স্প’ৰ্টছ ডেস্ক, 25 আগষ্ট: ভাৰতৰ তাৰকা মহিলা মল্লযোদ্ধা বিনেশ ফোগাটৰ আজি 30 তম জন্মদিন ৷ বিনেশে শেহতীয়াকৈ অতিবাহিত কৰিছে কঠিন সময় ৷ পেৰিছ অলিম্পিকত স্বৰ্ণপদক হেৰুৱাই মল্লযোদ্ধাগৰাকী যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । আজি আমি আপোনাক বিনেশৰ জীৱনৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় কথাৰ লগতে খেলুৱৈগৰাকীৰ কিছুমান অভিলেখৰ কথা জনাবলৈ লৈছো ৷
বিনেশ ফোগাটৰ জীৱনৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ বিষয়বোৰ
- 1994 চনৰ 25 আগষ্টত হাৰিয়ানাৰ ভিৱানী জিলাৰ বালালী গাঁৱত বিনেশ ফোগাটৰ জন্ম হৈছিল ৷
- বিনেশ ফোগাটৰ খুৰাক মহাবীৰ সিং ফোগাট এজন মল্লযোদ্ধা আছিল । তেওঁ দুই কন্যা ক্ৰমে গীতা আৰু ববিতাকো মল্লযোদ্ধা হিচাপে তৈয়াৰ কৰিছিল ৷
- বিনেশে সম্পৰ্কীয় ভাতৃ-ভগ্নীৰ লগতে খুৰাকৰ পৰা কুস্তিৰ অ আ, ক খ শিকিছিল ৷
- বিনেশে 9 বছৰ বয়সত পিতৃ ৰাজপাল ফোগাটক হেৰুৱাইছিল । ইয়াৰ পিছত তেওঁৰ মাতৃয়ো আক্ৰান্ত হৈছিল দুৰাৰোগ্য কৰ্কট ৰোগত ৷
- ভাৰতৰ এই তাৰকা মল্লযোদ্ধাগৰাকীয়ে সোমবীৰ ৰাঠীৰ সৈতে বিয়াত বহে ৷ সোমবীৰো এজন মল্লযোদ্ধা আছিল । তেওঁলোকে অগ্নিক সাক্ষী কৰি 8 বাৰ প্ৰদক্ষিণ কৰিছিল ৷ অষ্টমবাৰৰ বাবে কৰা প্ৰদক্ষিণটো "বেটি বচাও বেটি পঢ়াও" অভিযানৰ বাবে আছিল ৷
- ভাৰতীয় কুস্তি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা বিজেপি নেতা ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰত বিনেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ দিল্লীৰ যন্তৰ-মন্তৰত ব্ৰীজভূষণৰ বিৰুদ্ধে ন্যায়ৰ বাবে যথেষ্ট যুঁজ দিছিল ।
বিনেশৰ কেৰিয়াৰ আৰু অভিলেখ
- 2013 চনত দিল্লীত অনুষ্ঠিত এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত 52 কিল’গ্ৰাম ওজনৰ শাখাত ব্ৰঞ্জৰ পদক জয় কৰি সংবাদ শীৰ্ষলৈ আহিছিল বিনেশ ৷
- ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপত বিনেশে ৰূপৰ পদক অৰ্জন কৰে ৷
- বিনেশে 2014 চনৰ কমনৱেলথ গেমছত সোণৰ পদক আৰু এছিয়ান গেমছ 2018 ত সোণৰ পদক জিকিছিল ৷
- বিনেশে 2018 ৰ কমনৱেলথ গেমছত 50 কিল’গ্ৰাম ওজনৰ শাখাত সোণৰ পদক জয় কৰে ৷
- কমনৱেলথ গেমছত বিনেশে 3 টা, বিশ্ব চেম্পিয়নশ্বিপত 2 টা ব্ৰঞ্জৰ পদক, এছিয়ান গেমছত এটা সোণৰ পদক, 2019 চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জ আৰু 2021 চনৰ এছিয়ান চেম্পিয়নছত সোণৰ পদক লাভ কৰে ।
- বিনেশে 2016 চনৰ ৰিঅ' অলিম্পিক, 2020 ত টকিঅ' অলিম্পিক আৰু 2024 চনত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছে । কিন্তু খেলুৱৈগৰাকীয়ে এবাৰো জিকিব নোৱাৰিলে পদক ৷
পেৰিছ অলিম্পিক 2024 ত ভাগ্য সু-প্ৰসন্ন নাছিল বিনেশৰ