অসম

assam

ETV Bharat / state

হস্তী-মানৱ সংঘৰ্ষ প্ৰৱণ গাঁৱত সৌৰ ষ্ট্ৰীটলাইট স্থাপন আৰণ্যকৰ - HUMAN ELEPHANT CONFLICT

Aaranyak installed solar streetlights : আৰণ্যকৰ প্ৰশংসনীয় পদক্ষেপ । হস্তী-মানৱ সংঘাত ৰোধৰ বাবে সৌৰ ষ্ট্ৰীট লাইট স্থাপন ।

Aaranyak Installed Solar Streetlights
হস্তী-মানৱ সংঘৰ্ষ প্ৰৱণ গাঁৱত সৌৰ ষ্ট্ৰীটলাইট স্থাপন আৰণ্যকৰ (ANI Photo)

By ANI

Published : Oct 7, 2024, 10:10 PM IST

নিউজ ডেস্ক, ৭ অক্টোবৰ : প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে প্ৰকৃতি সুৰক্ষা তথা বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । এইবাৰ আৰণ্যকে গ্ৰহণ কৰিছে আন এক প্ৰশংসনীয় পদক্ষেপ । বিশেষকৈ হস্তীকুলৰ উপদ্ৰৱ প্ৰৱণ এলেকাত হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে সংগঠনটোৱে ।

যিহেতু হস্তী-মানৱ সংঘৰ্ষ প্ৰভাৱিত এলেকাসমূহত ইয়াৰ প্ৰশমনৰ বাবে সৌৰ ষ্ট্ৰীট লাইট এক উপযুক্ত সঁজুলি হিচাপে প্ৰমাণিত হৈছে, সেয়ে ৰাজ্যখনৰ মুখ্য জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ সংগঠন আৰণ্যকে বি টি আৰৰ অধীনৰ কেইবাখনো জিলাত এই কাৰ্যসূচী গ্ৰহণ কৰিছে । বি টি আৰৰ অধীনস্থ ওদালগুৰি, বাক্সা আৰু তামুলপুৰ জিলাৰ 21 খন হস্তী-মানৱ সংঘাত প্ৰভাৱিত গাঁৱত এনে ধৰণৰ 30 টা সৌৰ ষ্ট্ৰীট লাইট স্থাপন কৰিছে ।

এই সৌৰ লাইটবোৰ শেহতীয়াকৈ স্থানীয় সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰি এছ বি আই ফাউণ্ডেচনৰ সমৰ্থনত স্থাপন কৰা হৈছে । ইয়াৰ উদ্দেশ্য হৈছে হস্তী-মানৱ সংঘাত প্ৰভাৱিত এলেকাবোৰত সন্ধিয়াৰ পিছত হাতীৰ সৈতে মানুহৰ মুখামুখি হোৱাৰ বিপদাশংকা হ্ৰাস কৰা ।

ইয়াৰ উদ্দেশ্য হৈছে এই সৌৰ ষ্ট্ৰীটলাইটবোৰেৰে সূৰ্যাস্তৰ পিছত চিনাক্ত কৰা অতি স্পৰ্শকাতৰ হস্তী-মানৱ সংঘাতৰ হটস্পটবোৰ আলোকিত কৰা, যাতে এই ঠাইবোৰত বনৰীয়া হাতীৰ উপস্থিতি গাঁওবাসীয়ে সুৰক্ষিত দূৰত্বৰ পৰা প্ৰত্যক্ষ কৰিব পাৰে । লগতে ইয়াৰ দ্বাৰা গাঁওবাসী আৰু বন্যহস্তীৰ মাজত যিকোনো অবাঞ্ছিত পৰিস্থিতি প্ৰতিহত কৰিব পৰা যায় । কিয়নো ইয়াৰ পোহৰত হাতী আৰু মানুহ উভয়ে নিজ নিজ সুৰক্ষিত স্থানত উপযুক্তভাৱে চলাচল কৰিব পাৰে ।

এই সন্দৰ্ভত আৰণ্যকৰ জ্যেষ্ঠ জীৱবিজ্ঞানী ডঃ আলোলিকা সিনহাই কয়, "সৌৰ লাইটবোৰ এনে স্থানত কৌশলগতভাৱে স্থাপন কৰা হৈছে, যিবোৰ স্থানীয় সম্প্ৰদায় আৰু হাতী সংৰক্ষণ নেটৱৰ্কৰ (ইচিএন) সদস্যসকলক অন্তৰ্ভুক্ত কৰি স্থানবোৰ চিনাক্ত কৰা হৈছে । ইয়াৰ দ্বাৰা হাতী আৰু মানুহ দুয়োকে দুৰ্ঘটনাৰ পৰা সুৰক্ষিত কৰা আৰু যিকোনো দুখজনক ঘটনা পৰিহাৰ কৰাত সহায় কৰাৰ কথা বিবেচনা কৰা হৈছে ।"

উল্লেখ্য যে অঞ্জন বৰুৱা, ৰাবিয়া দৈমাৰী, মনদীপ বসুমতাৰী, অভিজিত নাৰায়ণ, বিশ্ব তোছা, যোগেশ্বৰ বসুমতাৰী আৰু প্ৰদীপ বৰ্মনক লৈ গঠিত আৰণ্যকৰ এটা দলে হাতী সংৰক্ষণ নেটৱৰ্কৰ (Elephant Conservation Network, ECN) সদস্য আৰু স্থানীয় সম্প্ৰদায়ৰ অংশগ্ৰহণেৰে এই ৩০ টা সৌৰ ষ্ট্ৰীট লাইট স্থাপনৰ কাম সম্পূৰ্ণ কৰে ।

লগতে পঢ়ক :অনলাইন নিৰ্বাচন: বাট কাটি দিলে কানৈ কলেজে
লগতে পঢ়ক :অৱশেষত বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বন্ধৰ নিৰ্দেশ প্ৰত্যাহাৰ

ABOUT THE AUTHOR

...view details