গোলাঘাট, 29 জুন:ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । সমান্তৰালভাবে গোলাঘাট আৰক্ষীয়েও প্ৰায় প্ৰতিদিনেই চলাই গৈছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । ড্ৰাগছ বিৰোধী অভিযানত পুনৰ বৃহৎ সাফল্য লাভ কৰে গোলাঘাট আৰক্ষীয়ে ৷ গোলাঘাট অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে শুকুৰবাৰে জিলাখনৰ ফৰকাটিং আৰু নুমলীগড়ত ব্যাপক অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ লগতে তিনিখন চাৰিচকীয়া বাহন, এখন মটৰ চাইকেল জব্দ কৰে ৷
পৃথকে চলিল দুটাকৈ ড্ৰাগছ বিৰোধীঅভিযান
অভিযানৰ সময়ত আৰক্ষীয়ে তিনি গাঞ্জা সৰবৰাহকাৰীক হাতে-লোতে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ দলে ফৰকাটিঙৰ 1 নং তিৰোৱাল গাঁৱত অভিযান চলাই 2.032 কেজি গাঞ্জা জব্দ কৰাৰ লগতে বিজিত নাথ ওৰফে বনগুটি আৰু ত্ৰিদীপ গগৈক গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক:ঘাতকৰ ৰূপত মাৰাত্মক ড্ৰাগছ : পুত্ৰৰ আক্ৰমণত প্ৰাণ হেৰুৱালে মাতৃয়ে - Drugs addict son kills mother
ইফালে, জিলাখনৰ নুমলীগড়ত আৰক্ষীয়ে অভিযান চলাই 5 কেজি গাঞ্জাসহ লতাবাৰী আহোম গাঁৱৰ মাণিক আহমেদক গ্ৰেপ্তাৰ কৰে । শুকুৰবাৰে চলোৱা এই অভিযানত গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা, ফৰকাটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, নুমলীগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আৰক্ষীৰ জোৱানসকলেও সহযোগিতা আগবঢ়ায় ।