গুৱাহাটী :অসম জৈৱ বৈচিত্ৰ্য, বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰা আৰু বিশ্ব প্ৰসিদ্ধ চাহৰ বাবে বিশেষভাৱে জনাজাত । বিগত কেইবাশ বছৰৰ পৰা অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । চাহ বাগিচাসমূহ পৰ্যটকৰ বাবে এটি অনন্য আৰু আকৰ্ষণীয় অভিজ্ঞতাৰ সুযোগ সৃষ্টি কৰি আহিছে । লগতে অসমৰ বিভিন্ন ঠাইত থকা গ্ৰাম্য পৰ্যটনে পৰ্যটকসকলক আকৰ্ষিত কৰা দেখা গৈছে । অসমত ৰাষ্ট্ৰীয় অভয়াৰণ্য, ধৰ্মীয় মঠ-মন্দিৰ পৰ্যটকৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে যদিও শেহতীয়াকৈ অসম পৰ্যটন বিভাগে চাহ পৰ্যটন আৰু গ্ৰাম্য পৰ্যটনৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসমত চাহ পৰ্যটন আৰু গ্ৰাম্য পৰ্যটনৰ ওপৰত মনোনিৱেশ কৰিছে ।
এই সন্দৰ্ভত অসম পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ কুমাৰ বৰকটকীয়ে কয়,"অসমত ঘৰুৱা আৰু বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে চাহ পৰ্যটন আৰু গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে । চাহ পৰ্যটন আগৰ পৰাই অসমত চলি আছে যদিও এইবাৰ অসম চৰকাৰে প্ৰণালীবদ্ধভাৱে অসমৰ চাহ পৰ্যটনক এক বিশেষ মাত্ৰা দিয়াৰ বাবে গুৰুত্ব দিছে । অসম পৰ্যটন বিভাগে পৰ্যটনৰ উন্নয়নৰ বাবে দুটা গুৰুত্বপূৰ্ণ আঁচনি লৈছে । ইতিমধ্যে এই আঁচনি কাৰ্যকৰী কৰাৰ কাম অব্যাহত আছে । এই আঁচনি দুখন হ'ল-অসম চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু উন্নয়ন আঁচনি আৰু আমাৰ আলহী গ্ৰাম্য গৃহস্থান (হোমষ্টে) আঁচনি ।"
অসমত চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু উন্নয়ন আঁচনি :
অসম চৰকাৰে চাহ বাগিচাসমূহক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰি ৰাজ্যখনত পৰ্যটনৰ প্ৰসাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । অসম পৰ্যটন উন্নয়ন নিগমৰ পৰা পোৱা তথ্য অনুসৰি অসমত চাহ পৰ্যটনৰ বৃহৎ সম্ভাৱনা বিবেচনা কৰি পৰ্যটন বিভাগে "অসমত চাহ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু উন্নয়ন" আঁচনিৰ জৰিয়তে ইতিমধ্যে ৫০ বছৰ পূৰ্ণ কৰা আৰু পৰ্যটন পৰিসৰসমূহৰ ওচৰৰ ৫০ খন চাহ বাগিচাক পি পি পি মোডত বাছনি কৰি চাহ পৰ্যটনক উৎসাহিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই আঁচনিখনৰ লক্ষ্য হৈছে ৰাজ্যখনত পৰ্যটন বৃদ্ধিৰ বাবে চাহ বাগিচাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহ্যৰ সদ্ব্যৱহাৰ কৰা ।
যোৱা বছৰ আঁচনিখনৰ প্ৰথম পৰ্যায়ত, ইতিমধ্যে ৯ খন চাহ বাগিচা বাছনি কৰা হৈছে আৰু সৰ্বাধিক ২ কোটি টকালৈকে ৫০ শতাংশ উন্নয়ন ৰাজসাহাৰ্য প্ৰদান কৰা হৈছে আৰু ইয়াৰ ৭ খনৰ উন্নয়নৰ কাম পূৰ্ণগতিত চলি আছে । বৰ্তমান এই চাহ বাগিচাসমূহত কাম চলি আছে । ইয়াৰে এখনত কাম প্ৰায় সম্পূৰ্ণ হৈছে । এই আঁচনিৰ অধীনত কাম চলি থকা নিৰ্বাচিত কৰা চাহ বাগিচাকেইখন হ'ল -শোণিতপুৰ জিলাৰ কলনী চাহ বাগিচা, কামৰূপ মহানগৰ জিলাৰ আমচং চাহ বাগিচা, শোণিতপুৰ জিলাৰ ডুৰুং চাহ বাগিচা, সোণাৰি চাহ বাগিচা, ডিব্ৰুগড় জিলাৰ শিয়ালকটি চাহ বাগিচা, দৰং জিলাৰ ভেৰগাঁও চাহ বাগিচা আৰু তিনিচুকীয়া জিলাৰ টিপুক চাহ বাগিচা ।
পৰ্যটন বিভাগৰ তথ্য অনুসৰি বৰ্তমান এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৩৪ খন চাহ বাগিচাৰ আবেদন গ্ৰহণ কৰা হৈছে । ৫ খনৰ ডি পি আৰত অনুমোদন জনোৱা হৈছে । অসমত ৮০০ তকৈও অধিক ডাঙৰ আৰু ৬০,০০০ সৰু চাহ বাগিচাৰ সৈতে অসমত বিশ্বৰ সৰ্বাধিক চাহ বাগিচা আছে আৰু ৰাজ্যখনৰ ১৭ শতাংশ কৰ্মচাৰী এই চাহ বাগিচাত কৰ্মৰত । ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫৫ শতাংশ অসমৰ পৰা হয় ।
আমাৰ আলহী গ্ৰাম্য গৃহস্থান (হোমষ্টে) আঁচনি :