অসম

assam

তৃতীয়খন এদিনীয়াতো মুখথেকেচা : ২৭ বছৰৰ পাচত এদিনীয়া শৃংখলাত ভাৰতক পৰাস্ত কৰিলে শ্ৰীলংকাই - INDIA Vs SRI LANKA

By ETV Bharat Sports Team

Published : Aug 7, 2024, 9:51 PM IST

IND vs SL: বুধবাৰে আৰ প্ৰেমদাচা ষ্টেডিয়ামত চলি থকা এদিনীয়া শৃংখলাৰ তৃতীয়খন খেলত ভাৰতক পৰাস্ত কৰিছে শ্ৰীলংকাই ৷ ২৭ বছৰৰ পিচত এদিনীয়া শৃংখলাত ভাৰতক পৰাজিত কৰিছে সিংহল বাহিনীয়ে । ইয়াৰ লগে লগে দলটোৱে নিজৰ অভিলেখো উন্নত কৰিছে । সম্পূৰ্ণ বাতৰি পঢ়ক...

IND VS SL 3RD ODI
ভাৰতক পৰাস্ত কৰিলে শ্ৰীলংকাই (AP PHOTOS)

স্পৰ্টছ ডেস্ক, 7 আগষ্ট :শ্ৰীলংকাৰ বিৰুদ্ধে বুধবাৰে অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয় তথা অন্তিমখন এদিনীয়াটো মুখ থেকেচা T-20ৰ বিশ্ব চেম্পিয়ন ভাৰতৰ ৷ বেটিং ব্যৰ্থতাৰ বাবে তিনিখনীয়া শৃংখলাটোত পৰাজয় স্বীকাৰ কৰিবলগা হয় ৰোহিত বাহিনী ৷ নৱ-নিযুক্ত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ অধীনত তথা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে জ্যেষ্ঠ, তাৰকা খেলুৱৈৰ প্ৰত্যাৱৰ্তনেৰে গঠিত ভাৰতীয় দলটো সিংহল বাহিনীৰ হাতত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ৷ লগে লগে 27 বছৰৰ পাচত এদিনীয়া শৃংখলাত ভাৰতক পৰাস্ত কৰে শ্ৰীলংকাই ৷

ৰোহিতৰ বাহিৰে ব্যৰ্থ সকলো-

কলম্বোত আজি অনুষ্ঠিত হোৱা মেচখনত 249 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে 26.1 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 138 ৰাণহে সংগ্ৰহ কৰি শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাটো আত্মসমৰ্পণ কৰে ৷ ভাৰতৰ ৰোহিত শৰ্মা আৰু ৱাশ্বিংটন সুন্দৰৰ বাহিৰে আটাইকেইজন বেটছমেন ৰাণ সংগ্ৰহত চূড়ান্ত ব্যৰ্থ হয় ৷ দলটোৰ 5 জনকৈ বেটছমেন দহকৰ ঘৰো স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল ৷ ইনিংছ আৰম্ভ কৰি 4.3 অভাৰতে দলীয় 37 ৰাণত শুভমন গীল (6)ৰ উইকেট হেৰুৱাই শলঠেকত পৰে ভাৰত ৷ ৰোহিত শৰ্মাই আৰম্ভণি কিছু শক্তিশালী কৰাৰ চেষ্টা কৰিছিল যদিও 7.1 অভাৰত ব্যক্তিগত 35 ৰাণত কুশল মেণ্ডিছৰ হাতত কেছ তুলি পেভিলিয়নমুখী হয় অধিনায়কজন ৷

ব্যৰ্থ কোহলী-

ইয়াৰ পিচতেই ক্ৰীজলৈ অহা তাৰকা বেটছমেন বিৰাট কোহলীয়ে দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰিব বুলি আশা কৰা হৈছিল যদিও 10.5 নম্বৰ অভাৰটোত ব্যক্তিগত 20 ৰাণত দুনীথ ৱালেলাগেৰ বলত বিদায় কোহলীয়ে ৷ উইকেট কীপাৰ বেটছমেন ঋষভ পন্ট (6), দীৰ্ঘদিনৰ অন্তত এদিনীয়া দললৈ প্ৰত্যাৱৰ্তন ঘটা শ্ৰেয়াছ আয়াৰ (8), অলৰাউণ্ডাৰ অক্ষৰ পেটেল (2) চূড়ান্ত ব্যৰ্থ হয় ৷ ইফালে আজি আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত অভিষেক ঘটোৱা ৰিয়ান পৰাগে বলিঙত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিলেও বেটিঙত ব্যৰ্থ হয় ৷ অভিষেক মেচত তিনিটা উইকেট দখল কৰা খেলুৱৈজনে 7 নম্বৰত বেটিং কৰিবলৈ আহি ব্যক্তিগত 15 ৰাণত ভাণ্ডাৰছেৰ বলত পেভিলিয়নৰ বাট বুলে ৷

