স্পৰ্টছ ডেস্ক, 28 জুলাই : ইতিহাস ৰচনা কৰি মহিলা এছিয়া ২০২৪ৰ খিতাপ দখল কৰিছে শ্ৰীলংকাই । এছিয়া কাপৰ ফাইনেলত ভাৰতক ৮ উইকেটত পৰাস্ত কৰি শ্ৰীলংকাই হৰমনপ্ৰীত কৌৰৰ নৱম এছিয়া কাপৰ খিতাপ দখল কৰাৰ সপোন ভংগ কৰে সিংহল বাহিনীয়ে । ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত প্ৰথম বেটিং কৰি ভাৰতে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰে। এই লক্ষ্যত উপনীত হোৱা শ্ৰীলংকাই ১৮.৪ অভাৰত 2 টা উইকেট হেৰুৱাই ১৬৭ ৰাণ সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে ।
নিজৰ ইনিংছ আৰম্ভ কৰি শ্ৰীলংকাই 1.4 অভাৰত দলীয় 7 ৰাণতে বিশ্মি গুণাৰত্নেৰ উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও অধিনায়ক চামাৰি আথাপাথু আৰু হৰ্ষিতা সামাৰাৱিক্ৰমাই পৰিস্থিতি চম্ভালি লয় আৰু ক্ৰীজত খোপনি পুতি ভাৰতীয় বলাৰক নিৰ্দয় প্ৰহাৰ কৰে ৷ অধিনায়ক চামাৰি আথাপাথুৱে 43 বলৰ সন্মুখীন হৈ ব্যক্তিগত 61 ৰাণত পেভিলিয়নমুখী হোৱাৰ পিচত হৰ্ষিতা সামাৰাৱিক্ৰমাই (61)কবিশা দিলহাৰী (30*)ৰ সৈতে যুটি বান্ধি দলক বিজয় লক্ষ্যত উপনীত কৰোৱায় ৷ কবিশা দিলহাৰীয়ে 16 টা বলতে 30 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ভাৰতৰ হৈ দিপ্তী শৰ্মাই 1 টা উইকেট দখল কৰে ৷ উল্লেখ্য আজিৰ জয়েৰে শ্ৰীলংকা দলটোৱে প্ৰথমবাৰৰ বাবে মহিলা এছিয়া কাপৰ খিতাপ দখল কৰে ৷
ইফালে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ভাৰতীয় মহিলা দলটোৱে স্মৃতি মন্ধানাৰ বিস্ফোৰক 60 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 165 ৰাণ সংগ্ৰহ কৰে ৷ উইকেট কীপাৰ বেটছমেন ৰিছা ঘোষে 30 ৰাণৰ বৰঙণি আগবঢ়োৱাৰ লগতে জেমিমাহ ৰড্ৰিগ’জে 29 ৰাণৰ এটা ইনিংছ খেলে ৷ ইফালে আজিৰ মেচখনত ভাৰতৰ মূল একাদশত স্থান লাভ কৰা অসম কন্যা উমা চেত্ৰীয়ে 7টা বলৰ মুখামুখি হৈ ব্যক্তিগত 9 ৰাণত পেভিলিয়নমুখী হয় ৷ শ্ৰীলংকাৰ হৈ কবিশা দিলহাৰীয়ে 2 টা উইকেট দখল কৰাৰ বিপৰীতে শচীনী নিচানছালা, চামাৰি আথাপাথু আৰু প্ৰবোধনীয়ে এটাকৈ উইকেট দখল কৰে ৷
মূল একাদশত পৰিৱৰ্তন শ্ৰীলংকাৰ :
এই মেচখনত শ্ৰীলংকাই প্লেয়িং-11ত পৰিৱৰ্তন কৰে ৷ শ্ৰীলংকাই অচিনি কুলাচুৰিয়াৰ ঠাইত শচীনী নিচানছালাক দলত অন্তৰ্ভূক্ত কৰে ৷ বিপৰীতে ভাৰতীয় দলটোৱে এই মেচখনত ছেমি ফাইনেলৰ প্লেয়িং-11 ৰ সৈতে খেলপথাৰত নামিছিল ৷