অসম

assam

ETV Bharat / state

১০ টাকৈ আহোম সংগঠনৰ আহ্বানত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ ১৭টা পৰিয়ালৰ - SRIMANTA SANKARADEVA SANGHA

প্ৰকৃত আহোমক শংকৰ সংঘ ত্যাগ কৰিবলৈ আহ্বান টাই আহোম যুৱ পৰিষদ অসমৰ ।

Sankardeva Sangha controversy
গহপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ ১৭টা পৰিয়ালৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 7:41 AM IST

বিশ্বনাথ/মৰাণ :গহপুৰৰ ককিলাগুৰিৰ ১৭ টাকৈ পৰিয়াল শংকৰ সংঘ ত্যাগ কৰি গ্ৰহণ কৰিলে ফুৰালুং ধৰ্ম । শংকৰ সংঘ আৰু আহোম সম্প্ৰদায়ৰ জাতীয় সংগঠনৰ মাজত যি সংঘাত আৰম্ভ হৈছে তাৰ মাজতে গহপুৰৰ ককিলাগুৰিৰ ১৭ পৰিয়ালে এইবাৰ শংকৰ সংঘ ত্যাগ কৰি ফুৰালুং ধৰ্ম গ্ৰহণ কৰে ।

মে-দাম-মেফিত ভাগ লৈ শংকৰদেৱ সংঘৰ ৰোষত পৰিছিল এগৰাকী শংকৰ সংঘৰ ভকত । আহোমৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ মে-দাম-মেফিৰ অনুষ্ঠানত সভাপতিত্ব কৰাৰ বাবেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী পদ বাতিল কৰিছিল গহপুৰৰ ককিলগুৰিৰ চাও চন্দ্ৰ বৰুৱাৰ । যাৰ ফলত দুই ফৈদৰ মাজত সংঘটিত সৃষ্টি হৈছিল সংঘাত ৷ সংঘাত ইমানেই বিয়পি পৰিছিল সংঘই আহোম সম্প্ৰদায়ৰ দল সংগঠনৰ বিৰুদ্ধে থানাই থানাই গোচৰ দিয়া দৰে পৰিস্থিতি হয় ।

গহপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ ১৭টা পৰিয়ালৰ (ETV Bharat Assam)

ইয়াৰ মাজতে উজনি মৰাণত "জাতীয় অস্তিত্বৰ প্ৰসংগত আহোম সদায় ঐক্যবদ্ধ” শীৰ্ষক শ্ল'গানেৰে আহোমৰ ১০ টা সংগঠন একত্ৰিত হৈ শংকৰদেৱ সংঘৰ বিৰুদ্ধে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । টাই আহোমসকলৰ অতি পবিত্ৰ মে-ডাম-মেফিক শংকৰদেৱ সংঘই যি অপবিত্ৰ বুলি চৰম অপমান কৰিলে তাৰ পৰিপ্ৰেক্ষিতত শংকৰদেৱ সংঘক ক্ষমা খুজিবলৈ দাবী জনোৱাৰ লগতে শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, মুখ্য সম্পাদক কুশল ঠাকুৰীয়া আৰু সেৱা বাহিনীৰ অধিনায়ক সঞ্জীৱ বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আহোম সংগঠনসমূহে । লগতে টাই আহোমসকলক শংকৰদেৱ সংঘৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছিল আহোম সংগঠন সমূহে । ইয়াৰ পাছতে বিৰ্তকৰ সূত্ৰপাত হোৱা গহপুৰ ককিলাগুৰিৰ চন্দ্ৰ বৰুৱাসহ ১৭ টা পৰিয়ালে এৰিলে শংকৰদেৱ সংঘ ।

গহপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ ১৭টা পৰিয়ালৰ (ETV Bharat Assam)

আহোম সংগঠনৰ আহ্বানত শংকৰদেৱ সংঘ ত্যাগ ১৭ টা পৰিয়ালৰ :

