স্প’ৰ্টছ ডেস্ক: বৃহস্পতিবাৰে পাৰ্লত পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া মেচ ৷ শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰাৰ পিছত এই ধাৰা অব্যাহত ৰখাৰ প্ৰচেষ্টা চলাব পাকিস্তানে ৷
আনহাতে, কেপটাউনৰ নিউলেণ্ডছত অনুষ্ঠিত হ’বলগীয়া মেচখনত জয়ৰ জৰিয়তে শৃংখলাত সমতা স্থাপনৰ চেষ্টা চলাব দক্ষিণ আফ্ৰিকাই ৷
সদ্যসমাপ্ত টি-20 শৃংখলাত পৰাজয়ৰ সন্মুখীন হোৱা পাকিস্তানে এদিনীয়া শৃংখলাত সুন্দৰ প্ৰত্যাৱৰ্তন ঘটাইছে ৷ ভ্ৰমণকাৰী দলটোৱে 3 খন মেচৰ এদিনীয়া শৃংখলাটোত অৰ্জন কৰিছে 1-0 ৰ অগ্ৰগতি ।
পাকিস্তানে প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক 3 উইকেটত পৰাস্ত কৰে । পাকিস্তানী বলাৰসকলে মেচখনত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি আয়োজক দলটোক মাত্ৰ 239 ৰাণতে ধৰি ৰাখে ৷ অৱশ্যে পাকিস্তানৰ বেটছমেনসকলেও প্ৰতিপক্ষৰ বলাৰৰ সন্মুখত সংগ্ৰাম অব্যাহত ৰাখিছিল ৷ তথাপিও ছেম আয়ুবৰ শতক (109) আৰু চলমান আঘাৰ (অপৰাজিত 82) অৰ্ধশতকৰ বাবে পাকিস্তানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰে ৷
দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ দ্বিতীয় এদিনীয়াৰ বিষয়ে প্ৰয়োজনীয় সকলো তথ্য
- দক্ষিণ আফ্ৰিকা বনাম পাকিস্তানৰ দ্বিতীয় এদিনীয়া কেতিয়া অনুষ্ঠিত হ'ব ?
দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ দ্বিতীয়খন এদিনীয়া বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ।
- দক্ষিণ আফ্ৰিকা বনাম পাকিস্তানৰ দ্বিতীয়খন এদিনীয়া ক'ত অনুষ্ঠিত হ'ব ?
কেপটাউনৰ নিউলেণ্ডছত এই মেচখন অনুষ্ঠিত হ'ব ।
- দক্ষিণ আফ্ৰিকা বনাম পাকিস্তানৰ দ্বিতীয়খন এদিনীয়া কিমান সময়ত আৰম্ভ হ'ব ?