অসম

assam

ETV Bharat / sports

এম এছ ধোনীৰ বিৰুদ্ধে পুত্ৰৰ কেৰিয়াৰ ধ্বংসৰ দাবী যুৱৰাজৰ পিতৃৰ - YOGRAJ SINGH ON MS DHONI - YOGRAJ SINGH ON MS DHONI

Yograj Singh On Yuvraj Singh Ms Dhoni: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ বিৰুদ্ধে পুনৰ এবাৰ বিস্ফোৰক মন্তব্য যোগৰাজ সিঙৰ ৷ যোগৰাজ সিং হৈছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ পিতৃ ৷ ধোনীৰ বিৰুদ্ধে যুৱৰাজৰ কেৰিয়াৰ ধ্বংসৰ অভিযোগ যুৱৰাজৰ পিতৃৰ ৷

YOGRAJ SINGH ON MS DHONI
এম এছ ধোনী আৰু যুৱৰাজ সিং ((IANS PHOTOS)

By ETV Bharat Sports Team

Published : Sep 2, 2024, 1:46 PM IST

স্প’ৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ:এম এছ ধোনীৰ বিৰুদ্ধে ক্ষোভৰ বৰ্হিপ্ৰকাশ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙৰ ৷ প্ৰাক্তন ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কগৰাকীৰ বিৰুদ্ধে পুত্ৰ যুৱৰাজ সিঙৰ কেৰিয়াৰ ধ্বংস কৰাৰো অভিযোগ ৷

ভাৰতৰ ক্ৰিকেট প্ৰশিক্ষক তথা যুৱৰাজ সিঙৰ পিতৃয়ে অনা এই অভিযোগে ব্যাপক চৰ্চা লাভ কৰিছে ক্ৰিকেটপ্ৰেমীৰ মাজত ৷ যুৱৰাজৰ পিতৃয়ে দাবী কৰা অনুসৰি, তেওঁৰ পুত্ৰই ভাৰতৰ ক্ৰিকেট দলটোলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰতৰত্ন বঁটা পোৱাৰ যোগ্য ৷

সমান্তৰালকৈ যোগৰাজ সিঙে কয় যে, ভাৰতৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক এম এছ ধোনীয়ে তেওঁৰ পুত্ৰৰ কেৰিয়াৰ ধ্বংস কৰিলে, ফলত যুৱৰাজৰ কেৰিয়াৰৰ সীমা প্ৰায় চাৰি বছৰলৈ হ্ৰাস পায় । যাৰ বাবে যোগৰাজে সদায়ে ধোনীক কঠোৰ সমালোচনা কৰি আহিছে ৷ কিয়নো তেওঁৰ পুত্ৰ যুৱৰাজে বগা বলৰ ক্ৰিকেটৰ পৰা একমাত্ৰ ধোনীৰ বাবেহে সময়তকৈ পূৰ্বে অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছিল ৷

যোগৰাজে অভিযোগ কৰিছে যে, তেওঁ ৰাষ্ট্ৰীয় পুৰুষ দলটোৰ সৈতে একেলগে থকা সময়ত এই কাণ্ড সংঘটিত হৈছিল । 66 বছৰীয়া যোগৰাজে লগতে একপ্ৰকাৰ দাবী কৰি কৈছিল যে, যুৱৰাজে দীৰ্ঘদিনীয়া কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজাৰ অন্তত প্ৰত্যাৱৰ্তন কৰিছিল ৷ যাৰ বাবে ক্ৰিকেটাৰগৰাকীক প্ৰয়োজন আছিল দ্বিতীয় ইনিংছৰ ৷ ক্ৰিকেটাৰগৰাকীক এই সুবিধা প্ৰদান কৰিলে তেওঁ নিশ্চয়কৈ দললৈ অধিক অৱদান আগবঢ়াব পাৰিলেহেঁতেন ৷

ধোনীয়ে মোৰ পুত্ৰৰ কেৰিয়াৰ ধ্বংস কৰিলে: যোগৰাজ

এক ইউ টিউব চেনেলক দিয়া সাক্ষাৎকাৰৰ সময়ত যুৱৰাজৰ পিতৃয়ে কৈছিল যে, "মই এম এছ ধোনীক ক্ষমা নকৰো । তেওঁ নিজকে আইনাত প্ৰত্যক্ষ কৰা উচিত । তেওঁ এগৰাকী বিশিষ্ট ক্ৰিকেটাৰ, মই তেওঁক অভিবাদন জনাইছো কিন্তু তেওঁ মোৰ পুত্ৰৰ সৈতে কি কৰিছিল ? সেইটো ভাল নহয় । এতিয়া সকলোবোৰ উন্মোচিত হৈ আছে আৰু ইয়াক কেতিয়াও ক্ষমা কৰিব নোৱাৰি । সেই ব্যক্তিজনে মোৰ পুত্ৰৰ জীৱন ধ্বংস কৰিলে, যি আৰু চাৰি-পাঁচ বছৰ খেলিব পাৰিলেহেঁতেন । মই সকলোকে যুৱৰাজৰ দৰে পুত্ৰ হ’বলৈ প্ৰত্যাহ্বান জনাইছো । গৌতম গম্ভীৰ আৰু বীৰেন্দ্ৰ সেহৱাগেও কৈছে যে আন এগৰাকী যুৱৰাজ সিং নাই । কৰ্কট ৰোগৰ সৈতে যুঁজি দেশৰ হৈ বিশ্বকাপ জয় কৰাৰ বাবে দেশে তেওঁক ভাৰতৰত্ন বঁটা প্ৰদান কৰা উচিত" ৷

