অসম

assam

ETV Bharat / state

সোণৰ গহনা তথা যৌতুকবিহীন এখন বিয়া - gyanashree bora bittu sonowal

Gyanashree Bora news: দুই জাতীয়তাবাদী সত্ত্বাৰ গৰাকী বিতু সোণোৱাল আৰু জ্ঞানশ্ৰী বৰাৰ বিয়া ৷ বিতু-জ্ঞানশ্ৰীৰ বিয়াই সমাজলৈ এৰিছে এক যোগাত্মক বাৰ্তা ৷ জোৰোণত দৰা ঘৰৰ পৰা নালাগে সোণৰ গহনা আৰু বিয়াত নালাগে কইনা ঘৰৰ পৰা যৌতুক ।

By ETV Bharat Assamese Team

Published : May 8, 2024, 8:25 PM IST

gyanashree bora bittu sonowal wedding
চৰ্চাত এখন বিয়া (ETV BHARAT ASSAM)

দৰা-কইনাৰ ভাষ্য (ETV BHARAT ASSAM)

তিনিচুকীয়া, ৮ মে’: এসময়ত নিজৰ উদ্দাত্ত কণ্ঠ আৰু প্ৰতিবাদী সত্ত্বাৰে ৰাজ্যবাসীৰ মন জয় কৰিবলৈ সক্ষম হোৱা জ্ঞানশ্ৰী বৰাক হয়তো আপুনি পাহৰা নাই ৷ গোলাঘাটৰ কন্যা জ্ঞানশ্ৰী বৰা আছিল ৰাইজৰ দলৰ মুখপাত্ৰ আৰু এতিয়া গোৱালপাৰা মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত বৰা । সেইগৰাকী জ্ঞানশ্ৰী এতিয়া আগবাঢ়িছে যুগ্ম জীৱনৰ বাবে । কিন্তু বিয়াৰ এটা দিন পূৰ্বে জ্ঞানশ্ৰীয়ে সামাজিক মাধ্যমযোগে ৰাইজৰ আগত দি গ’ল এক সাহসী বাৰ্তা । জোৰোণ আৰু যৌতুকক লৈ জ্ঞানশ্ৰীয়ে কোৱা কথাখিনিয়ে মন চুই যাব আপোনাৰো ।

জ্ঞানশ্ৰী বৰাৰ বিয়া (ETV BHARAT ASSAM)

সাম্প্ৰতিক সমাজ ব্যৱস্থাত জোৰোণ আৰু যৌতুকক লৈ সংঘটিত হোৱা বহু ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । কিন্তু, এই সকলোবোৰৰ বিপৰীতে অতি ব্যতিক্ৰমীভাৱে সাহসী পদক্ষেপ গ্ৰহণ কৰি জ্ঞানশ্ৰীয়ে সমাজখনক দিয়াৰ চেষ্টা কৰিছে এই ইতিবাচক বাৰ্তা । জ্ঞানশ্ৰীয়ে ক’ল, ‘মোক জোৰণৰ দিনা দৰা ঘৰৰ পৰা সোণৰ গহনা নালাগে ।’ লগতে ক’লে, ‘মই যেতিয়া দৰাৰ ঘৰলৈ যাম তেতিয়া কেৱল মই ছোৱালীজনীহে যাম ।’ বোৱাৰী নিৰ্যাতনকে ধৰি মহিলাৰ ওপৰত হোৱা বৰ্ধিত গাৰ্হস্থ্য হিংসাৰ সময়ত মান্ধাতাকলীয়া সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই এইগৰাকী বলিষ্ঠ কণ্ঠৰ অধিকাৰী জ্ঞানশ্ৰীয়ে বিয়াৰ এদিন পূৰ্বে এইদৰেই বিলাই দিছে আন বহুবোৰ ইতিবাচক বাৰ্তা ৷

কইনাৰ সাজত জ্ঞানশ্ৰী বৰা (ETV BHARAT ASSAM)

জ্ঞানশ্ৰী বৰাৰ ঠিকনা এতিয়াৰে পৰা হ’ব তিনিচুকীয়া জিলাৰ মাকুম । কিন্তু জ্ঞানশ্ৰীৰ দৰা কোন আপুনি জানেনে ? জ্ঞানশ্ৰীৰ দৰা বিতু সোণোৱাল । হয় আপুনি ঠিকেই ভাবিছে । সেইগৰাকী বিতু সোণোৱাল যিগৰাকীয়ে কা বিৰোধী আন্দোলনৰ সময়ত ৭ মাহকৈ কাৰাবন্দীত্বৰ জীৱন কটাবলগীয়া হৈছিল ৷ তিনিচুকীয়া জিলাৰ মাকুমৰ নিবাসী ৰবিন সোণোৱাল আৰু পুণ্যলতা সোণোৱালৰ জ্যেষ্ঠ পুত্ৰ বিতু সোণোৱাল ৷ বিতু সোণোৱাল বৰ্তমান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে ৷

বিয়াৰ চিঠি (ETV BHARAT ASSAM)

বৃহস্পতিবাৰে হ’ব লগীয়া দুয়োৰে বিবাহৰ নিমন্ত্ৰণী পত্ৰখনলৈ আপুনি মন কৰকচোন । আধুনিকতাৰ ধামখুমীয়াত পৰি এখন বিবাহৰ বাবে দৰা আৰু কইনাৰ পৰিয়ালে লাস-বিলাসেৰে সকলো আয়োজন কৰাৰ সময়ত হাতে লিখি ব্যক্তিক্ৰমী ৰূপত চপা কৰি উলিওৱা হৈছে এইখন নিমন্ত্ৰণী পত্ৰ । এই পত্ৰখনো ৰাইজৰ বাবে এতিয়া চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে । মনৰ মিলনেৰে সাম্প্ৰতিক সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই সাহসেৰে আগুৱাই অহা জ্ঞানশ্ৰী বৰা আৰু বিতু সোণোৱালৰ যুগ্ম জীৱনলৈ আমাৰ তৰফৰ পৰাও থাকিল অশেষ শুভকামনা ।

লগতে পঢ়ক :প্ৰেছ বিবৃতিযোগে অসমীয়া ছবি "প্ৰতিশ্ৰুতি" উপভোগ কৰিবলৈ আহ্বান আলফা(স্বা) ৰ - Pratishruti

ABOUT THE AUTHOR

...view details