অসম

assam

ETV Bharat / state

এখন ৪০০ বছৰীয়া দুৰ্গা পূজা; কিন্তু নৱমী পূজাত অংশ নলয় এটা সম্প্ৰদায়ে...কিয় জানেনে ?

Raja Hauli Durga Puja: মঙলদৈৰ এখন বিশেষ পূজাত নৱমীত অংশ নলয় এটি ৰাজপৰিয়ালে । ঐতিহাসিক ৰজা হাউলীত অনুষ্ঠিত হয় এই প্ৰাচীনতম দুৰ্গা পূজা ।

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 1:41 PM IST

Raja Hauli Durga Puja
মঙলদৈৰ এখন ৪০০ বছৰীয়া দুৰ্গা পূজা (ETV Bharat Assam)

মঙলদৈ, ১১ অক্টোবৰ :শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উলাহত মতলীয়া এতিয়া ৰাজ্যবাসী । দুৰ্গা দেৱীৰ আৰাধনাৰ আধ্যাত্মিকতাৰ সমান্তৰালকৈ জাকজমকতা আৰু অত্যাধুনিক আৰু ব্যতিক্ৰমী সজ্জাৰে উজলি উঠিছে পূজা মণ্ডপবোৰ । ইয়াৰ বিপৰীতে আকৌ বহুতো প্ৰাচীনতম দুৰ্গা পূজাই পৰম্পৰাগত ৰীতি-নীতি অব্যাহত ৰাখি আধুনিকতাৰ পৰা সম্পূৰ্ণ নিলগত অৱস্থান কৰি কেৱল আধ্যাত্মিক দিশটোকহে গুৰুত্ব দিয়া দেখা গৈছে ।

তেনে এক আধুনিকতা বৰ্জিত আৰু কেৱল আধ্যাত্মিক পৰম্পৰাৰে চাৰি শতিকাৰো অধিককাল ধৰি এখন দুৰ্গা পূজা চলি আহিছে দৰং জিলাৰ মঙলদৈত । মঙলদৈৰ ৰজা হাউলীত এই পূজাখন পৰম্পৰাগত ৰীতি-নীতিৰে চলি আহিছে ।

এখন ৪০০ বছৰীয়া দুৰ্গা পূজাত নৱমী পূজাত অংশ নলয় এটা সম্প্ৰদায়ে (ETV Bharat Assam)

প্রায় ৪০০ বছৰৰো অধিক সময়ৰ পূৰ্বে এই পূজাখন আৰম্ভ কৰিছিল কোচ ৰজাই । দৰঙৰ কোচ ৰজাৰ দিনৰে পৰা আয়োজন কৰা এইখন পূজাত এতিয়াও বলি-বিধান কৰি পৰম্পৰাগতভাৱে দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে ।

কিন্তু ঐতিহাসিক দৰঙৰ কোচ ৰজা ধৰ্মনাৰায়ণৰ ৰজা হাউলীত অনুষ্ঠিত কৰা এই শাৰদীয় দুৰ্গা পূজাৰ মহা নৱমী পূজাত অংশগ্ৰহণ নকৰে কোচ ৰজাৰ বংশধৰসকলে । লগতে কামাখ্যা দেৱীৰ মন্দিৰো দৰ্শন নকৰে কোচ ৰাজপৰিয়াল অৰ্থাৎ নৰনাৰায়ণ-চিলাৰায়ৰ উত্তৰাধিকাৰী সতি-সন্ততিসকলে ।

জন প্ৰবাদমতে মা কামাখ্যা দেৱীয়ে কোচ ৰজা নৰনাৰায়ণৰ সেনাপতি চিলাৰায়ক কামাখ্যা দৰ্শন কৰিব নোৱাৰে বুলি অভিশাপ প্ৰদান কৰিছিল । উক্ত প্ৰবাদ অনুসৰিয়েই ৰাজপৰিয়ালৰ কোনো লোকে অৰ্থাৎ নৰনাৰায়ণ-চিলাৰায়ৰ উত্তৰাধিকাৰীসকলে নৱমীৰ দিনটোত মা কামাখ্যা দেৱীৰ পূজা-অৰ্চনা কৰা হয় বাবে এই পূজাত ভাগ নলয় ।

অৱশ্যে এই নৱমীৰ দিনটোত তেওঁলোকে ৰাইজৰ বাবে পূজাভাগ আগবঢ়াই দিয়ে আৰু ৰাইজে সমগ্ৰ দিনটোৰ কাৰ্যসূচীসমূহ আগবঢ়াই নিয়ে । কোচ ৰাজপৰিয়ালে এই দিনটোত ঘৰৰ পৰাই সেৱা জনায় আৰু ৰাজ পুৰোহিতে ঘৰলৈ গৈ পুষ্পাঞ্জলি, হোমৰ ফোঁট, দেৱীৰ আশিস প্ৰদান কৰে । উল্লেখ্য যে পৰম্পৰাগতভাৱে আজিৰ দৰে ৪০০ বছৰ আগৰ পৰাই এনেধৰণে চলি আহিছে এই পূজা আৰু আজিও কোচ ৰাজপৰিয়ালে এই নীতি-নিয়মসমূহৰ মাজেৰে দুৰ্গা পূজা উদযাপন কৰি আহিছে ।

তাৎপৰ্যপূৰ্ণ কথা যে ১৬ শতিকাৰ শেষৰ ফালে অসমত পোন প্ৰথমবাৰৰ বাবে কোচসকলে অসমত দুৰ্গা পূজা অনুষ্ঠিত কৰিছিল । লগতে কোচ ৰাজপৰিয়ালৰ দুৰ্গা পূজাৰ অন্য এক বৈশিষ্ট্যও আছে । সেয়া হৈছে দুৰ্গা দেৱীৰ ৰং ৰঙা । ইয়াৰ অন্তৰালতো এক বিশ্বাস আছে । বিশ্বাস অনুযায়ী ৰজা যেতিয়া দিগ্বিজয়লৈ যায় তেতিয়া ৰঙা ৰং সানি ৰক্তবীৰ হৈ দিগ্বিজয় আৰম্ভ কৰে । সেইবাবেই তাহানিৰ পৰাই কোচ ৰজাসকলে অনুষ্ঠিত কৰি অহা দুৰ্গা পূজাত মা দুৰ্গাৰ ৰং ৰঙা ।

লগতে পঢ়ক :বৈদিক পৰম্পৰাৰে ৫১০ বছৰ ধৰি চলি আহিছে এইখন দুৰ্গা পূজা
লগতে পঢ়ক :বলি-বিধানৰ পৰিৱৰ্তে উছৰ্গা প্ৰথাৰে চলি আহিছে 250 বছৰীয়া ঐতিহাসিক দেৱী দ'লৰ দুৰ্গা পূজা

ABOUT THE AUTHOR

...view details