এখন ঘৰত তেজৰ ফাকু: থিতাতে মৃত্যু ২ ৰঙাপৰা, 24 মাৰ্চ : ৰঙৰ উৎসৱ হোলীৰ আনন্দ-উল্লাসৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত দেওবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। আজি দিনৰ প্ৰায় ১ বজাত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাত দুই ককায়েক-ভনীয়েকে থিতাতে মৃত্যুক সাৱটি লয়। লগতে গুৰুতৰভাৱে আহত হয় এজন কিশোৰ ।
ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলি চাহ বাগিচাৰ মাজত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা দুগৰাকী হ’ল অমিৰ কানাহাৰ আৰু মইনী ভূমিজ ৷ ইফালে মইনী ভূমিজৰ পুত্ৰ বিকাশ ভূমিজ গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে ৰঙাপৰা-মিছামাৰী সংযোগী পথচোৱাত এ এছ ১২ কিউ ৯৯৭৪ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলখনত অমিৰ কানাহাৰ, মইনী ভূমিজ আৰু বিকাশ ভূমিজ সোনাজুলিৰ জংঘলবস্তিৰ নিজ গৃহ অভিমুখে গৈ আছিল । ঠিক তেনে সময়তে ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাৰ কলঘৰৰ সমীপত বিপৰীত দিশৰ পৰা গৈ থকা এ এছ ১২ এ চি ১৮৯১ নম্বৰৰ 'জয় শ্ৰীৰাম' নামৰ বলেৰ’ পিকআপ মালবাহী গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে । ফলত অমিৰ কানাহাৰ আৰু মইনী ভূমিজে থিতাতে মৃত্যুক সাৱটি লয় যদিও কিশোৰজন গুৰুতৰভাবে আহত হয়।
ইফালে দুৰ্ঘটনা খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত ১০৮ সেৱা গাড়ী উপস্থিত হৈ আহত তিনিওজনকে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও ইতিমধ্যে ককায়েক-ভনীয়েকৰ মৃত্যু ঘটে । পথ দুৰ্ঘটনাত মৃত্যু ঘটা অমিৰ কানাহাৰ ঘৰ সোনাজুলিৰ জংঘলবস্তি আৰু মইনী ভূমিজৰ ঘৰ অৰুণাচল প্ৰদেশৰ চেপ্পাত ৷ ইপিনে দুৰ্ঘটনাত সংঘটিত কৰি পলায়নৰ চেষ্টা কৰা বলেৰ’ মালবাহী গাড়ীখন ৰঙাপৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক:দুই ফৈদৰ সংঘাত; ডাম্পাৰৰ খুন্দাত নিহত ৫ জন - Murder in Jhalawar