অসম

assam

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 1:42 PM IST

ETV Bharat / state

সৰস্বতী পূজাৰ দিনাই নুনমাটিৰ পৰা নিৰুদ্দেশ দুই ছাত্ৰী

Students missing : সৰস্বতী পূজাৰ দিনাই মহানগৰীৰ নুনমাটিৰ পৰা নিৰুদ্দেশ দুগৰাকী ছাত্ৰী ৷ নাম মধুস্মিতা বৈশ্য আৰু বন্দিতা ভৌমিক ৷ ক’ত গ’ল মধুস্মিতা আৰু বন্দিতা ? দুয়ো কিশোৰীক বিচাৰি হাহাকাৰ পৰিয়ালৰ লোকৰ ৷

Students missing
নুনমাটিৰ পৰা নিৰুদ্দেশ দুই ছাত্ৰী

নুনমাটিৰ পৰা নিৰুদ্দেশ দুই ছাত্ৰী

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী :ব্যস্ততাময় মহানগৰীত আকৌ চাঞ্চল্য ৷ কিয়নো গুৱাহাটী মহানগৰীত সংঘটিত হৈছে পুনৰ ছাত্ৰী নিৰুদ্দেশৰ দৰে এক ঘটনা ৷ এইবাৰৰ স্থান গুৱাহাটীৰ নুনমাটি ৷ নিৰুদ্দেশ হোৱা দুই ছাত্ৰীৰ নাম মধুস্মিতা বৈশ্য আৰু বন্দিতা ভৌমিক বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, সৰস্বতী পূজা অৰ্থাৎ বুধবাৰে আনন্দ-উলাহৰ মাজতে গুৱাহাটীৰ নুনমাটিৰ পৰা দুগৰাকী ছাত্ৰী সন্ধানহীন হৈছে ৷ সৰস্বতী পূজাৰ দিনা বিয়লি প্ৰায় ৪.৩০ বজাৰ পৰা বাতৰি যুগুত কৰা পৰ্যন্ত নিৰুদ্দেশ হৈ আছে ৷ বুধবাৰে দুপৰ নিশা পর্যন্ত ভুক্তভোগী পৰিয়াল দুটাই নুনমাটিৰ পৰা সন্ধানহীন হোৱা মধুস্মিতা বৈশ্য আৰু বন্দিতা ভৌমিকক বিচাৰি হাবাথুৰি খাই ফুৰে ৷

উপায়ন্তৰ হৈ মধুস্মিতা বৈশ্যৰ পৰিয়ালে ঘটনা সন্দৰ্ভত নুনমাটি থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অষ্টম শ্ৰেণীত অধ্যয়নৰত দুই কিশোৰীক বিচাৰি চলায় অভিযান ৷

মধুস্মিতা বৈশ্যৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, বুধবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত সৰস্বতী পূজাৰ পৰা মধুস্মিতা ঘৰলৈ উভতি আহিছিল ৷ সেই সময়ত মধুস্মিতাৰ সৈতে তেওঁৰ ঘৰলৈ আহিছিল বান্ধৱী বন্দিতা ভৌমিকো । দুয়ো কিছু সময় মধুস্মিতাৰ ঘৰতে জিৰণি লোৱাৰ কথা আছিল ৷ সেই সময়ত তেওঁলোকৰ লগত বন্দিতা ভৌমিকৰ ভাতৃও আছিল ৷

মধুস্মিতা মাতৃয়ে উল্লেখ কৰা অনুসৰি, যিহেতু তেওঁলোক কিছুসময় ঘৰতে থাকিব, সেয়ে তেওঁ কিবা কামত ঘৰৰ পৰা ওলাই গৈছিল ৷ লগতে মধুস্মিতা, বন্দিতা আৰু তেওঁৰ ভাতৃক বাৰম্বাৰ কৈছিল যে তেওঁলোকে যাতে ঘৰৰ পৰা ওলায় নাযায় ৷ প্ৰয়োজন হ’লে বন্দিতা আৰু তেওঁৰ ভাতৃক মধুস্মিতাৰ মাতৃয়ে ঘৰত থৈ আহিব ৷ তেওঁলোকেও মধুস্মিতাৰ মাতৃৰ কথাত হয়ভৰ দিছিল ৷

মধুস্মিতাৰ মাতৃয়ে ঘৰৰ পৰা ওলায় যোৱাৰ কিছু সময়ৰ পাচতে বন্দিতাৰ মাতৃয়ে তেওঁক ফোন কৰি সুধিছিল যে বন্দিতা আৰু মধুস্মিতা সঁচায়ে তেওঁলোকৰ ঘৰত আছেনে ? কিয়নো বন্দিতা আৰু মধুস্মিতাই বন্দিতাৰ ভাতৃক ঘৰলৈ পঠিয়াই দি আন কোনোবা ফালেহে তেওঁলোকে গুচি যায় ৷

এই কথা গম পাই মধুস্মিতাৰ মাতৃয়ে ঘৰৰ ওচৰৰ সম্ভাব্য সকলো স্থানতে বিচৰা-খোচাৰ কৰে ৷ কিন্তু ক’তো তেওঁলোকক বিচাৰি নোপোৱাত উপায়ন্তৰ হৈ নুনমাটি আৰক্ষীৰ কাষ চাপে ৷ স্থানীয় একাংশ লোকে ছাত্ৰী দুগৰাকীক কোনো দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰো সন্দেহ প্ৰকাশ কৰিছে ।

ইয়াৰ মাজতে নিৰুদ্দেশ হোৱা ছাত্ৰী দুয়োগৰাকীয়ে হোৱাট্আপ মেছেজযোগে উল্লেখ কৰে যে, নিৰুদ্দেশ হোৱা দুই ছাত্ৰীয়ে নিজৰ ইচ্ছা অনুসৰি ঘৰৰ পৰা ওলাই গৈছে ৷ অন্তত পাঁচ বছৰলৈকে তেওঁলোকক কোনেও যাতে বিচাৰি নাথাকে ৷ লগতে নিৰুদ্দেশ হোৱা দুই ছাত্ৰীয়ে ইন্টাৰনেট সেৱা নথকা এনে কোনো স্থানত আছে আৰু তেওঁলোক সম্পূৰ্ণ সুস্থ আছে বুলিও উল্লেখ কৰে ৷

এই মেছেজেও এতিয়া বহু প্ৰশ্নৰ উদয় কৰিছে ৷ অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে ঘটনাৰ সকলো তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক :ঘৰত নাই কাপোৰ-কানি: মাক-জীয়েক নিৰুদ্দেশ !

ABOUT THE AUTHOR

...view details