অসম

assam

ETV Bharat / state

মোৰ দুচকুৰে তুমি উপভোগ কৰা সাতোৰঙী পৃথিৱী... - MANGALDAI NIRIBILI OLD AGE HOME

পাৰিবাৰিক তথা বিভিন্ন কাৰণত বৃদ্ধাশ্ৰমত আশ্ৰয় লোৱা ককা-আইতাসকলৰো এটা বিশাল মন আছে । সমাজৰ বাবে কিবা এটা কৰাৰ হেঁপাহ আছে ।

Eye Donation
বৃদ্ধাশ্ৰমৰ আৱাসীৰ মহান নিদৰ্শন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 12 hours ago

মঙলদৈ :আজিৰ সময় এনে এক সময়, য‘ত মানৱতা ক্ৰমাৎ লোপ পোৱা সততে পৰিলক্ষিত হয় ৷ স্বাৰ্থকেন্দ্ৰিক চিন্তাধাৰাই মানুহক গ্ৰাস কৰিছে বুলি ক’লেও হয়তো অত্যুক্তি কৰা নহ’ব ৷ বিভিন্ন সময়ত বাটে-ঘাটে মানৱতা ভূলুণ্ঠিত হোৱাৰ দৃশ্য তেনেই সাধাৰণ হৈ পৰিছে ৷

কিন্তু ইয়াৰ মাজতো ক’ৰবাত হয়তো এতিয়াও মানৱতা জীয়াই আছে ৷ সমাজত ভাল মানুহ আছে বাবেই সমাজখন এতিয়াও তিষ্টি আছে ৷ আমি আজি তেনে কিছু মানুহৰ কথাই আপোনালোকৰ আগত ক’বলৈ আগবাঢ়িছো যিসকলে জীৱনৰ বিদায় বেলাতো বিলাইছে মানৱতাৰ বাৰ্তা ৷

বৃদ্ধাশ্ৰমৰ আৱাসীৰ মহান নিদৰ্শন (ETV Bharat Assam)

লক্ষণীয়ভাৱে তেওঁলোক নিজেই এনে একোজন একোজন ব্যক্তি যাৰ নিজৰ জীৱনেই কাঁইটেৰে ভৰা ৷ নিয়তিৰ পৰিহাস যে তেওঁলোকে নিজেই আকোঁৱালি ল’ব লগা হৈছে একাকীত্ব, এৰি আহিছে নিজৰ আপোন ঘৰখন ৷ তথাপিও তেওঁলোকে নিজৰ বিশাল মনৰ পৰিচয় দি আগবাঢ়িছে এক মহান উদ্দেশ্য আগত লৈ ৷

আমি ক’ব খোজা এই লোকসকল হৈছে অসমৰে এখন বৃদ্ধাশ্ৰমৰ ককা-আইতাসকল ৷ সমাজৰ বাবে কিবা এটা কৰি যোৱাৰ চিন্তাৰে ককা-আইতাসকলে লৈছে নেত্ৰদানৰ সিদ্ধান্ত । মৃত্যুৰ পিছতো তেওঁলোকৰ চকুজুৰিয়ে যাতে আন কোনোবা দৃষ্টিহীনৰ জীৱন পোহৰাই তুলিব পাৰে সেই মনোবাঞ্ছাৰেই এই পদক্ষেপ ৷

কিছু বছৰ পূৰ্বে দৰং জিলাৰ মঙলদৈ চপাইচৌকাত নিৰিবিলি বৃদ্ধ আৱাস স্থাপন হৈছিল । চৰকাৰী সাহাৰ্য অবিহনে পৰিচালক বিনয় কুমাৰ শৰ্মাৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা এই নিৰিবিলি বৃদ্ধ আৱাসৰ ককা-আইতাসকলেই এই মহান সিদ্ধান্ত গ্ৰহণ কৰিছে ।

শেহতীয়াকৈ আনক পৃথিৱীৰ পোহৰ দেখুওৱাৰ মহান উদ্দেশ্যৰে আশ্ৰমত থকা ২৯ গৰাকী ককা-আইতাই স্ব-ইচ্ছাই নেত্ৰদানৰ সিদ্ধান্ত ল'লে । বৃদ্ধাশ্ৰমখনৰ ককা-আইতাসকলে দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব শতাব্দী ভূঞাৰ উদ্যোগত চৰকাৰে নতুনকৈ লোৱা নৱ-দৃষ্টি প্ৰকল্পৰ অধীনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ উপস্থিতিত ১৫ ডিচেম্বৰত এই মহান কৰ্ম আনুষ্ঠানিকভাৱে সম্পন্ন কৰে ।

"নেত্ৰদান মহান দান । অন্ধসকলে যাতে এই পৃথিৱীখন চাব পাৰে তাৰ বাবে নেত্ৰদান কৰিছো ।" এই মন্তব্য এগৰাকী বৃদ্ধ আশ্ৰমৰ আৱাসীৰ । পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি বৃদ্ধ আশ্ৰমত আশ্ৰয় লোৱা আৱাসীয়ে নেত্ৰদানেৰে দেখুৱালে অন্যতম নিদৰ্শন ।

ঘৰুৱা অশান্তি, পুত্ৰ-কন্যা তথা আত্মীয়ৰ অত্যাচাৰ, আৰ্থিক অনাটন, গৃহহীন বা অন্য কিছু সমস্যাৰ বাবে আশ্ৰয় লোৱা এইসকল লোকৰো যে সমাজৰ বাবে কিবা এটা কৰাৰ দৃঢ় মনোবল, হেঁপাহ আছে সেই কথা ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে । এনে দৃশ্য বৰ্তমান সমাজত অতি বিৰল । ককা-আইতাসকলক দৰং জিলা আইন সেৱা প্ৰাধিকাৰীয়ে তেওঁলোকৰ মহান কৰ্মৰ বাবে আনুষ্ঠানিকভাৱে একোখনকৈ প্ৰশস্তি পত্ৰৰে সন্মানিতও কৰে । ককা-আইতাসকলৰ এই অৱদান অতুলনীয় । সমাজৰ বাবে ই এক দৃষ্টান্ত ।

ইফালে নেত্ৰদানৰ সিদ্ধান্ত লোৱা বৃদ্ধ আৱাসৰ ককা তাৰিণীকান্ত কুমাৰে কয়, "আমাৰ নেত্ৰদানৰ ফলত যদি পৃথিৱীৰ অন্ধ মানুহে মুক্তি পায়, তেওঁলোকে আমাৰ পৃথিৱীখন চাব পাৰে । তাৰ বাবে আমি নেত্ৰদান কৰিছো । নেত্ৰদান মহান দান বুলি ভাবি আমি আনন্দিত হৈছো । আমাৰ ভাৰতত বা অসমত যিসকল মানুহ আছো সকলোৱে নেত্ৰদান কৰিব লাগে ।"

লগতে পঢ়ক :আইনী জটিলতাত পঞ্চায়ত নিৰ্বাচন: ৯ জানুৱাৰী পর্যন্ত জাৰি কৰিব নোৱাৰিব অধিসূচনা - PANCHAYAT ELECTION

ABOUT THE AUTHOR

...view details