তেজপুৰ, 20 জুন:আজি ২০ জুন অৰ্থাৎ ৰাভা দিৱস ৷ অসমৰ সাংস্কৃতিক জগতৰ নৱবিপ্লৱৰ সূচনা কৰা মহান মনিষী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি ৫৬ সংখ্যক মৃত্যু তিথি ৷ ১৯৬৯ চনৰ আজিৰ দিনটোতে এইগৰাকী মহান শিল্পীয়ে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰি আমাক সকলোকে এৰি থৈ যায় ৷
ৰাভা দিৱস উপলক্ষে বৃহস্পতিবাৰে পুৱা তেজপুৰৰ কলিবাৰীস্থিত সমাধিস্থলত উপস্থিত হৈ শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন কৰ্মকৰ্তা আৰু গুণমুগ্ধই জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি ৷ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ কৰ্মৰাজিক সোঁৱৰণ কৰে ৷ প্ৰতিকূল বতৰৰ মাজতে ৰাভাৰ সমাধিস্থলী গীত-মাতৰ লগতে ভিন্নৰঙী সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল হৈ পৰে ৷
বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে সংক্ষেপে: ১৯০৯ চনত জন্মগ্ৰহণ কৰা বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমৰ এগৰাকী সাংস্কৃতিক, সংগীত, নৃত্য, চিত্ৰকলা, সাহিত্যত দখলধাৰী ব্যক্তি ৷ সমান্তৰালকৈ ৰাজনীতিৰ ক্ষেত্ৰখনতো আছিল তেওঁৰ যথেষ্ঠ অৱদান ৷ সাংস্কৃতিক আন্দোলনৰ সমৰ্থক হিচাপে তেওঁ ধ্ৰুপদী আৰু লোক সাংস্কৃতিক পৰম্পৰাৰ বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি থৈ গৈছে ৷ অসমৰ সংস্কৃতিৰ গুৰিধঁৰোতা বুলি গণ্য কৰা অসমীয়া জনসাধাৰণে মৰমেৰে তেওঁক কলাগুৰু বুলি কয় ৷
ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ নেতৃত্বত সশস্ত্ৰ সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণৰ বাবে মাৰ্ক্সবাদীসকলে ৰাভাক "ছাইনিক চিলপি" (সৈনিক শিল্পী) বুলিও কয় ৷ ৰাভাৰ শিৱ বা নটৰাজৰ ভাও লৈ কৰা তাণ্ডৱ নৃত্য প্ৰদৰ্শনত সন্তুষ্ট হৈ ১৯৪১ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক প্ৰদান কৰে কলাগুৰু উপাধি ৷ তেতিয়াৰ পৰাই জনপ্ৰিয়ভাৱে ৰাভাক কলাগুৰু বুলি জনা যায় ৷
নিজৰ সৃষ্টিৰাজীৰে বিপ্লৱৰ সূচনা কৰা বিষ্ণু ৰাভাই কালজয়ী গীতৰে শোষিত-নিষ্পেষিতজনৰ আৰ্তনাদ গীত আৰু বিপ্লৱৰ মাধ্যমৰে প্ৰকাশ কৰিছিল ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আজি কোনে নাজানে ? সাত সাগৰ তেৰ নদীৰ সিপাৰেও উচ্চাৰিত হয় মহাপুৰুষজনাৰ নাম, উদ্ভাসিত হয় আদৰ্শ৷ যি অসমীয়া সমাজ ব্যৱস্থাৰ নৱ নিৰ্মাতা ৷ বিভেদহীন অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক, একেধাৰে একশৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক-প্ৰচাৰক ৷ য'ত নাছিল কোনো জাতিভেদৰ প্ৰসংগ ৷ বিপৰীতে মাথো আছিল মানৱপ্ৰেম ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই আদৰ্শকে সৰোগত কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমত জনগোষ্ঠীয় সমন্বয়-সম্প্ৰীতি প্ৰতিষ্ঠাৰ হকে হেজাৰ বাধাকো নেওচা দি অব্যাহত ৰাখিছিল সংগ্ৰাম ৷ দৰিদ্ৰ নিপীড়িতজনৰ মুক্তি-উদ্ধাৰৰ বাবে হাতত অস্ত্ৰ তুলি লোৱা বিষ্ণুপ্ৰসাদ ৰাভাই জনতাৰ কল্যাণৰ বাবে গীত-নাটক সৃষ্টি আৰু পৰিৱেশনৰে এখন বিভেদহীন মানৱ সমাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ছবি অংকন কৰি তেওঁৰ আদৰ্শক সমাজত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কৰা নাছিল কোনো কৃপণালি ৷
"রাজ্যে আছে দুইটি পাঠা
একটি কালো, এক সাদা
রাজ্যে যদি মংগল চাও
দুইটি পাঠাই বলি দাও”