যোৰহাট:অ’ডি...এই বিলাসী বাহনখনৰ নামটো আপুনি নিশ্চয় শুনিছে ৷ অসমত এতিয়াও বহুতৰ বাবে অ’ডি এক বিলাসী সপোন ৷ কিন্তু তেনে এখন বিলাসী বাহন কোনোবাই তামোলৰ ঢকুৱাৰে ঢাকি থোৱা বুলি ক’লে আপোনাৰ বিশ্বাস হ’বনে ? তাকো অসমত...
আপুনি বিশ্বাস কৰকেই বা নকৰক অসমৰে এজন লোকে বিলাসী অ’ডি কিনি ঢাকি থ’লে তামোলৰ ঢকুৱা আৰু ট্ৰিপালেৰে ৷ মানুহজনে এনে কৰাৰ কাৰণ জানিলে আপুনি আচৰিত হ’ব ৷ গাড়ীখন আনে নেদেখিবলৈকে তেওঁ সেইদৰে লুকুৱাই ৰাখিছিল ৷
এতিয়া হয়তো আপুনি আকৌ ভাবিছে ৷ ইমান টকা খৰচ কৰি অ’ডিৰ নিচিনা এখন গাড়ী কিনাৰ পিছত কোনে বাৰু মানুহক নেদেখুওৱাকৈ থাকিব ৷ ঘৰত অ’ডি এখন থাকিলে বুকুখন 56 ইঞ্চি নহ’লেও 4 ইঞ্চিমানটো ফুলিবই দিয়কচোন ! কিন্তু এই মানুহজনৰ আকৌ অ’ডি কিনি বুকু ঢিপিং-ঢাপাংহে হৈ থাকে মাজে মাজে ৷ কিজানি কোনোবাই অ’ডিখন দেখে !
কিয় লুকুৱাই ৰাখিব খোজে অ’ডিখন ?
যিখন অ’ডিৰ কথা আমি কৈ আছো, সেই অ’ডিখনৰ মালিক হ’ল প্ৰফুল্ল বৰা ৷ ঘৰ যোৰহাটৰ তিতাবৰত ৷ বিলাসী গাড়ীত উঠি ফুৰাৰ আশাতেই তেওঁ কিনিছিল অ’ডিখন ৷ কিন্তু মানুহক দেখুৱাবলৈ ভয় কৰি লুকুৱাই ৰাখি তামোলৰ ঢকুৱা আৰু ট্ৰিপালেৰে ৷ তাকো নিজৰ ঘৰত নহয়, জ্যেষ্ঠ ভাতৃৰ ঘৰত লুকুৱাই ৰাখিছিল অ’ডিখন ৷ কাৰণ অ’ডিখন কিনাৰ আঁৰত আছে এক ভয়ংকৰ জাল ৷
বেছিকৈ মুখমেলি ফাটিল কোৱাৰি
প্ৰফুল্ল বৰাই অ’ডিখন কিনিছিল বিনিয়োগৰ টকাৰে ৷ কিন্তু সেই টকা নিজৰ নাছিল ৷ ৰাজ্যৰ একাংশ নিবনুৱা যুৱকক লাখপতি হোৱাৰ সপোন দেখুৱাই প্ৰফুল্ল বৰাই তেওঁলোকক ধন বিনিয়োগ কৰোৱাইছিল TRADING FX নামৰ এক প্ৰতিষ্ঠানত ৷ তেওঁলোকে ভাবিছিল বিনিয়োগৰ বাবদ লাখ কৰা ধনেৰে লাখপতি হ’ব ৷ পিচে তেওঁলোক নহয়, লাখপতি হ’ল প্ৰফুল্ল বৰাহে ৷ গাড়ীয়ে-বাৰীয়ে সকলো কৰিলে বিনিয়োগৰ নামত সংগ্ৰহ কৰা ধনেৰে ৷ তিতাবৰৰ বিভিন্ন ঠাইত ল’লে মাটি, চলা-ফুৰা কৰিবলৈ কিনিলে অ’ডি ৷ পিচে অ’ডি চলাবলৈ নাপালে ৷