অসম

assam

ETV Bharat / sports

চেম্পিয়নছ ট্ৰফীত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ ভাবুকি : সতৰ্ক কৰিলে পাকিস্তানৰ চোৰাংচোৱা সংস্থাই - CHAMPIONS TROPHY 2025

পাকিস্তানৰ চোৰাংচোৱা সংস্থাই ইছলামিক ষ্টেট খোৰাচান প্ৰদেশৰ কূটাঘাতমূলক পৰিকল্পনাৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছে ।

Champions Trophy 2025
চেম্পিয়নছ ট্ৰফীত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ ভাবুকি (AP)

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 6:35 PM IST

ইছলামাবাদ :পাকিস্তানত বৰ্তমান আই চি চি চেম্পিয়নছ ট্ৰফীৰ উন্মাদনা । প্ৰতিযোগিতাখনৰ চূড়ান্ত মেচ ৯ মাৰ্চত অনুষ্ঠিত হ'ব । আনহাতে, প্ৰতিযোগিতাখনৰ বহু প্ৰত্যাক্ষিত মেচখন 23 ফেব্ৰুৱাৰী দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত ডুবাইত অনুষ্ঠিত হয় । ইফালে এই প্ৰতিযোগিতাৰ মাজতে ইছলামিক ষ্টেট সন্ত্ৰাসবাদী সংগঠনৰ ভাবুকিৰ ছাঁ পৰিছে । পাকিস্তানৰ চোৰাংচোৱা সংস্থাই এক সম্ভাৱ্য বিপদৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছে ।

পাকিস্তানৰ চোৰাংচোৱা সংস্থাই জাৰি কৰিছে সতৰ্কবাণী

ইছলামিক ষ্টেট খোৰাচান প্ৰদেশে (আই এছ কে পি) পাকিস্তানত খেল উপভোগ কৰিবলৈ অহা বিদেশী নাগৰিকসকলক অপহৰণ কৰা বা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে বুলি এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । পাকিস্তানৰ চোৰাংচোৱা সংস্থায়ো এই বিষয়ে সতৰ্ক কৰি দিছে ।

উল্লেখ্য যে 1996 চনৰ পিছত অৰ্থাৎ প্ৰায় তিনি দশকৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানে কোনো আই চি চি প্ৰতিযোগিতা আয়োজন কৰিছে । অৱশ্যে ভাৰতে নিজৰ মেচসমূহ ডুবাইত খেলি আছে । কিয়নো নিৰাপত্তাৰ কথা উল্লেখ কৰি ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰে ।

প্ৰতিযোগিতাৰ আৰম্ভণিৰ পৰাই পাকিস্তান কেইবাটাও বিতৰ্কত জড়িত হৈ পৰিছে

আনহাতে, ইতিমধ্যে প্ৰতিযোগিতাখনৰ আৰম্ভণিৰে পৰাই পাকিস্তান কেইবাটাও বিতৰ্কত জড়িত হৈ পৰিছে । প্ৰতিযোগিতাখনত ভাৰতীয় পতাকা প্ৰদৰ্শন নকৰাৰ পৰা ইংলেণ্ড বনাম অষ্ট্ৰেলিয়াৰ মেচৰ সময়ত ভুলবশতঃ ভাৰতৰ জাতীয় সংগীত বজোৱালৈকে আয়োজকসকলৰ মাজত সৃষ্টি হোৱা বিশৃংখলতাৰে আয়োজক পাকিস্তান সমস্যাৰ সন্মুখীন হৈছে । ইয়াৰ মাজতে চোৰাংচোৱা সংস্থাৰ পৰা সন্ত্ৰাসবাদীৰ সম্ভাৱ্য বিপদৰ সতৰ্কবাণীয়ে চৰকাৰক বিপদত পেলাইছে । কিয়নো ২০০৯ চনত লাহোৰত শ্ৰীলংকান দলৰ বাছত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ স্মৃতি এতিয়াও সতেজ হৈ আছে । সেই বেদনাদায়ক আক্ৰমণৰ কথা মনত ৰাখি পাকিস্তানে বৰ্তমানৰ আই চি চি প্ৰতিযোগিতাখন সফলতাৰে সমাপ্ত কৰাত এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।

