স্প’ৰ্টছ ডেস্ক:বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী হকী টুৰ্ণামেণ্টৰ লীগ পৰ্যায়ত শীৰ্ষস্থান দখল ভাৰতৰ ৷ লীগ পৰ্যায়ৰ এখন মেচত ভাৰতে জাপানক 3-0 গ’লত পৰাস্ত কৰি ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ।
ভাৰতে লীগ পৰ্যায়ত 5 খন মেচ জিকি সৰ্বাধিক 15 পইণ্টৰ সৈতে পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে ৷ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চীনতকৈ (12) আগত আছে ভাৰতীয় দলটো ।
মঙলবাৰে ছেমি ফাইনেলত ভাৰতে চতুৰ্থ স্থানত থকা জাপানৰ সৈতে পুনৰ মুখামুখি হ'ব ৷ আনহাতে, চীনে অন্তিম চাৰিৰ দ্বিতীয়খন খেলত তৃতীয় স্থানত থকা মালয়েছিয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷
প্ৰতিযোগিতাখনত ভাৰতৰ হৈ দীপিকাই (47 আৰু 48 মিনিট) ত দুটা গ'ল প্ৰদান কৰে ৷ আনহাতে, দলটোৰ সহ অধিনায়ক নৱনীত কৌৰে 37 মিনিটত ভাৰতৰ হৈ আন এটা গ’ল কৰে । ভাৰতে আৰম্ভণিৰে পৰাই মেচখনত আধিপত্য বিস্তাৰ কৰি প্ৰথম কোৱাৰ্টাৰত আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে ৷ অৱশ্যে বিপক্ষৰ খেলুৱৈসকলেও উন্নত প্ৰদৰ্শন দাঙি ধৰে ৷