অসম

assam

ETV Bharat / sports

নিউজিলেণ্ডৰ বিৰুদ্ধে ঘোষণা কৰা এদিনীয়া দলত স্থান লাভ উমা ছেত্ৰীৰ

Ind vs NZ womens cricket: নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা ক্ৰিকেটৰ দল ঘোষণা ৷ দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ ৷

By ETV Bharat Sports Team

Published : 5 hours ago

IND VS NZ WOMENS ONE DAY SERIES
ভাৰতীয় দল ঘোষণা (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 18 অক্টোবৰ: ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব 3 খন মেচৰ এদিনীয়া শৃংখলা ৷ এই শৃংখলাটোৰ বাবে ঘোষণা কৰা হৈছে 16 জনীয়া ভাৰতীয় দলটো ৷ দলটোৰ নেতৃত্ব বহন কৰিব হৰমনপ্ৰীত কৌৰে ৷

অৱশ্যে দলৰ পৰা বাদ পৰিছে উইকেটকীপাৰ বেটছমেন ৰিচা ঘোষ ৷ ইয়াৰ কাৰণ হৈছে ক্ৰিকেটাৰগৰাকীয়ে এইবেলি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৷

উমা ছেত্ৰীৰ স্থান লাভ

নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে অংশ ল’বলগীয়া এদিনীয়া শৃংখলাটোত স্থান লাভ কৰিছে অসম কন্যা উমা ছেত্ৰীয়ে ৷ সোঁহতীয়া বেটছমেনগৰাকীয়ে সম্প্ৰতি দেশৰ হকে জাতীয় দলৰ হৈ খেলি আছে ৷

দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ'ব ৰিচা ঘোষ

নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক ঘৰুৱা এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ পৰা বিৰত থাকিব ৰিচা ঘোষ ৷ কিয়নো খেলুৱৈগৰাকী এইবাৰ অৱতীৰ্ণ হ’ব দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৷

21 বছৰীয়া ঘোষ 2020 চনৰে পৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য হিচাপে দায়িত্ব পালন কৰি আছে ৷ মাত্ৰ 16 বছৰ বয়সৰে পৰা দেশৰ হকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰি আহিছে ৰিচাই ৷ আনহাতে, বি চি চি আইয়ে ঘোষৰ ছুটি সন্দৰ্ভত কৰা আবেদনত জনাইছে অনুমোদন ।

হৰমনপ্ৰীতে দিব দলৰ নেতৃত্ব

24 ৰ পৰা 29 অক্টোবৰলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে আহমেদাবাদত অনুষ্ঠিত হ’ব এই এদিনীয়া শৃংখলা ৷ আই চি চি মহিলা টি 20 বিশ্বকাপত ভাৰতৰ হতাশাজনক প্ৰদৰ্শনৰ পিছত এই শৃংখলা দলটোৰ বাবে নতুন আৰম্ভণি হিচাপে চিহ্নিত হ’ব ৷

বিশ্বকাপৰ লীগ পৰ্যায়ৰ পৰা ভাৰতে বিদায় লোৱাৰ পিছতে হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্ব সন্দৰ্ভত উত্থাপিত হৈছিল বহু প্ৰশ্ন ৷ তাৰপিছতো কিন্তু এদিনীয়া শৃংখলাটোৰ বাবে হৰমনপ্ৰীত কৌৰকে প্ৰদান কৰা হৈছে নেতৃত্বৰ দায়িত্ব ৷

নিউজিলেণ্ডৰ বিৰুদ্ধে 3 খন এদিনীয়া খেলৰ বাবে ভাৰতীয় দলটো

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা (সহ অধিনায়ক), শ্বেফালী বাৰ্মা, ডি হেমলতা, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগছ, যশতিকা ভাটিয়া (উইকেটকীপাৰ), উমা ছেত্ৰী (উইকেটকীপাৰ), চয়ালী সতগাৰে, অৰুন্ধতী ৰেড্ডী, ৰেণুকা সিং ঠাকুৰ, তেজাল হাছাবনিছ, চাইমা থোকাৰ, প্ৰিয়া পাটিল আৰু শ্ৰেয়াংকা ৰাধা কৌৰ ।

লগতে পঢ়ক:টি 20 মহিলা বিশ্বকাপত অঘটন; ছেমি ফাইনেলৰ পৰাই বিদায় অষ্ট্ৰেলিয়াৰ

ABOUT THE AUTHOR

...view details