চেম্পিয়নছ ট্ৰফীত সন্ত্ৰাসবাদীৰ ভাবুকিৰ ছাঁ

ইণ্ডিয়া ট্ৰেডৰ প্ৰতিবেদন অনুসৰি, নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ ইছলামিক ষ্টেট খোৰাচান প্ৰদেশে (আই এছ কে পি) মুখ্য চহৰৰ পৰা কিছু দূৰৈত এটা ঘাটি নিৰ্মাণ কৰিছে, যিটোত বাইক বা ৰিক্সা অবিহনে গৈ পোৱাটো সম্ভৱ নহয় । তেওঁলোকে ইচ্ছাকৃতভাৱে কেমেৰাৰ নিৰীক্ষণ নথকা কোনো ঠাইলৈ অপহৃত ব্যক্তিক নিশাৰ আন্ধাৰৰ সুযোগত নিৰাপত্তা বাহিনীৰ চকুত ধূলি মাৰি লৈ যাব পাৰে ।

সন্ত্ৰাসবাদী সংগঠনবোৰৰ লক্ষ্যত আছে মুখ্যতঃ চীন বা আৰবৰ নাগৰিক । সন্ত্ৰাসবাদী সংগঠনসমূহে বন্দৰ অঞ্চল, বিমানবন্দৰ এলেকা বা বিভিন্ন কাৰ্যালয় অঞ্চলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বুলিও এন আই এয়ে প্ৰকাশ কৰিছে । আনহাতে, ইছলামিক ষ্টেটে কেৱল পাকিস্তানতে নহয়, আফগানিস্তানতো ইয়াৰ কাৰ্যকলাপৰ পৰিকল্পনা কৰিছে । যাৰ বাবে আফগানিস্তানৰ চোৰাংচোৱা সংস্থাই (জি ডি আই) নিজৰ বিষয়াসকলক গুৰুত্বপূৰ্ণ স্থানত সম্ভাৱ্য আই এছ কে পি আক্ৰমণৰ বিষয়ে জাননী জাৰি কৰিছে । লগতে সন্ত্ৰাসবাদী গোটটোৰ সৈতে জড়িত লোকসকলৰ সন্ধানত অভিযান তীব্ৰতৰ কৰিছে ।

উল্লেখ্য যে যোৱা বছৰ ইছলামিক ষ্টেট খোৰাচান প্ৰদেশ সমৰ্থিত সন্ত্ৰাসবাদী গোট আল-আজমে এক সংবাদ মাধ্যমৰ বিজ্ঞপ্তিত ক্ৰিকেটৰ তীব্ৰ বিৰোধিতা কৰিছিল । সন্ত্ৰাসবাদী দলটোৱে আফগান ক্ৰিকেট দলক সমৰ্থন কৰাৰ বাবে তালিবান চৰকাৰক সমালোচনা কৰি কৈছিল যে ক্ৰিকেটে জাতীয়তাবাদৰ জন্ম দিয়ে, যিটো ইছলামৰ জেহাদী আদৰ্শৰ বিপৰীত ।

পাকিস্তান দল প্ৰতিযোগিতাৰ পৰা বাহিৰ

ইফালে আয়োজক পাকিস্তান দল প্ৰতিযোগিতখনৰ পৰা বাহিৰ হৈছে । পাকিস্তান দলটোৱে প্ৰতিযোগিতাখনৰ প্ৰথম দুখন মেচত পৰাজয়বৰণ কৰিছে । ১৯ ফেব্ৰুৱাৰীত নিউজীলেণ্ডৰ হাতত প্ৰথমখন মেচত পৰাজিত হোৱাৰ পিছত ২৩ ফেব্ৰুৱাৰীত ভাৰতৰ হাততো পৰাজিত হয় ৰিজৱান বাহিনী । ফলত আয়োজক দলটো প্ৰতিযোগিতাখনৰ পৰা আগতীয়াকৈ বাহিৰ হ'বলগা হয় ।

লগতে পঢ়ক :চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত নিউজীলেণ্ড-ভাৰত, প্ৰতিযোগিতাৰ পৰা বাহিৰ পাকিস্তান-বাংলাদেশ - CHAMPIONS TROPHY 2025
লগতে পঢ়ক :পাকিস্তানে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব... কেনেকৈ ? - CHAMPIONS TROPHY 2025

ABOUT THE AUTHOR

...view details