স্প’ৰ্টছ ডেস্ক, 20 জুন:আজি টি-২০ বিশ্বকাপ ২০২৪ত আফগানিস্তান আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’ব ছুপাৰ-৮ ৰ প্ৰথম খেলখন । ভাৰতৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত আফগানিস্তান দল । আফগান অধিনায়ক ৰছিদ খানৰ লগতে দলটোৰ আন খেলুৱৈসকলে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক প্ৰশংসা কৰিছে ।
ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰছিদ খানে মেচৰ পূৰ্বে কয় যে খেলৰ প্ৰতি বিৰাটৰ নিষ্ঠা, শক্তি আৰু ধৈৰ্য্য অবিশ্বাস্য । তেওঁ সদায় শক্তিৰে পৰিপূৰ্ণ হৈ থাকে । ৰছিদ খানে কয় যে কোহলীৰ ফিটনেছ উচ্চ স্তৰত আছে আৰু তেওঁ সদায় বলাৰৰ ওপৰত চাপ প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে । তেওঁৰ শক্তিয়ে তেওঁক আন খেলুৱৈতকৈ পৃথক কৰি তোলে, যাৰ বাবে তেওঁ ধাৰাবাহিকভাৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় ।
লগতে পঢ়ক:ভাৰতৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে এইসকল আফগান ! - T20 World Cup 2024
বিৰাট কোহলীৰ বিষয়ে নূৰে কয় যে যেতিয়া বিৰাট কোহলীয়ে বেটিং কৰে তেতিয়া বেটিং কৰাটো সহজ যেন লাগে । দ্ৰুত বলাৰ নবীন উল হকে কয় যে তেওঁ এজন মহান খেলুৱৈ আৰু এজন মহান ক্ৰীড়াবিদ । ইয়াৰ উপৰিও আজমত উল্লাহ উমৰজাই কয় যে ‘‘বিৰাট মোৰ প্ৰিয় বেটছমেন, তেওঁৰ বেটিং আৰু তেওঁৰ আক্ৰমণ মোৰ ভাল লাগে ।’’