অসম

assam

ETV Bharat / state

নকৈ নিৰ্মিত বহা গৃহত প্ৰৱেশ শ্ৰীশ্ৰী ভোগপুৰ সত্ৰৰ বৈষ্ণৱৰ - SRI SRI BHOGPUR SATRA

১.৫২ কোটি টকাৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে ঐতিহাসিক ভোগপুৰ সত্ৰৰ ৭ খনকৈ বহা ৷

Glorious Heritage Of Majuli Satras
মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী ভোগপুৰ সত্ৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 6 hours ago

মাজুলী :সত্ৰপীঠ মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী ভোগপুৰ সত্ৰৰ বাবে এটা ভাল খবৰ । অসমৰ ভিতৰতে এখন লেখত ল’বলগীয়া সত্ৰ হৈছে ঐতিহাসিক ভোগপুৰ সত্ৰ । এই সত্ৰৰ বিভিন্ন কলা-সংস্কৃতিয়ে বিশ্ব দৰবাৰত সত্ৰখনৰ লগতে মাজুলীৰ নাম জিলিকাবলৈ সক্ষম হৈছে ।

মাজুলীৰ সত্ৰসমূহ আজিৰ তাৰিখত বিভিন্ন সমস্যাৰ মাজেৰে চলি আছে, তাৰ ভিতৰত গৃহৰ সমস্যাটোও প্ৰধান । আজিৰ তাৰিখতো মাজুলীৰ বিভিন্ন সত্ৰৰ বৈষ্ণৱসকলে জৰাজীৰ্ণ গৃহতেই জীৱন অতিবাহিত কৰি আহিছে ।

মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী ভোগপুৰ সত্ৰ (ETV Bharat Assam)

২০২৩ বৰ্ষত ৰাস পূৰ্ণিমাৰ দিনা মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী ভোগপুৰ সত্ৰলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আহিছিল আৰু সত্ৰৰ বৈষ্ণৱসকল জৰাজীৰ্ণ গৃহত বাস কৰা দেখিবলৈ পাইছিল । তেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে এই গৃহসমূহ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ।

কেৱল প্ৰতিশ্ৰুতি দিয়াই নহয়, দুটা মাহৰ পাছতেই গৃহৰ কাম আৰম্ভ কৰিবলৈ ধনৰ অনুমোদন জনাই মুখ্যমন্ত্ৰী শৰ্মাই । তাৰ পাছত আজি প্ৰায় ১২ মাহৰ পাছত ১.৫২ কোটি টকাৰ পুঁজিৰে নতুনকৈ নিৰ্মাণ কৰা ৭ খনকৈ বহা ল’লে ঐতিহাসিক শ্ৰীশ্ৰী ভোগপুৰ সত্ৰৰ বৈষ্ণৱসকলে ।

মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী ভোগপুৰ সত্ৰ (ETV Bharat Assam)

দেওবাৰে নতুনকৈ নিৰ্মাণ কৰা বহাত সত্ৰৰ বৈষ্ণৱসকলে গৃহ প্ৰৱেশ কৰে । লগতে সত্ৰৰ বৈষ্ণৱসকলে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

সংবাদ মাধ্যমৰ জৰিয়তে সত্ৰখনৰ ফালৰ পৰা বৈষ্ণৱসকলে অসমৰ যিমান সত্ৰ আছে এই সত্ৰসমূহৰ বৈষ্ণৱসকলৰ গৃহসমূহ যাতে সুন্দৰকৈ সজাই তোলে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনায় ৷ ফলত সত্ৰৰ বৈষ্ণৱসকল গৃহৰ সমস্যাৰ পৰা কিছু পৰিমাণে হ’লেও সকাহ পাব বুলি তেওঁলোকে উল্লেখ কৰে ।

লগতে পঢ়ক :অ' হৰি মহো হো মহ খেইদবা টাঙোন ল’: আঘোণৰ পূৰ্ণিমাত ৰাজ্যৰ ঠায়ে ঠায়ে উদযাপন মহো-হো

ABOUT THE AUTHOR

...view details