অসম

assam

ETV Bharat / sports

সূৰ্যকুমাৰ যাদৱৰ অভিলেখৰে ভাৰতৰ হাতত ধৰাশায়ী আফগানিস্তান - T20 World Cup 2024 - T20 WORLD CUP 2024

Suryakumar Yadav : টি 20 বিশ্বকাপৰ চুপাৰ 8 ৰ এখন মেচত বৃহস্পতিবাৰে ভাৰতৰ বিৰুদ্ধে পৰাজিত হয় আফগানিস্তান ৷ এই মেচখনত ভাৰতীয় খেলুৱৈ সূৰ্যকুমাৰ যাদৱে স্থাপন কৰে অভিলেখ ৷

T20 WORLD CUP 2024
টি 20 বিশ্বকাপ (ANI PHOTOS)

By ETV Bharat Sports Team

Published : Jun 21, 2024, 8:12 AM IST

স্প’ৰ্টছ ডেস্ক, 21 জুন :সূৰ্যকুমাৰ যাদৱৰ বিধ্বংসী বেটিং বিক্ৰমেৰে আফগানিস্তানৰ বিৰুদ্ধে টি 20 বিশ্বকাপৰ চুপাৰ 8 ৰ এখন মেচত জয় লাভ কৰে ভাৰতে ৷

বৃহস্পতিবাৰে অনুষ্ঠিত এই মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে 20 অভাৰত 8 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 181 ৰাণ ৷ আফগানিস্তানে 182 ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নামি 134 ৰাণত অল আউট হয় ৷ ভাৰতে 47 ৰাণত আফগানিস্তানৰ বিৰুদ্ধে জয় লাভ কৰে ৷

লগতে পঢ়ক:ভাৰতৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে এইসকল আফগান ! - T20 World Cup 2024

এই মেচখনত সূৰ্যকুমাৰ যাদৱে অৰ্জন কৰে অৰ্ধশতক ৷ যাদৱে এই দৰ্শনীয় প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে ।

সূৰ্যকুমাৰ যাদৱৰ অভিলেখ অৰ্জন :

সূৰ্যকুমাৰ যাদৱ টি 20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ 200 ৰাণ সংগ্ৰহ কৰা তৃতীয়জন বেটছমেনত পৰিণত হৈছে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত মেচখনৰ পূৰ্বে সূৰ্যই 63 খন টি 20 মেচত অংশগ্ৰহণ কৰি 60 টা ইনিংছত সংগ্ৰহ কৰিছিল 195 টা চাৰি ৷ খেলুৱৈগৰাকীক 200 টা চাৰি সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন আছিল মাত্ৰ 5 টা চাৰিৰ ৷ যিটো কালিৰ মেচখনত সম্পূৰ্ণ হয় ৷

লগতে পঢ়ক:টি 20 বিশ্বকাপৰ চুপাৰ 8 ৰ মেচত ইংলেণ্ডৰ বিৰুদ্ধে ধৰাশায়ী ৱেষ্ট ইণ্ডিজ - T20 World Cup 2024

ইয়াৰ লগে লগে যাদৱে টি 20 ক্ৰিকেটত তেওঁৰ কেৰিয়াৰৰ 200 টা চাৰি সম্পূৰ্ণ কৰি ৰোহিত শৰ্মা(365 টা চাৰি) আৰু বিৰাট কোহলীৰ(362 টা চাৰি) পিছতে তৃতীয়গৰাকী বেটছমেনত পৰিণত হয়, যিয়ে টি 20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ 200 টা চাৰি সংগ্ৰহ কৰিছিল ৷

যাদৱে সংগ্ৰহ কৰে অৰ্ধশতক :

এই মেচখনত সূৰ্যই 28 টা বলত 5 টা চাৰি আৰু 3 টা ছয়েৰে সংগ্ৰহ কৰে 53 ৰাণ ৷ এই ইনিংছৰ সময়চোৱাত সূৰ্যৰ ষ্ট্ৰাইক ৰেট আছিল 189.28, যাৰ বাবে মেচৰ শেষত লাভ কৰে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷

লগতে পঢ়ক:ছুপাৰ-৮ৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ১৮ ৰাণত পৰাস্ত আমেৰিকা - ICC T20 World Cup 2024

ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে খেলপথাৰত তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰি কয় যে অধিনায়কগৰাকীয়ে যাদৱৰ সামৰ্থক ভালদৰে বুজি পায় ৷ আন্তৰাষ্ট্ৰীয় কেৰিয়াৰত ৰোহিতৰ সৈতে একেলগে বহু মেচত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাও যাদৱে ৰাজহুৱা কৰে ৷ অধিনায়কগৰাকীয়ে যাদৱৰ ওপৰত ৰখা বিশ্বাসৰ বাবে ধন্যবাদো জ্ঞাপন কৰে ৷

টি 20 বিশ্বকাপৰ কেৰিয়াৰত সূৰ্যকুমাৰ যাদৱৰ প্ৰদৰ্শন:

টি 20 বিশ্বকাপত সূৰ্যকুমাৰ যাদৱৰ যাত্ৰা বৰ্তমানলৈকে চমকপ্ৰদ ৷ যাদৱে বৰ্তমানলৈকে টি 20 বিশ্বকাপৰ ইতিহাসত 14 খন মেচত অংশগ্ৰহণ কৰি 13 টা ইনিংছত সংগ্ৰহ কৰিছে 393 ৰাণ ৷

এই সময়চোৱাত খেলুৱৈগৰাকীৰ গড় ৰাণ ৰেট হৈছে 49.12 আৰু ষ্ট্ৰাইক ৰেট 161.06 । তদুপৰি যাদৱে এই কেৰিয়াৰত অৰ্জন কৰিছে 5 টাকৈ অৰ্ধশতক ৷ ইয়াৰ লগতে তেওঁ সংগ্ৰহ কৰিছে 39 টা চাৰি আৰু 16 টা ছয় ৷

লগতে পঢ়ক:ছুপাৰ-৮ মেচৰ পূৰ্বে ভাৰতীয় তাৰকা বেটছমেন সন্দৰ্ভত ডাঙৰ মন্তব্য আফগান খেলুৱৈৰ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details