেমীৰ দুই ছাত্র-ছাত্ৰীৰ দলে 'নৰ্থ ইষ্ট মেগা ছায়েন্স' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰি বিদ্যালয়খনৰ লগতে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।
এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে বিমলা একাডেমীৰ ভায়'লিনা বৰা, অংশিতা বৰা আৰু অনিমেষ শইকীয়াৰ দলে । প্ৰথম পুৰস্কাৰ লাভ কৰা দলটিয়ে মেটেকাৰ পৰা ছেনিটেৰী পেড তৈয়াৰ কৰাৰ ব্যতিক্ৰমী উদ্ভাৱনী চিন্তাৰ প্ৰশংসনীয় পদক্ষেপৰ বাবে ভূয়সী প্ৰশংসা লাভ কৰিছে । আনহাতে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে বিমলা একাডেমী বিদ্যালয়ৰ বিনায়ক উপাধ্যায় আৰু আৰমান শ্বেখৰ দলটোৱে । দলটিয়ে বেটাৰীচালিত বাহনৰ দীৰ্ঘ দূৰত্ব অতিক্ৰমৰ সময়ত হোৱা সমস্যাৰ বিষয়ে অধ্যয়ন কৰি এই সমস্যা নোহোৱা কৰিবলৈ কেইবাটাও উপায় উদ্ভাৱন কৰি দ্বিতীয় পুৰস্কাৰ লাভ কৰে ।
উল্লেখযোগ্য যে প্ৰথম পুৰস্কাৰ লাভ কৰা দলটোৱে বঁটা, মানপত্ৰ আৰু ছিংগাপুৰ ভ্ৰমণৰ লগতে মুম্বাইৰ এনজিঅ'ৰ লগত কাম কৰিবলৈ সুবিধা লাভ কৰে । আনহাতে, দ্বিতীয় পুৰস্কাৰ লাভ কৰা দলটোৱে গোৱা ভ্ৰমণৰ সুবিধা লাভ কৰে । দুয়োটা দলৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছিল বিমলা একাডেমীৰ বিজ্ঞান শিক্ষক যতীন বৰা ।
লগতে পঢ়ক :অসমৰ কেইবাগৰাকী শিল্পীলৈ সংগীত নাটক অকাদেমিৰ সন্মান