বৰপেটা: বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছাত্ৰাৱাসৰ কোঠাত এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বৰপেটা চহৰৰ শান্তিনগৰস্থিত ছাত্ৰাৱাসৰ কোঠাত চিপজৰী লোৱা অৱস্থাত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত ছাত্ৰজন গুজৰাটৰ নাবচাৰী জিলাৰ হনুমানবাড়ীৰ বিকাশ ভোয়া বুলি চিনাক্ত কৰা হৈছে । স্নাতকোত্তৰ শাখাৰ তৃতীয় সান্মাষিকৰ ছাত্ৰ আছিল বিকাশ ৷ বিকাশে এম বি বি এছৰ পাঠ্যক্ৰম সমাপ্ত কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শৈল্য বিভাগত স্নাতকোত্তৰ কৰি আছিল ।
মৃত বিকাশ ভোয়া নামৰ ছাত্ৰজন বৰপেটা মেডিকেল কলেজত চলি আছিল ফাইনেল পৰীক্ষা ৷ আজি পুৱা ছাত্ৰাবাসৰ কোঠা বন্ধ থকাত ৰান্ধনিয়ে আহি মতাৰ পিচতো সঁহাৰি নাপায় ৷ তেওঁ লগে লগে আন ছাত্ৰসকলক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ লগে লগে ছাত্ৰসকল আহি বিকাশৰ কোঠালীত ওচৰত উপস্থিত হয় আৰু দুৱাৰ ভাঙি কোঠাত প্ৰৱেশ কৰে ৷
ছাত্ৰসকলে কোঠাটোৰ চিলিং ফেনত বিকাশক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে আৰু বৰপেটা আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ বৰপেটা আৰক্ষী লগে লগে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় ৷