অসম

assam

বিচিচিআইৰ সচিব জয় শ্বাহৰ ওপৰত খড়্গহস্ত প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ - DULEEP TROPHY 2024

By ETV Bharat Sports Team

Published : Aug 19, 2024, 7:15 PM IST

Sunil Gavaskar on Virat Kohli and Rohit Sharma: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ নিৰ্বাচক আৰু বি চি চি আইৰ সিদ্ধান্তত সুখী নহয় । সুনীল গাভাস্কাৰে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক দুলীপ ট্ৰফীত অন্তৰ্ভূক্ত নকৰাৰ বাবে কৰিছে বিৰোধিতা ।

DULEEP TROPHY 2024
ৰোহিত শৰ্মা আৰু বিৰাট কোহলী (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট:ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ(বি চি চি আই) বাছনি সমিতিয়ে শেহতীয়াকৈ আগন্তুক দুলীপ ট্ৰফীৰ বাবে চাৰিটাকৈ দলৰ নাম ঘোষণা কৰিছে । ভাৰতীয় তাৰকা খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ নাম এই দলবোৰত নাই । বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক দুলীপ ট্ৰফীত খেলিবলৈ দেখা পোৱা যাব বুলি অনুৰাগীসকলে ব্যক্ত কৰিছিল সম্ভাৱনা ৷ পিছে দুয়োগৰাকী তাৰকা খেলুৱৈ এই প্ৰতিযোগিতাৰ পৰা বাদ পৰা দেখা গৈছে ।

এই তালিকা প্ৰকাশৰ পিছত অসন্তুষ্টি ব্যক্ত কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে ৷ গাভাস্কাৰে সন্মানীয় দুলীপ ট্ৰফীৰ পৰা ৰোহিত আৰু কোহলীৰ নাম বাহিৰ কৰাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কৈছে যে, "তেওঁলোকে বাংলাদেশৰ টেষ্ট শৃংখলাত অধিকাংশ মেচ অনুশীলন অবিহনেই খেলিব" ।

এখন ইংৰাজী ভাষাত প্ৰকাশিত বাতৰি কাকত এই সন্দৰ্ভত এক প্ৰতিবেদনো লিখিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ৷ তেওঁ লিখিছে এনেদৰে, "নিৰ্বাচকসকলে দুলীপ ট্ৰফীৰ বাবে অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক উপেক্ষা কৰিছে ৷ সেয়েহে তেওঁলোকে সম্ভৱতঃ অনুশীলন অবিহনে বাংলাদেশ টেষ্ট শৃংখলাত পোনপটীয়াকৈ খেলিব । যেতিয়া এগৰাকী খেলুৱৈ প্ৰায় 30 বছৰত উপনীত হয়, তেতিয়া তেওঁৰ পেশীৰ শক্তি ক্ৰমাৎ দুৰ্বল হ’বলৈ আৰম্ভ কৰে ৷ এই সমস্যাৰ সৈতে যুঁজ দিয়াৰ একমাত্ৰ উপায় হৈছে নিয়মীয়াকৈ ক্ৰিকেট খেলাটো" ৷

"যদিও এইটো বুজিব পাৰি যে, যশপ্ৰীত বুমৰাহৰ দৰে এগৰাকী খেলুৱৈক পিঠিৰ আঘাতৰ বাবে অতি সাৱধানতাৰে খেলিবলৈ দিব লাগিব, তথাপিও তাৰে মাজে মাজে খেলুৱৈসকলক বেটিং কৰিবলৈ দিব পৰা যায় ৷ যদিহে এই কাৰ্যত দীঘলীয়া ব্যৱধানৰ সৃষ্টি হয়, তেন্তে মাংসপেশীৰ স্মৃতিশক্তি কিছু দুৰ্বল হৈ পৰে আৰু পূৰ্বৰ দৰে প্ৰদৰ্শন অটুট ৰখাত খেলুৱৈগৰাকীৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ পৰে" বুলি গাভাস্কাৰে লগতে কয় ৷

একে সময়তে বি চি চি আইৰ সচিব জয় শ্বাহে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয় যে, দুলীপ ট্ৰফীত বিৰাট আৰু ৰোহিতক অংশগ্ৰহণ কৰিবলৈ দি তেওঁলোকৰ বোজা বৃদ্ধি কৰাটো বুদ্ধিমানৰ কাম নহয় । ইয়াৰ ফলত খেলুৱৈসকল আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা থাকে আৰু ঘৰুৱা ক্ৰিকেট খেলি খেলুৱৈ দুগৰাকী আঘাতপ্ৰাপ্ত হোৱাতো শ্বাহে নিবিচাৰে ৷ কিয়নো ভাৰতীয় দলটোৰ সন্মুখত এক দীঘলীয়া ছিজনে অপেক্ষা কৰি আছে ৷

লগতে পঢ়ক:"মোক নিৰ্বাচিত কৰা নাছিল কাৰণ"- ডুলীপ ট্ৰফীৰ পৰা বাদ পৰাৰ পিছত ৰিংকু সিঙৰ প্ৰতিক্ৰিয়া - DULEEP TROPHY 2024

ABOUT THE AUTHOR

...view details