অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

তেজপুৰত অহিংস নীতিৰ বাণী বিলালে মহাত্মা গান্ধীয়ে ! - Mahatma Gandhi In Assam

Mahatma Gandhi birth anniversary: গান্ধী জয়ন্তীৰ দিনা তেজপুৰৰ ৰাজপথত পৰিভ্ৰমণ কৰিলে মহামানৱ মহাত্মা গান্ধীয়ে ! চৌদিশে চলি থকা যুদ্ধ, হিংসাৰ বাতৰিয়ে জুৰুলা কৰাৰ সময়ত অহিংস নীতিৰে সমাজ ব্যৱস্থা পৰিচালনা কৰাৰ আহ্বান মহাত্মা গান্ধীৰ ! পিছে গান্ধীৰূপী কোন এওঁ ?

Mahatma Gandhi hurls a message of non-violence on the streets of Tezpur
তেজপুৰত অহিংস নীতিৰ বাণী বিলালে মহাত্মা গান্ধীয়ে (ETV Bharat Assam)

তেজপুৰ,২ অক্টোবৰ:আজি গান্ধী জয়ন্তী । জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন । সমগ্ৰ দেশতে আজিৰ দিনটো জাতিৰ পিতাৰ নামত অৰ্পণ কৰা হয় । লগতে স্বচ্ছতাৰ পৰিৱেশ সৃষ্টি কৰিবৰ বাবেও আহ্বান জনোৱা হয় । আজিৰ দিনটোতে এজন সাধাৰণ লোকে অসাধাৰণ ৰূপ ধাৰণ কৰি সমাজলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে ।

তেজপুৰ চহৰৰ ৰাজপথত আজিৰ এই বিশেষ দিনটোত দেখা গ'ল এজন সাধাৰণ লোকক, নাম পৰিতোষ মণ্ডল । তেওঁ মহাত্মা গান্ধীৰ দৰে সাজ পৰিধান কৰি ঘূৰি ফুৰিছে । কাৰণ তেওঁ আজি ৰাইজক অৱগত কৰিব বিচাৰিছে যে গান্ধীৰ অহিংস নীতিৰ মাজেৰে সত্যতা প্ৰতিপন্ন কৰিবলৈ সময় আহি পৰিছে ।

তেজপুৰত অহিংস নীতিৰ বাণী বিলালে মহাত্মা গান্ধীয়ে (ETV Bharat Assam)

তেওঁ কয়- "মহাত্মা গান্ধীয়ে দি থৈ যোৱা অহিংস নীতিৰ মাজেৰেহে সমাজ ব্যৱস্থা পৰিচালিত হ'ব । সমগ্ৰ বিশ্বতে যি যুদ্ধৰ পৰিৱেশ সৃষ্টি হৈছে সেয়া অহিংস নীতিৰ মাজেৰে সমাধান হোৱাটো উচিত । যুদ্ধই শান্তি আনিব নোৱাৰে ।"

তেওঁ লগতে নৱ-প্ৰজন্মৰ লোকক আহ্বান জনাই কয়, "ছাত্ৰ-ছাত্ৰী বা যুৱ প্ৰজন্মৰ মাজত চৰিত্ৰপাঠৰ যিদৰে প্ৰয়োজন আছে, সেইদৰে মহাত্মা গান্ধীৰ অহিংস নীতি অৱলম্বন কৰিলেহে সমাজ ব্যৱস্থা জীয়াই থাকিব ।" তেওঁ কয়,"বিশ্বৰ বিভিন্ন দেশত একমাত্ৰ হিংসা যুদ্ধ । টেলিভিছনৰ পৰ্দাত একমাত্ৰ যুদ্ধ, হিংসা, হত্যা, বিভীষিকা ৷ কিন্ত এই সকলোবোৰ অহিংস নীতিৰ মাজেৰে সমাধান হোৱাৰ দৰকাৰ । শান্তিৰে সকলো সম্ভৱ, তাৰ বাবেই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ বৰ্তমান সময়ত অতি প্ৰয়োজনীয় ।"

লগতে পঢ়ক:তেওঁৰ শাৰীৰিক গঠন কিছু সুকীয়া, সেইবাবেই অনাদৃত হৈ আছিল সমাজত - Actor Debasish Bhuyan

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাবাস খালী কৰাৰ নিৰ্দেশক লৈ উত্তেজনা - Gauhati University

ABOUT THE AUTHOR

...view details