তেজপুৰ :চৰকাৰে পুৰুষৰ সমানে সমানে মহিলাসকলৰ বাবেও বিভিন্ন ক্ষেত্ৰতে সুযোগ আৰু সুবিধা প্ৰধানত গুৰুত্ব আৰোপ কৰিছে । অসমৰ ক্ষেত্ৰতো চৰকাৰে একে দৃষ্টিভংগী ৰাখিছে । বৰ্তমান বহু ক্ষেত্ৰত নানান বাধা নেওচি মহিলাসকল যথেষ্ট আগবাঢ়ি গৈছে । তাৰ উৎকৃষ্ট উদাহৰণ দেখা গৈছে তেজপুৰত আয়োজিত ভলীবল প্ৰতিযোগিতাত । আৰ্থিকদীনতা যে কোনো ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ দি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আগবাঢ়িছে এজাক তৰুণী । তাৰেই প্ৰতিফলন ঘটিছে সদ্য সমাপ্ত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত লীগত ।
আৰ্থিক বাধা স্বত্বেও ভলীবলৰ প্ৰশিক্ষণ
এই লীগত অংশগ্ৰহণ কৰি য়াচমিন বেগম নামৰ এগৰাকী ১১ বছৰীয়া কিশোৰী তথা ভলীবল খেলুৱৈ ৰাজ্যিক ভলীবলৰ কেম্পিঙৰ বাবে নিৰ্বাচিত হৈছে । তেওঁ ১৪ বছৰ অনুৰ্ধৰ ৰাজ্যিক ভলীবলৰ বাবে নিৰ্বাচিত হৈছে । অতি সাধাৰণ পৰিয়ালৰ য়াচমিনৰ পিতৃয়ে এখন সাধাৰণ দোকান দি পৰিয়াল পোহপাল দি আছে । প্ৰথম অৱস্থাত ভলীবল খেলাৰ বাবে ঘৰৰ পৰা বাধা আহিছিল যদিও পৰৱৰ্তী সময়ত বিদ্যালয়ৰ শিক্ষা আৰু ভলীবল দুয়োটা সমান্তৰালভাৱে চলাই লৈ যায় য়াচমিনে । য়াচমিন বৰ্তমান অষ্টম শ্ৰেণীৰ ছাত্ৰী । ক্ৰীড়াৰ লগতে শ্ৰেণীৰ ভিতৰতে য়াচমিন শ্ৰেষ্ঠ ।
একেখন বিদ্যালয়ৰে ছাত্ৰী তথা ভলীবল দলটোৰ খেলুৱৈ মাৰ্টিনা চৌধুৰীয়ে কয়, "মোৰ দেউতাই এখন সৰু তামোল-পাণৰ দোকান দিয়ে । মাজে সময়ে শাক-পাচলি বিক্ৰী কৰে, কেতিয়াবা আকৌ দিন হাজিৰাও কৰিবলৈ যায় । অলপ অসুবিধা হয় । কাৰণ ঘৰৰ পৰা পঢ়াত গুৰুত্ব দিয়াৰ কথা কয় কিন্তু এতিয়া ৰাজ্যিক পৰ্যায়ৰ বাবে নিৰ্বাচিত হোৱাৰ পাছত দেউতাই বাধা নিদিয়ে । মই শ্ৰেণীৰ প্ৰথম হৈ আহিছোঁ ।"