ধোনী আৰু মই ঘনিষ্ঠ বন্ধু নহয়: যুৱৰাজ সিং

ৰণবীৰ এলাহাবাদিয়াৰ পডকাষ্টত দিয়া এক সাক্ষাৎকাৰত যুৱীয়ে কৈছিল যে, "মই আৰু মাহী(মহেন্দ্ৰ সিং ধোনী) ঘনিষ্ঠ বন্ধু নহয় । ক্ৰিকেটৰ বাবেহে আমি বন্ধু আছিলো, আমি একেলগে খেলিছিলো । মোৰ জীৱনশৈলী তেওঁলোকৰ জীৱনশৈলীতকৈ বহুত বেলেগ আছিল ৷ সেয়েহে আমি কেতিয়াও ঘনিষ্ঠ বন্ধু নাছিলো, ক্ৰিকেটৰ বাবেহে আমি কেৱল বন্ধু আছিলো" ।

যুৱৰাজ আৰু ধোনীয়ে ভাৰতৰ হৈ একেলগে 273 খন মেচ খেলিছিল, যি সকলো ফৰ্মেটত বহুতো স্মৰণীয় অংশীদাৰিত্ব গঢ়ি তুলিছিল । 2007 চনৰ টি-20 বিশ্বকাপৰ সময়ত যেতিয়া যুৱীয়ে এটা অভাৰত 6 টাকৈ 6 কোবাইছিল, তেতিয়া ধোনী নন-ষ্ট্ৰাইকাৰ এণ্ডত উপস্থিত আছিল ৷

আনহাতে, 2011 চনত যেতিয়া উইকেটকীপাৰ বেটছমেনগৰাকীয়ে এটা সুন্দৰ ছয় মাৰি ভাৰতক এদিনীয়া বিশ্বকাপ জয়ী হোৱাত সহায় কৰিছিল, তেতিয়াও বাওঁহতীয়া খেলুৱৈগৰাকী নন-ষ্ট্ৰাইকাৰ এণ্ডত আছিল । 2011 চনৰ এদিনীয়া বিশ্বকাপত "প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট" নিৰ্বাচিত হোৱা যুৱৰাজ সিং কৰ্কট ৰোগত আক্ৰান্ত আছিল ।

কৰ্কট ৰোগত আক্ৰান্ত স্বত্বেও খেলিছিল যুৱৰাজে

যুৱৰাজ সিঙৰ হাঁওফাঁওত কৰ্কট ৰোগৰ টিউমাৰ ধৰা পৰিছিল ৷ খেলুৱৈগৰাকীয়ে পৰৱৰ্তী সময়ত বষ্টন আৰু ইণ্ডিয়ানাপলিছত কেম’থেৰাপী চিকিৎসা কৰাবলগীয়া হৈছিল । এই প্ৰত্যাহ্বান স্বত্বেও যুৱীয়ে 2012 চনৰ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ এক চমৎকাৰ প্ৰত্যাৱৰ্তন ঘটাইছিল ৷

ক্ৰিকেটলৈ উভতি অহাৰ পিছত যুৱৰাজৰ স্থান একেদৰে নাথাকিল ৷ ফলস্বৰূপে, 2014 চনত টি-20 বিশ্বকাপ আৰু 2017 চনত চেম্পিয়নছ ট্ৰফীত খেলাৰ পিছত ভাৰতীয় দলত নিজৰ স্থান হেৰুৱাই ক্ৰিকেটাৰগৰাকীয়ে ৷ বিশেষকৈ যুৱৰাজক 2015 চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ বাবে উপেক্ষিত কৰা হৈছিল ৷ সেই সময়ত ভাৰতক নেতৃত্ব দিছিল এম এছ ধোনীয়ে, যাৰ বাবে অলৰাউণ্ডাৰ গৰাকীৰ পিতৃৰ পৰা যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ।

যুৱৰাজে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত(আই পি এল) খেল অব্যাহত ৰাখিছিল ৷ কিন্তু তেওঁৰ পূৰ্বৰ সফলতাৰ পুনৰাবৃত্তি কৰিব নোৱাৰিলে । সিঙে 2019 চনৰ জুন মাহত আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ অৱশ্যে ইয়াৰ এবছৰ পিছত ধোনীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে ছেমি ফাইনেলত পৰাজয়বৰণ কৰাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লয় ।

লগতে পঢ়ক:বিশ্ব ক্ৰিকেটত দ্ৰুততম ৫০ টা শতক অৰ্জন কৰা ৫ গৰাকী শ্ৰেষ্ঠ বেটছমেন - Fastest 50 international Hundreds

ABOUT THE AUTHOR

...view details