গুৱাহাটী, ১৭ জুন : ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ ৷ বানৰ লগতে বিভিন্ন স্থানত হোৱা ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা । আনহাতে, অহা চাৰি-পাঁচদিনলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ প্ৰায়বোৰ অঞ্চলতে বৃষ্টিপাত অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে । এনে পৰিস্থিতিত ৰাজ্যত বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে ।
নদীৰ মথাউৰিলৈ ভাবুকি নামি আহিছে । ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ।
- ৭ জিলাৰ ৯৩ খন গাঁও প্লাবিত :
বানৰ কবলত পৰিছে ন ন অঞ্চল । বানৰ লগতে খহনীয়াৰ তাণ্ডৱো অব্যাহত আছে । মানাহ নৈয়ে সতর্কতাসীমা অতিক্রম কৰিছে যদিও বিপদসীমাৰ তলেৰে বৈ আছে । ৰাজ্যত অহা কেইদিনমানলৈ বৰষুণৰ গতিবিধি চলি থকাৰ সম্ভাৱনালৈ চাই আন কেইবাখনো নৈ-উপনৈৰ জলস্তৰ ক্ৰমে দ্রুতভাৱে বুদ্ধি পাব বুলি কেন্দ্রীয় জল আয়োগে সতৰ্ক কৰি দিছে ।
নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কেইবাটাও অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে, দেওবাৰে বিয়লি প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ ৭ খন জিলাৰ ৯৩ খন গাঁও বানৰ কবলত পৰিছে । অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ সাতখন জিলা - বাক্সা, বৰপেটা, বঙাইগাঁও, ধেমাজি, গোৱালপাৰা, কৰিমগঞ্জ আৰু দক্ষিণ শালমাৰা জিলাৰ ৯ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৩খন গাঁও সম্প্ৰতি বানৰ কবলত পৰিছে ।
লগতে পঢ়ক :বানৰ কবলত ৰাজ্যৰ দহখন জিলা, কালৰূপী বানত বৰ্তমানলৈ শিশুসহ ১৮ জনৰ মৃত্যু - ASSAM FLOOD 2024
বানৰ ফলত কৰিমগঞ্জ সর্বাধিক প্রভাৱিত হৈছে । জিলাখনৰ ৭৭খন গাঁও বানত বুৰ গৈছে । বঙাইগাঁও, ধেমাজি আৰু গোৱালপাৰা প্ৰতিখন জিলাৰে ৪ খনকৈ গাঁওসহ মুঠ ১২খন গাঁও প্লাৱিত হৈছে । দক্ষিণ শালমাৰাৰ ২খন, বৰপেটা আৰু বাক্সাৰ এখনকৈ গাঁও শেহতীয়াকৈ বানৰ কবলত পৰিছে । বানৰ ফলত এতিয়ালৈকে প্ৰভাৱিত হৈছে প্রায় ছহেজাৰ লোক । কৰিমগঞ্জত তিনিটা বান আশ্রয় শিৰিত প্ৰায় এহেজাৰ বানাক্ৰান্তই আশ্ৰয় লৈ আছে ।
- কৰিমগঞ্জ জিলা আৰু ধেমাজিত ভয়াৱহ পৰিস্থিতি:
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে কৰিমগঞ্জ জিলা আৰু ধেমাজি জিলাৰ ১০০ খন অধিক গাঁও বানৰ কবলত পৰিছে । বানৰ ফলত কৰিমগঞ্জ জিলাৰ ৭৭ খন আৰু ধেমাজিৰ ৪ খন গাঁও পানীত বুৰ গৈছে । বানৰ ফলত কৰিমগঞ্জ আৰু ধেমাজিৰ ১২ শৰো অধিক লোক প্ৰভাৱিত হৈছে । কৰিমগঞ্জত বন্যাক্রান্তক উদ্ধাৰৰ বাবে স্থানীয় ৰাইজে ৮ খন নাও সাজু কৰি ৰাখিছে ।
ধেমাজি জিলা আৰু অৰুণাচল প্ৰদেশত কালি নিশাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত গাই নৈৰ বাঢ়নী পানীয়ে চিচিবৰগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত কেৰেকনি অঞ্চলটো প্লাৱিত কৰিছে । আজি নিচেই পুৱাৰ পৰা দ্ৰুতগতিত বৃদ্ধি পোৱা গাই নৈৰ বাঢ়নী পানী সোঁ পাৰৰ উন্মুক্ত হৈ থকা অংশইদি সোমাই কৰেকনি গাঁৱৰ বৃহৎ অংশ প্লাৱিত কৰে ।
লগতে পঢ়ক :শীঘ্ৰেই নিয়ন্ত্ৰণলৈ আহিব কপিলীয়ে সৃষ্টি কৰা বানৰ প্ৰকোপ - Assam Flood 2024
