তিনিচুকীয়া, ৩০ জুলাই: তিনিচুকীয়া জিলাৰ শদিয়াত এগৰাকী ১২ বছৰীয়া কিশোৰক অৰুণাচলত অপহৰণ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পথত সংঘটিত হয় এই অপহৰণকাণ্ড ৷ অপহৃত কিশোৰটি নৰ বাহাদুৰ ছেত্ৰীৰ পুত্ৰ ৰোহিত বাহাদুৰ ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে ৷
কিশোৰটিৰ পিতৃ কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশতবাস কৰে:
গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ব (ETV Bharat Assam) অপহৃত কিশোৰটিৰ পিতৃ নৰ বাহাদুৰ ছেত্ৰী শদিয়াৰ যদিও তেওঁ কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত বাস কৰে ৷ অৰুণাচল প্ৰদেশৰ ২৮ মাইলত এটা গৰুৰ খুঁটিত কাম কৰে পৰিয়ালটোৱে ৷ সেইসূত্ৰে কিশোৰগৰাকীয়ে তেজু প্ৰাইমেৰী স্কুলত অধ্যয়ন কৰিছিল ৷ স্কুলৰ পৰাই ঘৰলৈ গৈ থকা অৱস্থাতেই ২২ জুলাইত দিন দুপৰতে কিশোৰটিক অপহৰণ কৰে দুৰ্বৃত্তৰ এটা দলে ।
লগতে পঢ়ক:তিনি যুৱকৰ নিকৃষ্টকাণ্ড: 15 বছৰীয়া কিশোৰীক অপহৰণ আৰু দলৱদ্ধ ধৰ্ষণ - minor girl kidnapped and gang raped
কিশোৰটিৰ পিতৃক মুক্তিপণ বিচাৰি ফোন অপহৰণকাৰীৰ:
ফোনত বাৰ্তালাপ (ETV Bharat Assam) কিশোৰটিক অপহৰণ কৰাৰ পাচতে পিতৃ নৰ বাহাদুৰ ছেত্ৰীক মুক্তিপণ বিচাৰি ফোন কৰে অপহৰণকাৰী দলটোৱে ৷ দাবী কৰা ধন দিব নোৱাৰিলে কিশোৰটিক হত্যা কৰাৰ ভাবুকি দিয়ে অপহৰণকাৰী দলটোৱে ৷ প্ৰথম অৱস্থাত পৰিয়ালটোৱে কিশোৰটিৰ লগত কোনো অঘটন সংঘটিত হোৱাৰ ভয়ত নিৰুপায় হৈ পৰে ৷ পৰৱৰ্তী সময়ত শদিয়া আৰক্ষীৰ কাষ চাপে পৰিয়ালটো ৷
শদিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা:
শদিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ পাচতে অলপ পলমকৈ পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ ৷ তাকে লৈ এতিয়া তিনিচুকীয়া জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷
লগতে পঢ়ক:নগাঁৱত পঞ্জাৱৰ পৰিয়ালক আক্ৰমণ কৰি যুৱতীক অপহৰণ : অপহৰণকাৰী হাৰিয়ানাৰ ! - Punjab Girl Kidnapped in Nagaon
ঘটনাৰে জড়িত দুজনক আটক আৰক্ষী:
অপহৰণকাৰী (ETV Bharat Assam) শদিয়াৰ কিশোৰগৰাকীক অপহৰণকাণ্ডৰ সৈতে জড়িত থকা সন্দেহত আজি আৰক্ষীয়ে দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ অপহৰণৰ ঘটনাৰ সৈতে জড়িত দুজনক কৰায়ত্ত কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা । দুই আটকাধীন অৰুণাচলী ক্ৰমে নাজুছ' তামাই আৰু গোবিন তামাং বুলি চিনাক্ত কৰা হৈছে ৷
ধৃত দুয়োজনৰ বিৰুদ্ধে পূৰ্বেও আছে ধনদাবীৰ অভিযোগ:
অপহৰণকাৰী (ETV Bharat Assam) ধৃত দুয়োজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও ধনদাবীৰ দৰে অভিযোগ উত্থাপন হৈছে ৷ অৱশ্যে আৰক্ষীয়ে বৰ্তমানলৈ অপহৃত ১২ বছৰীয়া কিশোৰগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । শদিয়া আৰু অৰুণাচল আৰক্ষীৰ সহযোগত শদিয়া আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ এটা দলে অৰুণাচলৰ বনাঞ্চলত কিশোৰজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:চাংলাঙৰ কয়লাখনিৰ শ্ৰমিক অপহৰণ : ২৪ ঘণ্টাৰ পাচতো নাই সন্ধান