স্প’ৰ্টছ ডেস্ক: আলবেনিয়াৰ তিৰানাত অনুষ্ঠিত অনুৰ্ধ-23 বিশ্ব কুস্তি চেম্পিয়নশ্বিপৰ অন্তিম দিনা পুৰুষৰ ফ্ৰী-ষ্টাইল 57 কিল’গ্ৰাম শাখাত 18 বছৰীয়া চিৰাগ চিকাৰাই স্বৰ্ণ জয় কৰে ৷ যি হৈছে এই প্ৰতিযোগিতাত ভাৰতে লাভ কৰা একমাত্ৰ সোণৰ পদক ।
চিৰাগে ফাইনেলৰ এক ৰোমাঞ্চকৰ মেচত কিৰগিজস্তানৰ আব্দিমালিক কাৰাচোভক 4-3 ব্যৱধানত পৰাস্ত কৰে । পেৰিছ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী অমন চেহৰাৱতৰ পিছত এই যুৱ খেলুৱৈগৰাকীয়ে দ্বিতীয়গৰাকী মল্লযোদ্ধা হিচাপে অনুৰ্ধ-23 চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰাৰ কৃতিত্ব অৰ্জন কৰে ।
প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত জাপানৰ গাটুকো ওজাৱাক 6-1 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰাৰ পিছত কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ ইউনাছ ইভাবাটিৰোভৰ বিৰুদ্ধে 12-2 ব্যৱধানত জয়লাভ কৰে চিৰাগে ৷
একেদৰে ছেমি ফাইনেলত চিৰাগে কাজাখস্তানৰ এলান অৰেলবেকৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি ফাইনেলত উপনীত হয় ৷
চিৰাগে অমন চেহৰাৱতৰ পদাংক অনুসৰণ কৰি আছে, যিয়ে যোৱা বছৰ 57 কিল’গ্ৰাম শাখাত অনুৰ্ধ-23 কুস্তিত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণপদক জিকিছিল । আনহাতে, ৰিতিকা হুদাই মহিলাৰ 76 কিল’গ্ৰাম শাখাত জিকিছিল সোণৰ পদক ।
পুৰুষৰ ফ্ৰী-ষ্টাইল ইভেণ্টত সুজিত কালকালে 70 কিল’গ্ৰাম শাখাত তাজিকিস্তানৰ মুস্তাফো আখমেদভৰ বিৰুদ্ধে 13-4 ব্যৱধানত জয়লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে । লগতে বিকি চাহাৰে ইউক্ৰেইনৰ প্ৰাক্তন অনুৰ্ধ-20 বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী ইভান প্ৰাইমচেংকোক 7-2 ব্যৱধানত পৰাস্ত কৰি 97 কিল’গ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।
61 কিল’গ্ৰাম শাখাত অভিষেকে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷ ইয়াৰ পিছত ভাৰতে চাৰিটা পদক অৰ্জন কৰে আৰু ইৰাণ, জাপান, আজাৰবাইজানৰ পিছত পদক তালিকাত লাভ কৰে চতুৰ্থ স্থান । আনহাতে, ভাৰতৰ মহিলা ফ্ৰী-ষ্টাইল দলে লাভ কৰে পঞ্চম স্থান ৷
ভাৰতে চেম্পিয়নশ্বিপত মুঠ 9 টা পদক (1 টা সোণ, 1 টা ৰূপ আৰু 7 টা ব্ৰঞ্জ সহ) জয় কৰে ৷
লগতে পঢ়ক:ইমাৰ্জিং এছিয়া কাপত শ্ৰীলংকাক পৰাস্ত কৰি আফগানিস্তানৰ ইতিহাস