নতুন দিল্লী: দিল্লী আৰু ৰে’লৱেৰ মাজত ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ ডি-ৰ এখন খেল বৃহস্পতিবাৰে নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৷
আৰম্ভ হোৱাৰ পূৰ্বেই চৰ্চালৈ আহিছে খেলখন ৷ কিয়নো সুদীৰ্ঘ 13 বছৰৰ পিছত ৰঞ্জি ট্ৰফীলৈ উভতি আহিছে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী । কোহলী দিল্লী দলৰ হৈ খেলত অংশগ্ৰহণ কৰিব ।
অৰুণ জেটলী ষ্টেডিয়ামত পদপিষ্টৰ ঘটনা
দীঘলীয়া বিৰতিৰ মূৰকত ৰঞ্জি ট্ৰফীৰ জৰিয়তে বিৰাট কোহলীৰ খেল উপভোগ কৰিবলৈ ষ্টেডিয়ামত সমবেত হৈছে হাজাৰ হাজাৰ অনুৰাগী । বহুসংখ্যক অনুৰাগীয়ে ইতিমধ্যে ষ্টেডিয়ামত প্ৰৱেশ কৰিছে যদিও ষ্টেডিয়ামৰ বাহিৰতো বহু অনুৰাগী সমবেত হৈছে । যাৰ বাবে পদপিষ্টৰ ঘটনা সংঘটিত হয় ৷ অৱশ্যে এই ঘটনা সম্পৰ্কীয় সম্পূৰ্ণ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই ৷
ষ্টেডিয়ামত অৰ্ধসামৰিক বাহিনী মোতায়েন
এই পদপিষ্টৰ ঘটনাটোত কোনো লোক আহত নোহোৱা বুলি দাবী কৰিছে দিল্লী আৰক্ষীয়ে ৷ বৰ্তমান সময়ত পৰিস্থিতি স্বাভাৱিক আৰু নিয়ন্ত্ৰণত থকা বুলিও ব্যক্ত কৰে আৰক্ষীয়ে । ইতিমধ্যে ষ্টেডিয়ামত মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী । বিৰাট কোহলীৰ প্ৰতি থকা অনুৰাগীৰ উন্মাদনাৰ বাবে ষ্টেডিয়ামত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ৷
দৰ্শকৰ বাবে বিনামূলীয়া প্ৰৱেশ
লক্ষণীয় যে, দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাই বিৰাট কোহলীৰ খেলখনৰ বাবে ষ্টেডিয়ামৰ কিছু ষ্টেণ্ড মুকলি কৰিছে । অনুৰাগীসকলে এই খেলখন বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব । অনুৰাগীসকলে তেওঁলোকৰ মূল আধাৰ কাৰ্ডৰ প্ৰতিলিপি দেখুৱাই বিনামূলীয়াকৈ ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব । ইতিমধ্যে হাজাৰ হাজাৰ অনুৰাগী বিৰাটৰ খেল ওচৰৰ পৰা চাবলৈ ষ্টেডিয়ামত উপস্থিত হৈছে, যাৰ ফলত এই ঘটনা সংঘটিত হৈছে ।
লগতে পঢ়ক:টেষ্ট ক্ৰিকেটত 10,000 ৰাণ সম্পূৰ্ণ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ষ্টিভ স্মিথৰ