অসম

assam

ETV Bharat / state

স্কুল বাছ দুৰ্ঘটনা: কথমপি প্ৰাণৰক্ষা শিক্ষাৰ্থীৰ - Moving school bus fell down - MOVING SCHOOL BUS FELL DOWN

Moving school bus fell down: পশ্চিম নলবাৰীৰ ককয়াত স্কুল বাছ দুৰ্ঘটনা । কথমাপি প্ৰাণৰক্ষা ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ । চলন্ত অৱস্থাতে পথৰ পৰা পথাৰত বাগৰি পৰে বাছখন ।

Moving school bus fell down
স্কুল বাছ দুৰ্ঘটনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 2:21 PM IST

নলবাৰী, ১৩ জুলাই : নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ ককয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । চলন্ত অৱস্থাতে পথৰ পৰা পথাৰত বাগৰি পৰে এখন স্কুল বাছ । সৌভাগ্যক্ৰমে চালকসহ প্ৰায় ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনোমতে প্ৰাণৰক্ষা পৰে ৷ নলবাৰীত সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷ পশ্চিম নলবাৰীৰ গোপাল চন্দ্ৰ একাডেমীৰ AS 14C-7909 নম্বৰৰ স্কুল বাছখন স্কুললৈ গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পথাৰত বাগৰি পৰে ৷

স্থানীয় লোকৰ ভাষ্য (ETV Bharat Assam)

লগতে পঢ়ক :শিলচৰত সুৰামত্ত চালকে মহতিয়াই নিলে ১০ জনৰো অধিক লোকক - Hit and run incident in Silchar

পুৱা প্ৰায় 9 মান বজাত AS 14C-7909 নম্বৰ স্কুল বাছখনে জাগাৰা, গোৱালপাৰা, ককয়া আদি অঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক কঢ়িয়াই গোপাল চন্দ্ৰ একেডেমী স্কুললৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ উক্ত দুৰ্ঘটনাৰ উমান পাই লগে লগে ঘটনাস্থলীত ভিৰ কৰে স্থানীয় লোকে ৷ ততাতৈয়াকৈ আটাইকেইজন ছাত্ৰ-ছাত্ৰীকে উদ্ধাৰ কৰে তেওঁলোকে ৷ কোনো এগৰাকী ছাত্ৰ-ছাত্ৰীও দুৰ্ঘটনাটোত আহত হোৱা নাই যদিও দুৰ্ঘটনাটোৰ ফলত কিছু ছাত্ৰ-ছাত্ৰী হতাশগ্ৰস্ত হৈ পৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । সেয়ে ওচৰৰে হাস্পতাললৈ নি প্ৰাথমিক চিকিৎসা সম্পন্ন কৰাই স্থানীয় লোকে ।

লগতে পঢ়ক :বুলেট-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ : থিতাতে মৃত্যু দুজনৰ

স্থানীয় লোকে জানিবলৈ দিয়া মতে চালকজনে তীব্ৰ গতিত বাহনখন চলাই আহিছিল দীৰ্ঘদিনৰ পৰা । স্থানীয় লোকে চালকৰ অতপালিত পূৰ্বতেই আশংকা কৰিছিল দুৰ্ঘটনাৰ কথা । আজিৰ এই দুৰ্ঘটনাটো তীব্ৰ বেগৰ বাবেই হয় বুলি ব্যক্ত কৰে স্থানীয় লোকে । জানিব পৰা অনুসৰি, প্ৰাথমিক চিকিৎসাৰ পিচত পুনৰ বিদ্যালয়লৈ পঠিওৱা হৈছে ছাত্ৰ-ছাত্ৰীসকলক ।

লগতে পঢ়ক :শিলচৰত সুৰামত্ত চালকে মহতিয়াই নিলে ১০ জনৰো অধিক লোকক - Hit and run incident in Silchar

ABOUT THE AUTHOR

...view details