কেৰেকনি গড়কাপ্টানি পথৰ লগতে শতাধিক পৰিয়ালৰ ঘৰবাৰী, পথাৰ সকলো প্লাৱিত কৰে বাঢ়নী পানীয়ে । কেৰেকনি গড়কাপ্টানি পথৰ ওপৰত বাঢ়নী পানীয়ে বোৱঁতী নৈৰ সৃষ্টি কৰে । কেৰেকনি অঞ্চলৰ লগতে এক নং বৰাচিৰা, দুই নং বৰাচিৰা, বামগাঁও, জামুগুৰি, কল্পনাপুৰ, ঘিলাগুৰি, কৈৱৰ্ত গাঁও আৰু গোসাঁই গাঁও পঞ্চায়তৰ বহুকেইখন গাঁৱৰ আৱাসিক অঞ্চল আৰু খেতিপথাৰ প্লাৱিত হৈছে ।
আনহাতে, মেঘালয়ৰ খুমছুলুমত ভূমিস্খলনৰ ফলত গুৱাহাটী-শিলচৰ সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যৱস্থা বহু সময় ধৰি ব্যাহত হৈ পৰে । ডিমা হাচাওতো ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা বিঘ্নিত হৈ পৰে নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী আৰু ডিব্ৰুগড় চহৰৰ কোনো কোনো অঞ্চল কৃত্রিম বানৰ কবলত পৰে ।
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী :
গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, উত্তৰ-পূব অসম আৰু দাঁতি কাষৰীয়া অঞ্চলৰ সমুদ্ৰ গড় পৃষ্ঠৰ ১.৫ কিলোমিটাৰৰ ওপৰত ঘূৰ্ণী বতাহৰ প্ৰভাৱ অব্যাহত আছে । মধ্য উত্তৰ প্ৰদেশৰ পৰা উত্তৰ পশ্চিম বিহাৰ, পশ্চিম বংগ, অসম হৈ পূব মেঘালয়লৈকে সমুদ্র গড় পৃষ্ঠৰ ০.৯ কিলোমিটাৰৰ ওপৰত নিম্ন চাপ নমনৰ দীঘলীয়া অঞ্চল বিৰাজমান ।
ইয়াৰ প্ৰভাৱত অহা ১৯ জুনলৈকে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মণিপুৰ, নগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰপৰা মজলীয়া বৰষুণ হ'ব ।
লগতে পঢ়ক :কালৰূপী বানত শিশুসহ ১১ জনৰ মৃত্যু, দহখন জিলাৰ ছয় লক্ষাধিক লোক ক্ষতিগ্ৰস্ত - Assam Flood 2024
কোনো কোনো অঞ্চলত বিজুলী ঢেৰেকনিৰে প্ৰৱলৰপৰা অতি প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে। ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, মৰিগাঁও, নগাঁও আৰু হোজাই জিলাত অহা ১৭ জুনত ৰেড এলার্ট জাৰি কৰা হৈছে। আনহাতে, দক্ষিণ শালমাৰা, মানকাছাৰ, কোকৰাঝাৰ, চিৰাং, বাক্সা, বজালী, তামুলপুৰ আৰু নলবাৰী জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।
- ৰে’লগাড়ীৰ যাত্ৰা বাতিল :
লামডিং-বদৰপুৰ অংশত কেইবাখনো ৰেলগাড়ীৰ যাত্ৰা বাতিল শিলচৰ-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, ৰঙিয়া শিলচৰ এক্সপ্ৰেছ আৰু গুৱাহাটী-দুল্লবচেৰা এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে । আনহাতে, কাইলৈ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ, শিলচৰ গুৱাহাটী এক্সপ্ৰেছ, দুল্লৱচেৰা এক্সপ্ৰেছ, শিলচৰ ৰঙিয়া এক্সপ্ৰেছ আৰু নিউ তিনিচুকীয়া-শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই জনাইছে ।
মুষলধাৰ বৰষুণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই আজি আৰু কাইলৈ লামডিং বদৰপুৰৰ পাহাৰীয়া অংশত কেইবাখনো ৰেলগাড়ীৰ, চলাচল বাতিল কৰিছে ।
- কেন্দ্রীয় জল আয়োগৰ তথ্য :
ইপিনে কেন্দ্রীয় জল আয়োগে জনোৱা মতে, বঙাইগাঁৱৰ মানাহ ৰাষ্ট্ৰীয় ঘাইপথ ক্ৰছিঙৰ মানাহ নৈ সতৰ্কতা সীমাৰ ০.৭১ মিটাৰ ওপৰেৰে বৈ আছে যদিও বিপদসীমা অতিক্ৰম কৰা নাই । আনহাতে, ৰাজ্যত বৰষুণৰ গতিবিধি অব্যাহত থকাৰ সম্ভাৱনালৈ চাই অহা দুই-তিনিদিনত কৰিমগঞ্জত বৰাক আৰু কুশিয়াৰা, শিৱসাগৰত দিচাং, বঙাইগাঁৱত মানাহ, যোৰহাটত ব্ৰহ্মপুত্ৰ আৰু নলবাৰীত পাগলাদিয়া নৈৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক :পুনৰ ভয়াৱহ বানৰ আশংকা : সম্ভাব্য পৰিস্থিতিৰ বাবে জিলা আয়ুক্তলৈ এশ কোটি টকা মঞ্জুৰ - Assam Flood 2024