অসম

assam

ETV Bharat / state

বিষাক্ত কাঠফুলা খাই ১৩ জন লোক অসুস্থ; ৫ জনৰ অৱস্থা সংকটজনক - poisonous mushrooms consumption - POISONOUS MUSHROOMS CONSUMPTION

Food poisoning in Charaideo: কাঠফুলা সেৱন কৰোতে সাৱধান হওক ৷ চৰাইদেউৰ বৰহাট চাহ বাগিচাত বিষাক্ত কাঠফুলাই কাল মাতিলে 13 গৰাকী লোকৰ জীৱনলৈ ৷

Poisonous mushrooms in charaideou
বিষাক্ত কাঠফুলা খাই ১৩ জন লোক অসুস্থ , ৫ জনৰ অৱস্থা সংকটজনক (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 16, 2024, 5:22 PM IST

বিষাক্ত কাঠফুলা খাই ১৩ জন লোক অসুস্থ , ৫ জনৰ অৱস্থা সংকটজনক (ETV BHARAT ASSAM)

চৰাইদেউ, 16 মে’ : ৰাজ্যত ভিন্ন সময়ত বিষাক্ত কাঠফুলা খাই বহুজন লোকে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনা সংঘটিত হৈ আহিছে ৷ এইবাৰ চৰাইদেউ জিলাত বিষাক্ত কাঠফুলাই কাল মাতিলে বৰহাট চাহ বাগিচালৈ ৷ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাৰ ১৩ জন শ্ৰমিকে বুধবাৰে বিষাক্ত বনৰীয়া কাঠফুলা খাই অসুস্থ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

উল্লেখ্য যে, শ্ৰমিককেইজনে হাবিৰ পৰা বনৰীয়া কাঠফুলা আনি ভক্ষণ কৰিছিল ৷ তাৰ পাচতেই বুধবাৰে দিনটোত তাৰে 4 গৰাকী শ্ৰমিক অসুস্থ হয় ৷ ইয়াৰ লগতে বৃহস্পতিবাৰে পুনৰ 9 জন শ্ৰমিক অসুস্থ হয় ৷ প্ৰথম অৱস্থাত মালা ভূমিজ, প্ৰমোদ তেলী, মাইনু গড় আৰু শান্তি তেলী অসুস্থ হৈ পৰে । তেওঁলোক শৌচ, বমি, মূৰৰ বিষত আক্ৰান্ত হৈ পৰাত লগে লগে তেওঁলোকক ডিব্ৰুগড় মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ।

আনহাতে আজিৰ দিনটোত হেমন্তীন তাছা, অনিমা নন্দ, পাৰিজা বাগ, দেৱপ্তি পাত্ৰ, অমিলা বাগ, চাবিনা নাগ, ৰাখী নন্দ, প্ৰাণেশ্বৰী তেলী, কলমী বাগ নামৰ শ্ৰমিককেইগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ইয়াৰে ৫ জনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পোৱা গৈছে । লগতে কাঠফুলা খাই অসুস্থ হোৱা সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি অঞ্চলটোৰ সচেতন ৰাইজে জানিবলৈ দিছে । জানিব পৰা মতে বাগিচাখনৰ বহু শ্ৰমিকে একে লগে কাম কৰি থকা অৱস্থাত কাঠফুলা খাইছিল ।

লক্ষণীয় যে, বনৰীয়া কাঠফুলা ভক্ষণৰ পিচতে এনেধৰণৰ বহু ঘটনা ঘটি অহাৰ বাতৰি প্ৰচাৰ হৈ অহাৰ স্বত্বেও আজি পৰ্যন্ত সচেতন হোৱা নাই একাংশ লোক ৷

লগতে পঢ়ক:বিষাক্ত কাঠফুলা ভক্ষণ কৰি শিশুসহ ৫ জন অসুস্থ - Charaideo Mushroom Poisoning

ABOUT THE AUTHOR

...view details