টাই আহোম সকলৰ অতি পবিত্ৰ মে-ডাম-মেফিক শংকৰদেৱ সংঘই অপবিত্ৰ বুলি চৰম অপমান কৰা পাছতে আহোম দল- সংগঠন সমূহে একত্ৰিত হৈ টাই আহোম সকলক শংকৰদেৱ সংঘৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছিল । ইয়াৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ কৰিলে গহপুৰ ককিলাগুৰিৰ চাও চন্দ্ৰ বৰুৱাসহ ১৭ টা পৰিয়ালে । মঙলবাৰে তেওঁ আনুষ্ঠানিকভাৱে ফুৰালুং পূজা অনুষ্ঠিত কৰি পুনৰ আহোম পৰম্পৰা গ্রহণ কৰে । স্ব-ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰি ফুৰা-তাৰাৰ ওচৰত প্ৰাৰ্থনা জনালে আটাইকেইটা পৰিয়ালে । আহোম সংগঠনৰ আহ্বানৰ বাবেই শংকৰদেৱ সংঘ ত্যাগ কৰি টাই আহোমৰ নিজৰ পৰম্পৰা গ্রহণ কৰাৰ কথা জনালে পৰিয়ালকেইটাই ।

গহপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ ১৭টা পৰিয়ালৰ (ETV Bharat Assam)

প্ৰকৃত আহোম লোকক শংকৰদেৱ সংঘ ত্যাগ কৰিবলৈ আহ্বান টাইপাৰ:

বহু বিতৰ্কত সোমাই পৰা শংকৰদেৱ সংঘৰ বিৰুদ্ধে ইতিমধ্যে থানাই থানাই এজাহাৰ দাখিলৰ পিছতে শংকৰদেৱ সংঘত সোমাই থকা প্ৰকৃত আহোমসকলক সংঘ ত্যাগ কৰি টাই আহোমৰ নিজৰ পৰম্পৰা ফুৰালুং গ্রহণ কৰাৰ আহ্বান জনালে টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে । চৰাইদেউৰ সোণাৰিত টাইপাৰ সভাপতিগৰাকীয়ে কয়, "মে-ডাম-মেফিত অংশগ্ৰহণ কৰা বাবেই শংকৰদেৱ সংঘই এজন ব্যক্তিক বহিষ্কাৰ কৰাৰ লগতে জৰিমনা ভৰাইছিল । সেই কথাই টাই আহোমসকলক মনত আঘাত দিছিল । ভুক্তভোগী গহপুৰৰ পৰিয়ালসমূহে শংকৰদেৱ সংঘ ত্যাগ কৰি আহোমৰ ৰীতি নীতিলৈ ঘূৰি আহিছে । এতিয়াও প্ৰকৃত যিসকল আহোম লোক শংকৰদেৱ সংঘত সোমাই আছে তেওঁলোকেও সংঘ ত্যাগ কৰি আহোম পৰম্পৰালৈ ঘূৰি আহক ।"

গহপুৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ ১৭টা পৰিয়ালৰ (ETV Bharat Assam)

কিয় শংকৰ সংঘ আৰু টাইপাৰ মাজত সৃষ্টি হৈছে সংঘাত :

গহপুৰৰ চন্দ্ৰ বৰুৱাই ৩১ জানুৱাৰীত মে-ডাম-মেফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰাৰ বাবে শংকৰ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহে । এই খবৰ ৰাজহুৱা হোৱাত আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে শংকৰ সংঘৰ বিৰুদ্ধে সৰৱ হৈ পৰে । এই ঘটনাৰ পাছতে শংকৰ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছিল টাইপাই । আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা নুখুজিলে শংকৰ সংঘৰ অনুষ্ঠানত টাইপাই বাধা প্ৰদান কৰাৰ হুংকাৰ দিছিল । লগতে চৰাইদেউৰ সোণাৰিত টাইপাৰ শ্ৰীমন্ত শংকৰ সংঘৰ সংবিধান দাহ কৰি প্ৰতিবাদ কৰে টাই আহোম যুৱ পৰিষদে । ইয়াৰ পাছতে সংগঠনটোৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শংকৰ সংঘই এজাহাৰ দাখিল কৰাৰ সমান্তৰালভাৱে আহোম সংগঠন সমূহে শংকৰ সংঘৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ।

লগতে পঢ়কবিতৰ্কই লগ এৰা নাই শংকৰ সংঘক; ডিব্ৰুগড়-শিৱসাগৰত এজাহাৰ দাখিল - FIR AGAINST SANKARDEV SANGHA:

টাইপাই নেৰে, শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো এৰি দিয়া নাই - SRIMANTA SANKARADEVA SANGHA

ABOUT THE AUTHOR

...view details