অসম

assam

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 10:03 PM IST

ETV Bharat / state

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক এশগৰাকী বুদ্ধিজীৱীৰ অভিযোগ - Nagaon Nagarik Sabha

ৰাজ্যৰ এশগৰাকী বুদ্ধিজীৱী, সমাজকৰ্মীৰ স্বাক্ষৰ সম্বলিত এক অভিযোগ পত্ৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ ৷ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্যই নিৰ্বাচনী বিধি ভংগ কৰাৰো অভিযোগ কৰে নাগৰিক সমাজ অসমে ৷

Nagaon Nagarik Sabha
নগাঁৱৰ পানীখাইতিত নাগৰিক সভা

নিৰ্বাচন আয়োগক এশগৰাকী বুদ্ধিজীৱিৰ অভিযোগ

নগাঁও, 21 এপ্ৰিল : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ বুদ্ধিজীৱী সমাজ ৷ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান সম্প্ৰদায়ক লৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ ভাষণ বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰি মোদীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ পত্ৰ প্ৰেৰণ কৰে বুদ্ধিজীৱী আৰু সমাজকৰ্মীয়ে ৷ বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁই, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, নাগৰিক সমাজ অসমৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰ, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনকে প্ৰমুখ্য কৰি ৰাজ্যৰ এশগৰাকী বুদ্ধিজীৱী, সমাজকৰ্মীৰ স্বাক্ষৰ সম্বলিত এক অভিযোগ পত্ৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰে ৷

সোমবাৰে বিয়লি নগাঁৱৰ পানীখাইতিত নগাঁও নাগৰিক সভাৰ উদ্যোগত আয়োজন কৰা সভাত এই কথা সদৰী কৰে অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান সম্প্ৰদায়ৰ প্ৰতি বিদ্বেষমূলক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰে অসম নাগৰিক সমাজে ৷ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্যই নিৰ্বাচনী বিধি ভংগৰো অভিযোগ কৰে নাগৰিক সমাজ অসমে ৷ যাৰ বাবে অসমৰ এশগৰাকী বুদ্ধিজীৱী, সমাজকৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যক গৰিহণা দিয়াৰ লগতে নিৰ্বাচন আয়োগক অভিযোগ পত্ৰ প্ৰেৰণৰ কথাও উল্লেখ কৰে পৰেশ মালাকাৰে ৷

আনহাতে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ভাষণ প্ৰসংগত সৰৱ হৈ পৰা অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এতিয়া আৰ এছ এছেও বিজেপিৰ সংগ এৰিছে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, আৰ এছ এছৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ নিদিয়ে ৷ আনকি পৰোক্ষভাৱে বিজেপিক সহায় কৰিবলৈ অসমত এতিয়া এ আই ইউ ডি এফৰ দৰে নকল মুছলমান ওলোৱা বুলিও মন্তব্য কৰে নাগৰিক সমাজ অসমৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে ৷ সোমবাৰে নগাঁও নাগৰিক সভাৰ উদ্যোগত নগাঁৱৰ পানীখাইতিত অনুষ্ঠিত হোৱা এই সভাত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰ, নগাঁও নাগৰিক সভাৰ দুলাল বৰা, বিৰিঞ্চি বৰা উপস্থিত থাকে ৷

লগতে পঢ়ক :এইখন চান্দা দৌ ধান্ধা লৌ চৰকাৰ: সুপ্ৰীয়া শ্ৰীনাটে - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details