স্পৰ্টছ ডেস্ক, ৩০ মাৰ্চ: আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ ১৫ জনীয়া দলটো এপ্ৰিল মাহৰ শেষ সপ্তাহত নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিক দল জমা দিয়াৰ অন্তিম তাৰিখ হৈছে ১ মে’ । ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এক সূত্ৰই শনিবাৰে এই তথ্য প্ৰদান কৰে । প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিটো দলে ২৫ মে’লৈকে নিজৰ আৰম্ভণি দলৰ খেলুৱৈ সলনি কৰাৰ সুযোগ পাব ।
বিচিচিআইৰ এক জ্যেষ্ঠ সূত্ৰই গোপনীয়তাৰ চৰ্তত পিটিআইক জনোৱা মতে, ‘এপ্ৰিল মাহৰ অন্তিম সপ্তাহৰ ভিতৰত ভাৰতীয় দলটো নিৰ্বাচন কৰা হ’ব আৰু এই সময়লৈকে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) প্ৰথম খণ্ড শেষ হ’ব ৷ যাৰবাবে ৰাষ্ট্ৰীয় বাছনি সমিতিখনে খেলুৱৈসকলৰ ফৰ্ম আৰু ফিটনেছ মূল্যায়ন কৰিব পৰা অৱস্থাত থাকিব ।
সূত্ৰটোৱে কয় যে, ‘১৯ মে’ত আই পি এলৰ লীগ পৰ্যায় শেষ হোৱাৰ লগে লগে প্ৰথমটো দল নিউয়ৰ্কলৈ ৰাওনা হ’ব । যিসকল খেলুৱৈৰ দলে ফাইনেল চাৰিৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিব, সেইসকল খেলুৱৈয়ে আগতীয়াকৈ যাব, যেনেকৈ যোৱা ডব্লিউ টি চিৰ ফাইনেলৰ সময়ত হৈছিল ।