বাক্সা :বজালী জিলাৰ সদৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হ'ল বহু অপেক্ষিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশন । পুৱা ৮-৩০ বজাত বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰাৰ লগে লগে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় । ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, গুৰু আসন প্ৰতিষ্ঠা কৰা হয় ।
অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ শুভাৰম্ভ
পুৱা ৯ বজাৰ লগে লগে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ উদ্বোধন কৰে । ইয়াৰ পিছতেই সাহিত্য সভাৰ মুখ্যদ্বাৰ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ অসম সৌৰভ কৃষ্ণ ৰয়ে । ইয়াৰ পিছত গুৰু প্ৰসাদ দাস বিজ্ঞান মেলাৰ উন্মোচন কৰে অসমৰ বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি কেইবাটাও বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ বিজ্ঞান মেলাত ভাৰতীয় সেনা বাহিনীৰ অস্ত্ৰসমূহো প্ৰদৰ্শন কৰা হৈছে ৷ ইয়াৰ দ্বাৰা জনসাধাৰণক ভাৰত চৰকাৰৰ শক্তি সম্পৰ্কে কিছু আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে ৷ একেদৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰীকাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক আৰু সাংসদ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনৰ কাৰ্যসূচীত উপস্থিত থাকে ।