ETV Bharat / sports

অনুৰাগীয়ে সুধিছে "বিয়া কেতিয়া": ডায়মণ্ড লীগৰ পিছতে পুনৰ চৰ্চাত নীৰজ চোপ্ৰা-মনু ভাকৰ - MANU BHAKER AND NEERAJ CHOPRA

author img

By ETV Bharat Sports Team

Published : Sep 16, 2024, 7:44 PM IST

Manu Bhaker congratulate Neeraj Chopra: পেৰিছ অলিম্পিকত শ্বুটিঙত ভাৰতৰ হৈ দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকৰে ডায়মণ্ড লীগৰ ফাইনেলৰ পাছত সুকীয়া শৈলীৰে অভিনন্দন জনাই নীৰজ চোপ্ৰাক । তেতিয়াৰ পৰাই সামাজিক মাধ্যম ভাইৰেল হৈ পৰিছে অনুৰাগীৰ প্ৰশ্নৰে ৷ সকলোৱে সুধিছে "বিয়া কেতিয়া" ৷ পঢ়ক বিতং খবৰ...

MANU BHAKER AND NEERAJ CHOPRA
মনু ভাকৰ আৰু নীৰজ চোপ্ৰা (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ: পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰা শ্বুটাৰ মনু ভাকৰে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে দেশৰ তাৰকা জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাক জনাইছে অভিনন্দন । তেতিয়াৰ পৰাই ভাকৰৰ সামাজিক মাধ্যমৰ একাউণ্ট ভৰি পৰে অনুৰাগীৰ কমেণ্টৰে ৷

বিষয়টোৱে এনে এক পৰ্যায় পাইছেগৈ যে, অনুৰাগীসকলে দুয়োৰে বিবাহৰ সন্দৰ্ভতো কমেণ্টৰ জৰিয়তে প্ৰশ্ন সোধে ৷ দৰাচলতে 2024 চনৰ পেৰিছ অলিম্পিকৰ সময়তে দুয়োগৰাকী খেলুৱৈৰ মাজত প্ৰেমৰ সম্পৰ্কক লৈ প্ৰকাশ পাইছিল বহু খবৰ ৷

মনু আৰু নীৰজৰ বিবাহ সন্দৰ্ভত অনুৰাগীৰ প্ৰশ্ন

মনু ভাকৰ আৰু নীৰজ চোপ্ৰাৰ ডেটিং আৰু এফেয়াৰ্ছৰ খবৰৰ ঢৌৰ মাজতে পেৰিছতেই মনুৰ মাতৃক সাক্ষাৎ কৰে নীৰজ চোপ্ৰাই ৷ এই বিশেষ মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত আন এক মুহূৰ্তত মনু আৰু নীৰজক দেখা যায় একেলগে । এই ফটোবোৰত দুয়োৰে কেমিষ্ট্ৰী বহুত ভাল দেখা গৈছিল । এই দুয়োগৰাকী খেলুৱৈ হাৰিয়ানাৰ বাসিন্দা ।

মনু ভাকৰে নীৰজ চোপ্ৰাক বিশেষভাৱে জনালে অভিনন্দন

ডায়মণ্ড লীগ 2024 ৰ ফাইনেলত মাত্ৰ 1 ছেণ্টিমিটাৰৰ বাবে খিতাপ হেৰুওৱা নীৰজ চোপ্ৰাক বিশেষ শৈলীৰে অভিনন্দন জনাই মনু ভাকৰে । নিজৰ এক্স একাউণ্টত পোষ্ট কৰি 2024 চনৰ ছিৰিজৰ সামৰণিৰ বাবে নীৰজক অভিনন্দন জনাইছে ভাৰতীয় শ্বুটাৰগৰাকীয়ে ।

নীৰজক উদ্দেশ্যি কৰা পোষ্টটোত মনুৱে এনেদৰে লিখিছে, "2024 চনৰ এটা বৃহৎ ছিজনৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন । আগন্তুক বছৰবোৰত আপোনাৰ আশু-আৰোগ্য আৰু অধিক সফলতা কামনা কৰিলো" ।

সামাজিক মাধ্যমত অনুৰাগীৰ অদ্ভুত প্ৰশ্ন

মনু ভাকৰৰ এই পোষ্টৰ পিছত অনুৰাগীসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা গৈছিল । এই সময়ত বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে দুয়োগৰাকীৰ মাজত কিবা এটা চলি থকা বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশ ব্যৱহাৰকাৰীয়ে মনু-নীৰজক তেওঁলোকৰ বিবাহ সম্পৰ্কে প্ৰশ্ন কৰে ।

অৱশ্যে প্ৰেমৰ বিষয়টোত দুয়োগৰাকী তাৰকা খেলুৱৈয়ে আজিলৈকে প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া ৷ আনকি মনুৰ পৰিয়ালেও এই খবৰ অস্বীকাৰ কৰিছে । প্ৰেমৰ সলনি মনুৱে বৰ্তমান কেৱল নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব বিচাৰে ।

লগতে পঢ়ক: বিয়াত বহিব নেকি মনু ভাকৰ-নীৰজ চোপ্ৰা ? বিষয়টোত ষ্টাৰ শ্বুটাৰৰ পিতৃয়ে প্ৰথমবাৰৰ বাবে খুলিলে মুখ - rumours of Manu and Neeraj Affair

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.