দৰং: আজি ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস । এই উপলক্ষে ৰাজ্য়জুৰি এইগৰাকী বিশ্ব মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ৰাজ্য়ৰ আন ঠাইৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দৰং জিলা প্ৰশাসন, কোচ ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত মঙলদৈৰ গান্ধী ময়দানত অনুষ্ঠিত হয় এই দিৱসৰ কেন্দ্রীয় কাৰ্যসূচী ।
এই দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংস্কৃতিক পৰিক্ৰমা,উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই কয়, "অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ দিশত যিসকল পুৰোধা ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সেইসকলৰ অন্যতম হৈছে বিশ্ব মহাবীৰ চিলাৰায় ।" বিশ্ব মহাবীৰ চিলাৰায় এগৰাকী বহুধা বিভক্ত গুণসম্পন্ন ব্যক্তি বুলি উল্লেখ কৰি সাংস্কৃতিক মন্ত্রী বড়াই কয়, "ভাষা,সাহিত্য,সংস্কৃতি,আধ্যাত্মিকতা আৰু সমাজিক সংস্কাৰৰ দিশত বীৰ চিলাৰায়ে দেখুৱাই যোৱা আদৰ্শ অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ।"
অসমীয়া জাতিসত্তা নিৰ্মাণৰ এগৰাকী প্ৰধান খনিকৰ চিলাৰায়ে দুৰ্জেয় পৰাক্ৰমৰ সমান্তৰালকৈ জ্ঞানৰ গভীৰ সাধনা,কলা চৰ্চা আৰু অতুলনীয় সামৰ্থৰে জাতীয় জীৱনক নতুন পৰিধিৰ ব্যাপ্ত কৰি থৈ যোৱা বুলি মন্ত্রী বড়াই ভাষণত উল্লেখ কৰি কয়, "কোচ সাম্ৰাজ্যৰ সোণালী অধ্যায় চিলাৰায়ৰ কৰ্ম নিপুণতা আৰু দক্ষতাৰ সোণসেৰীয় জ্যোতিৰে আজিও জ্যোতিস্মান হৈ আছে । ইতিহাসৰ এনে এগৰাকী মহান নায়কক জন্মদিৱসত কৃতজ্ঞতাৰে স্মৰণেই হৈছে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি ।" তেওঁ মহাবীৰগৰাকীৰ আদৰ্শৰ চৰ্চা আৰু সাধনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনায় ।