স্প’ৰ্টছ ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে আজি অৰ্থাৎ মঙলবাৰে পালন কৰিছে জন্মদিন ৷ মাষ্টাৰ ব্লাষ্টাৰ খ্যাত শচীন তেণ্ডুলকাৰৰ পিছত ভাৰতৰ অন্যতম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিচিত বিৰাট কোহলী ।
সমান্তৰালকৈ কোহলী হৈছে বিশ্ব ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ক্ৰিকেটাৰ । দেশৰ লগতে বিশ্বৰ প্ৰতিটো কোণত আছে বিৰাটৰ অনুৰাগী । অনুৰাগীৰ মাজত জনপ্ৰিয়ভাৱে কিং কোহলী বুলিও জনাজাত ভাৰতীয় ক্ৰিকেটাৰগৰাকী । তেওঁৰ কভাৰ ড্ৰাইভ বিশ্ব ক্ৰিকেটত যথেষ্ট বিখ্যাত ।
অনুৰাগীৰ মাজত জনপ্ৰিয় কিং কোহলী হিচাপে (IANS Photo) মঙলবাৰে 36 বছৰ সম্পূৰ্ণ কৰে বিৰাট কোহলীয়ে । 1988 চনৰ 5 নৱেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰিছিল বিৰাটে । দিল্লীত তেওঁৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাৰ পৰা ক্ৰিকেট শিকিবলৈ আৰম্ভ কৰিছিল । 2008 চনত ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত আন্তৰ্জাতিক অভিষেক ঘটায় বিৰাট কোহলীয়ে ।
পৰৱৰ্তী সময়ত অৰ্থাৎ 2017 চনৰ 11 ডিচেম্বৰত ইটালীত বিৰাটে বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । এতিয়া তেওঁৰ আছে দুটাকৈ সন্তানেৰে (এগৰাকী কন্যা আৰু এজন ল’ৰা) ভৰা এখন সুখী সংসাৰ ৷
টি-20 বিশ্বকাপত সৰ্বাধিক ৰাণ আছে কোহলীৰ নামত (IANS Photo) ভাৰতীয় তাৰকা বেটছমেনগৰাকীৰ জন্মদিন উপলক্ষে তেওঁ স্থাপন কৰা 5 টা অভিলেখৰ বিষয়ে এই প্ৰতিবেদনত উল্লেখ কৰা হ’ল ৷
বিৰাট কোহলীৰ 5 টা বৃহৎ অভিলেখ
10 হাজাৰ ৰাণ সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত ক্ৰিকেটাৰ
বিৰাট কোহলী বিশ্ব ক্ৰিকেটত 10 হাজাৰ ৰাণ সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত খেলুৱৈত পৰিগণিত হৈছে । বিৰাটে 205 টা ইনিংছত এই মাইলৰ খুঁটি অৰ্জন কৰে । আনহাতে, শচীনে 259 ইনিংছত সম্পূৰ্ণ কৰিছে 10 হাজাৰ ৰাণ ।
শচীন তেণ্ডুলকাৰৰ সৈতে বিশেষ মুহূৰ্তত কোহলী (IANS Photo) এখন মেচত শতক আৰু শূন্যত আউট
2018 চনত ইডেন গাৰ্ডেনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা এখন মেচত অধিনায়ক হিচাপে বিৰাট কোহলী প্ৰথম ইনিংছত শূন্য ৰাণত আউট হৈছিল । ইয়াৰ পিছত দ্বিতীয় ইনিংছত বিৰাটে শতক অৰ্জন কৰি এক অনন্য অভিলেখ গঢ়িছিল । তেওঁ একেখন মেচতে শতক অৰ্জন কৰা আৰু শূন্যত আউট হোৱা প্ৰথমগৰাকী অধিনায়ক ।
দৌৰি দৌৰিয়েই অৰ্জন অধিকাংশ শতক
ৰাণ সংগ্ৰহৰ বাবে কৰা সংগ্ৰামৰ সময়তো সৰ্বাধিক শতক অৰ্জন কৰা বিৰাট কোহলী প্ৰথমগৰাকী খেলুৱৈ । এনেদৰে 27 বাৰকৈ শতক অৰ্জন কৰি দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে কোহলীয়ে ৷ আনহাতে, শচীন তেণ্ডুলকাৰে মুঠ 17 বাৰ এই কৃতিত্ব অৰ্জন কৰিছে ।
10 হাজাৰ ৰাণ সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত ক্ৰিকেটাৰ (IANS Photo) এটাও বল নকৰাকৈ উইকেট দখল
বিৰাট কোহলীয়ে 2011 চনত নীতিগতভাৱে বলিং নকৰাকৈ দখল কৰিছিল এটা উইকেট ৷ কোহলীয়ে এটা ৱাইড বল দিছিল আৰু মহেন্দ্ৰ সিং ধোনীয়ে ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন কেভিন পিটাৰছেনক ষ্টাম্প কৰিছিল ।
ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলী (IANS Photo) টি-20 বিশ্বকাপত সৰ্বাধিক ৰাণ
বিৰাট কোহলী টি-20 বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী । বিৰাটে 35 খন মেচৰ 33 টা ইনিংছত 15 টা অৰ্ধশতকৰ সৈতে সংগ্ৰহ কৰিছে 1292 ৰাণ, যি হৈছে সৰ্বাধিক । তেওঁ 111 টা চাৰি আৰু 35 টা ছয় কোবাইছে । বিৰাটে 2014 চনৰ টি-20 বিশ্বকাপত সংগ্ৰহ কৰিছিল 319 ৰাণ ।
লগতে পঢ়ক:2 টা বলত 3 উইকেট... ক্ৰিকেটৰ ইতিহাসত এক অবিশ্বাস্য অভিলেখ