অসম

assam

ETV Bharat / sports

পৰাজয়ৰ পৰা ৰক্ষা কৰিব প্ৰভুৱে ! পত্নীৰ সৈতে ভজনত অংশগ্ৰহণ বিৰাট কোহলীৰ

Krishna das kirtan: বেংগালুৰু টেষ্টত পৰাজয়ৰ পিছত পত্নীৰ সৈতে ভজনত অংশগ্ৰহণ ক্ৰিকেটাৰ বিৰাট কোহলীৰ ৷ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’ ৷

By ETV Bharat Sports Team

Published : 4 hours ago

VIRAT KOHLI VIRAL VIDEO
পত্নীৰ সৈতে ভজনত অংশগ্ৰহণ ক্ৰিকেটাৰ বিৰাট কোহলীৰ (X video Screengrab)

স্প’ৰ্টছ ডেস্ক: এইবাৰ প্ৰভুৱে বচালেহে বচোৱা আৰু ! এনে মনোভাৱকে সাৰথি কৰি ক্ৰিকেটাৰ বিৰাট কোহলী পত্নী অনুস্কা শৰ্মাৰ সৈতে উপস্থিত হ’ল শ্ৰীকৃষ্ণৰ ভজনত ৷ বেংগালুৰু টেষ্টত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ লজ্জাজনক পৰাজয়ৰ পিছত টীম ইণ্ডিয়াৰ সদস্যসকল সন্মুখীন হৈছে সমালোচনাৰ ৷

সুদীৰ্ঘ 36 বছৰৰ পিছত ঘৰৰ মাটিতে টেষ্টত পৰাজয়বৰণ কৰে ভাৰতে ৷ বিশেষকৈ বেংগালুৰু টেষ্টৰ প্ৰথম ইনিংছত দলটো মাত্ৰ 46 ৰাণতে অল আউট হোৱাৰ পিছত সন্মুখীন হৈছিল সমালোচনাৰ ৷

ভজনত অংশগ্ৰহণ বিৰাট কোহলীৰ

ভাৰতৰ সোঁহতীয়া তাৰকা বেটছমেন বিৰাট কোহলীয়ে বেংগালুৰু টেষ্টত পৰাজয়ৰ কেইঘণ্টামান পিছতে পত্নী অনুষ্কা শৰ্মাৰ সৈতে মুম্বাইৰ কৃষ্ণ দাস ভজনত অংশগ্ৰহণ কৰিছিল ৷ পৰৱৰ্তী সময়ত এই ভজনৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত ।

অৱশ্যে কথাটো আপুনি বা মই ভবাৰ দৰে শুদ্ধ নহয় ৷ দেওবাৰে আছিল কৰৱাচৌথৰ ব্ৰত ৷ তেনেক্ষেত্ৰত ক্ৰিকেটক বাদ দি সততে পৰিয়ালৰ প্ৰতি থকা প্ৰেমৰ বাবে বিখ্যাত ক্ৰিকেটাৰগৰাকীয়ে পত্নীক কোনো কথাত না কৰাৰ প্ৰশ্নই নুঠে ৷ সেয়ে সপত্নীক বিৰাট কোহলী উপস্থিত হয় মুম্বাইৰ এক ধৰ্মীয় অনুষ্ঠানত ৷

লগতে পঢ়ক:বেংগালুৰু টেষ্টত ভাৰতৰ পৰাজয়ৰ পিছত নেটত অনুশীলন মহম্মদ ছামীৰ; দিলে প্ৰত্যাৱৰ্তনৰ ইংগিত

পৰৱৰ্তী সময়ত এই ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷ ভাইৰেল হৈ পৰা ভিডিঅ'টোত ভজনৰ সময়ত দুয়োকে সংগীতৰ মাজত বিলীন হৈ পৰা দেখা যায় ৷

আন এক ভিডিঅ’ত অনুষ্কাক কৃষ্ণৰ ভজন গাই থকাও দেখা গৈছিল । কোহলী আৰু অনুস্কাৰ এই আধ্যাত্মিক দৃষ্টিভংগীয়ে তাত উপস্থিত থকা আন আন দম্পতীৰ লগতে অনুৰাগীসকলক উৎসাহিত কৰি তুলিছিল ।

ৰোহিত শৰ্মা আৰু আন একাংশ খেলুৱৈ পুনেলৈ ৰাওনা

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত পৰাজয়ৰ পিছত অধিনায়ক ৰোহিত শৰ্মাকে ধৰি অধিকাংশ ভাৰতীয় খেলুৱৈ পুনেলৈ ৰাওনা হৈছে ৷ 24 অক্টোবৰৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগা দ্বিতীয়খন টেষ্ট মেচত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাওনা হৈছে দলটো ।

বিপৰীতে কোহলীয়ে নিজৰ পৰিয়ালৰ সৈতে সময় কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি মুম্বাইলৈ গুচি গৈছিল । পৰৱৰ্তী সময়ত পত্নী অনুস্কাৰ সৈতে কৃষ্ণ ভজনত অংশগ্ৰহণ কৰে ভাৰতৰ তাৰকা বেটছমেনগৰাকীয়ে ৷

পূৰ্বেও দেখা গৈছিল ভজনত

ইয়াৰ আগতে জুলাই মাহত ভাৰতে টি-20 বিশ্বকাপৰ খিতাপ জয়ৰ পিছত কোহলী উৰা মাৰিছিল লণ্ডনলৈ ৷ বিদেশত গৈয়ো দম্পতীটোৱে অংশগ্ৰহণ কৰিছিল এনে ধৰণৰ আধ্যাত্মিক অনুষ্ঠানত ৷

লগতে পঢ়ক:দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে দল ঘোষণা; ৱাশ্বিংটন সুন্দৰক মূল একাদশত অন্তৰ্ভুক্ত

ABOUT THE AUTHOR

...view details