অসম

assam

ETV Bharat / state

তিনি প্ৰজন্মই ব্য়ৱহাৰ কৰা এটা ১৩০ বছৰীয়া চিলাই মেচিন - Unique Sewing Machine - UNIQUE SEWING MACHINE

Unique Tailoring : এটা ব্য়তিক্ৰমী চিলাই মেচিন । ককাকৰ দিনৰে পৰাই বিজুটি নঘটাকৈ চিলাই মেচিনটোৰে ইখনৰ পিছত সিখন কাপোৰ চিলাই গৈছে । চিলাব পাৰি পাতল টিন । আজিলৈকে সলোৱা নাই বেজী । ক'ত আছে এই চিলাই মেচিনটো ।

Unique Tailoring in Nalbari
ব্য়তিক্ৰমী চিলাই মেচিন (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 7:53 PM IST

নলবাৰী, ৩০ জুন :এটা ১৩০ বছৰীয়া চিলাই মেচিন । নাই কোনো বিজুতি। ককাকৰ দিনৰে পৰা আজিলৈ সক্ৰিয় হৈ আছে এই বিশেষ চিলাই মেচিনটো । নাই ধৰা মামৰে । ককাকৰ এই চিলাই মেচিনটো নাতিয়েকে আজিও সক্ৰিয় কৰি ৰাখি চলাই আছে নিজৰ বৃত্তি । মেচিনটোৰে ইখনৰ পিছত সিখন কাপোৰ খটখটাই চিলায়েই আছে । এই মেচিনটোৰ আছে বিশেষ গুণ । ডাঠ কাপোৰ চিলালে হেনো খাপ খাই সুন্দৰ হয় কাপোৰৰ চিলাই ।

ব্য়তিক্ৰমী চিলাই মেচিন (ETV BHARAT ASSAM)

এই চিলাই মেচিনটো আছে নলবাৰী চহৰৰ ৭ নং ৱাৰ্ডৰ ইছলাম চুপাত । নলবাৰী চহৰৰ ইছলাম চুপাৰ জুলহাছ আলীয়ে এই বিশেষ মেচিনটোৰে কাপোৰ চিলাই পোহপাল দি আছে নিজৰ পৰিয়ালটোক । ইছলাম চুপাৰ বি এছ এন এল কাৰ্যালয়ৰ সন্মুখত কোনোমতে দুজন মানুহ সোমাব পৰাকৈ এটা সৰু কোঠাতেই এই মেচিনটো সক্ৰিয় কৰি ৰাখিছে জুলহাছে । তেওঁ ককাকৰ স্মৃতি ৰাখিছে সজীৱ কৰি ।

জুলহাছৰ ককাক আছিল নলবাৰী চহৰৰ এজন নিপুন দৰ্জী । জুলহাছৰ পিতৃও আছিল দৰ্জী । ককা-পিতৃৰ পিছে পিছে এই বিশেষ মেচিনটোকে সাৰথি কৰি জুলহাছেও ৰাইজৰ মাজত কাপোৰ চিলাইৰে জনপ্ৰিয়তা লাভ কৰিছে । পিতৃয়ে মৃত্যুৰ পূৰ্বে জুলহাছক কৈ গৈছিল মেচিনটো ভালদৰে ৰাখিবলৈ । পিতৃৰ কথাৰেই স্মৃতি সাজি জুলহাছ আলীয়ে এই কামকেই কৰি আছে ।

লগতে পঢ়ক:সাগৰীয় মাছৰ পৰা থলুৱা মাছলৈ : ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠিছে মৎস্য সংগ্ৰহালয় - Fish museum

৫৫ বছৰীয়া জুলহাছৰ এই আদৰ্শই এতিয়া সকলোকে মুহিছে । ১০ বছৰ বয়সতে পিতৃৰ সৈতে দৰ্জী কাম শিকিছিল জুলহাছে । তেওঁ বিগত ৪৫ বছৰ ধৰি এই মেচিনটোৰে কাম চলাই আছে । উল্লেখযোগ্য যে এই বিশেষ চিলাই মেচিনটোৰে পাতল টিনো চিলাব পাৰি । আজিলৈ সলনি কৰা নাই মেচিনটোৰ বেজী । মেচিনটো দেখিলে আপুনিও ভাবিব যেন এয়া আজিৰ দিনৰ চিলাই মেচিন । জুলহাছৰ আশা আগলৈও এনেদৰে তেওঁৰ উত্তৰাধিকাৰীয়ে সক্ৰিয় কৰি ৰাখিব চিলাই মেচনটো ।

লগতে পঢ়ক:জৰাজীৰ্ণ বাসগৃহৰ পৰা বিশ্বমুখী যাত্ৰা এগৰাকী ফুটবল খেলুৱৈৰ - Golaghat Football Player

ABOUT THE AUTHOR

...view details