গুৱাহাটী, ২৩ জুন :বাৰিষাৰ দ্বিতীয়টো বানৰ প্ৰভাৱত এতিয়াও আছে ৰাজ্যৰ ১২ খন জিলাৰ ৩৩ টা ৰাজহ চক্ৰৰ সহস্ৰাধিক গাঁও । প্ৰথমটো বানৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ পূৰ্বেই দ্বিতীয়টো বানে ৰাজ্যত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰৱল বৃষ্টিপাতৰ বাবে নৈ-উপনৈসমূহ উফন্দি উঠাত বিভিন্ন জিলা বানৰ কবলত পৰিছে ।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে এতিয়ালৈকে বানত ৰাজ্যৰ ২৯ গৰাকী লোকৰ মৃত্যু হৈছে । শেহতীয়া তথ্য মতে বৰ্তমান সময়ত কপিলী নদী ধৰমতুলত আৰু কুচিয়াৰা নদী কৰিমগঞ্জত বিপদসীমাৰ ওপৰৰে বৈ আছে ।
বানত এইপৰ্যন্ত ২৯ গৰাকীৰ মৃত্যু :
কালৰূপী বানত এতিয়ালৈকে শিশুসহ ২৯ গৰাকী লোকৰ মৃত্যু হৈছে । শেহতীয়াকৈ বানত দুজনৰ মৃত্যু হৈছে । ইয়াৰে এজন বৰপেটা জিলাৰ আৰু এজন বজালীৰ । বৰপেটাৰ সৰ্থেবাৰীত এটি শিশুৰ বানত মৃত্যু হৈছে । আনহাতে বজালীৰ সৰুপেটাত এজন লোকৰ বানত মৃত্যু হৈছে ।
বানৰ কবলত ১২ খন জিলা :
ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য মতে বৰ্তমান সময়ত ৰাজ্যৰ ১২ খন জিলা বানৰ কবলত আছে । জিলাকেইখন হৈছে বৰপেটা, কামৰূপ, বজালী, গোৱালপাৰা, নগাঁও, হোজাই, ওদালগুৰি, কৰিমগঞ্জ, দৰং, নলবাৰী, কামৰূপ মহানগৰ আৰু কাছাৰ ।
লগতে পঢ়ক :বায়েকক বিদ্যালয়লৈ আগবঢ়াবলৈ গৈ নশ্বৰ দেহ ওভতিল 7 বছৰীয়া কাইছৰ - Boat Accident In Barpeta
এই জিলা কেইখনৰ ৩৩ টা ৰাজহ চক্ৰৰ ১০২৭ খন গাঁও বৰ্তমান বানৰ কবলত আছে । ইয়াৰ ভিতৰত আছে কামৰূপ জিলাৰ সৰ্বাধিক ৩১৪ খন আৰু কৰিমগঞ্জ জিলাৰ ২৬২ খন গাঁও ।
বানত লাখ লাখ লোক ক্ষতিগ্ৰস্ত :
বান প্ৰভাৱিত ৰাজ্যৰ ১২ খন জিলাৰ ২,৬৩,৪৫২ গৰাকী লোক এতিয়াও বানৰ কবলত আছে । ইয়াৰ ভিতৰত ১,০৬,২৮৭ জন পুৰুষ, ৯২,৯৮১ গৰাকী মহিলা আৰু ৬৪,১৮৪ টি শিশু আছে । কৰিমগঞ্জ জিলাত সৰ্বাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে ।
জিলাখনৰ ১,৩৯,৯৮৯ গৰাকী লোক বানৰ দ্বাৰা বৰ্তমানেও প্ৰভাৱিত হৈ আছে । আনহাতে দৰং জিলাত ৫৬৮৬৩ গৰাকী, কাছাৰ জিলাৰ ৩০৩৪৩ গৰাকী, বৰপেটা জিলাৰ ১২৭৪৮ গৰাকী, নগাঁও জিলাৰ ৩৩৭৮ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ।
বানত ক্ষতিগ্ৰস্ত কৃষিভূমি :
কৃষি প্ৰধান ৰাজ্যখনত বানে শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন কৰিছে । বৰ্তমান সময়ত ৩৯৯৫ হেক্টৰ কৃষিভূমি বানৰ কবলত আছে । কপালৰ ঘাম মাটিত পেলাই শস্যভূমিক শুৱনি কৰা কৃষকৰ সকলো কষ্টক নিমিষতে নোহোৱা কৰিছে এই বানে । বৰ্তমান সময়ত নগাঁও জিলাত বানে সৰ্বাধিক ক্ষতি কৰিছে ।
লগতে পঢ়ক :ৰ'দ ওলোৱাৰ পাচতো আঁতৰা নাই পানী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বন্যাৰ্তৰ - Assam Flood 2024