দুনীথ ৱালেলাগেৰ বলিং বিক্ৰম-

শেষৰ ফালে 8 নম্বৰ উইকেটত অল ৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে অকলেই দলক উদ্ধাৰৰ কিছু চেষ্টা চলাইছিল যদিও অধিক সময় ক্ৰীজত তিষ্ঠিব নোৱাৰিলে ৷ 25.6 অভাৰত ব্যক্তিগত 30 ৰাণত মহেশ তীক্ষণাৰ বলত পেভিলিয়নমুখী হয় সুন্দৰ ৷ লগে লগে ভাৰতৰ জয়ৰ আশাও নিৰ্বাপিত হয় আৰু ভাৰতীয় দলটোৱে 110 ৰাণৰ বিশাল ব্যৱধানত সিংহল বাহিনীৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰে ৷ শ্ৰীলংকাৰ বলাৰ দুনীথ ৱালেলাগেই ভাৰতীয় শিবিৰত ত্ৰাসৰ সৃষ্টি কৰে ৷ তেওঁ ভাৰতৰ 5 টাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰি মেন ইন ব্লুৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ৷ ৱালালাগেক যোগ্য সঁহাৰি দি সিংহল বাহিনীৰ আন দুই বলাৰ জেফ্ৰি ভাণ্ডাৰছে আৰু মহেশ তীক্ষণাই 2 টাকৈ উইকেট দখল কৰে ৷ অসিথা ফাৰ্নাণ্ডোৱে 1 টা উইকেট দখল কৰে ৷

লগতে পঢ়ক :পেৰিছ অলিম্পিক 2024: জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেলত ২-৩ ত পৰাজয় স্বীকাৰ ভাৰতৰ - Paris Olympics 2024

প্ৰথমে বেটিঙৰ সিদ্ধান্ত শ্ৰীলংকাৰ-

আনহাতে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা শ্ৰীলংকাই নিৰ্ধাৰিত 50 অভাৰত 7 টা উইকেট হেৰুৱাই 248 ৰাণ সংগ্ৰহ কৰে ৷ অ’পেনাৰ আভিস্কা ফাৰ্ণাণ্ডোৱে দলক এক শক্তিশালী আৰম্ভণি দিয়ে ৷ বেটছমেনজনে আক্ৰমণাত্মভাৱে 102 বলত 96 ৰাণ সংগ্ৰহ কৰি ৰিয়ান পৰাগৰ বলত পেভিলিয়নমুখী হয় ৷ আন এজন অ’পেনাৰ পাথুম নিশাংকই 45 ৰাণৰ এক ইনিংছ খেলে ৷ উইকেট কীপাৰ বেটছমেন কুশল মেণ্ডিছে 59 ৰাণৰ বৰঙণি আগবঢ়াই ৷

ৰিয়ান পৰাগৰ তিনিটা উইকেট-

ভাৰতৰ হৈ এদিনীয়াত অভিষেক ঘটোৱা ৰিয়ান পৰাগে সৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ তেওঁ 9 অভাৰত 54 ৰাণ খৰছ কৰি 3 টা উইকেট দখল কৰে ৷ ইফালে মহম্মদ চিৰাজ, কুলদীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেলে 1টাকৈ উইকেট দখল কৰে ৷ শ্ৰীলংকাৰ আভিস্কা ফাৰ্ণাণ্ডো প্লেৱাৰ অৱ দ্য মেচ আৰু দুনীথ ৱালেলাগে প্লেৱাৰ অৱ দ্য চিৰিজ বিবেচিত হয় ৷

শৃংখলা হেৰুৱালে ভাৰতে-

উল্লেখ্য যে, ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা তিনিখনীয়া মেচৰ শৃংখলাটোৰ প্ৰথমখন এদিনীয়া ড্ৰ’ হোৱাৰ বিপৰীতে দ্বিতীয়খন এদিনীয়াত 32 ৰাণত জয়লাভ কৰিছিল কৰিছিল সিংহল বাহিনীয়ে ৷ ইয়াৰ পিচতে আজি 110 ৰাণৰ বৃহৎ ব্যৱধানত জয়লাভ কৰি ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাটো 2-0ত হস্তগত কৰে শ্ৰীলংকাই ৷ এই পৰাজয়েৰে নৱ নিযুক্ত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ অধীনত ভাৰতে প্ৰথমটো এদিনীয়া শৃংখলা হেৰুৱাই ৷ আনহাতে 27 বছৰৰ পাচত ভাৰতক এদিনীয়া শৃংখলাত পৰাস্ত কৰে সিংহল বাহিনীয়ে ৷

লগতে পঢ়ক :অভিষেক মেচত ৰিয়ানৰ পৰাক্ৰম : স্পীন যাদুৰে সিংহল বাহিনীৰ তিনিটা উইকেট দখল - RIYAN PARAG

ABOUT THE AUTHOR

...view details