অসম

assam

ETV Bharat / sports

ধোনীক কিয় স্বাৰ্থপৰ বুলি ক'লে অনুৰাগীয়ে ? - CSK vs PBKS - CSK VS PBKS

CSK vs PBKS: পঞ্জাৱৰ বিৰুদ্ধে চেন্নাইৰ পৰাজয়ৰ পিচতে সামাজিক মাধ্যমত এম এছ ধোনীক লৈ চৰ্চা আৰম্ভ হৈছে । একাংশ অনুৰাগীয়ে ধোনীৰ আচৰণ স্বাৰ্থপৰ ক্ৰিকেটাৰৰ দৰে বুলি উল্লেখ কৰিছে ।

CSK vs PBKS
ধোনীক কিয় স্বাৰ্থপৰ বুলি ক'লে অনুৰাগীয়ে

By ETV Bharat Assamese Team

Published : May 2, 2024, 3:28 PM IST

স্প’ৰ্টছ ডেস্ক, ২ মে': চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ ৰ এক ৰোমাঞ্চকৰ মেচত পঞ্জাৱ কিংছৰ হাতত পৰাস্ত হয় বিৰুদ্ধে চেন্নাই চুপাৰ কিংছ । মেচখনত চিএছকে-ৰ ইনিংছৰ অন্তিমটো বলত প্ৰাক্তন অধিনায়ক এম এছ ধোনী ৰাণ আউট হয় ।

সেই ৰাণ আউটৰ পিচতে সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে ধোনী । সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফিনিচাৰ এম এছ ধোনীক বিভিন্নজনে সমালোচনা কৰা দেখা গৈছে ।

আই পি এল ২০২৪ ত বেটিঙৰ জৰিয়তে চৰ্চা লাভ কৰা চিএছকেৰ উইকেটকীপাৰ বেটছমেন ধোনী শেষ অভাৰত পঞ্জাৱৰ বাওঁহাতৰ পেচাৰ অৰ্শদীপ সিঙৰ মুখামুখি হৈছিল । আশ্চৰ্যজনকভাৱে সতীৰ্থ ডেৰিল মিচেলক এটা বলো ধৰিবলৈ সুবিধা দিয়া নাছিল ।

অভাৰটোৰ ৪ টা বল বাকী থকা অৱস্থাত ডেৰিল মিচেলে ৰাণ ল'ব বিচাৰিছিল কিন্তু এম এছ ধোনীয়ে ৰাণ ল'বলৈ অস্বীকাৰ কৰে আৰু পিটছৰ আধা দূৰ অতিক্ৰম কৰাৰ পিচত ধোনীৰ কলৰ পিচত মিচেল উভতি যাবলগীয়া হৈছিল ।

ফলস্বৰূপে পাৱাৰ হিটিঙৰ বাবে জনাজাত মিচেলে অন্তিম অভাৰত এটাও বলৰ সন্মুখীন নোহোৱাকৈ ড্ৰেছিং ৰুমলৈ উভতি যাবলগীয়া হয় । ঘটনাক্ৰমে, এম এছ ধোনী অভাৰৰ শেষৰ বলটোত দুই ৰাণ লোৱাৰ চেষ্টা কৰাৰ সময়তে ৰাণ আউট হয় ।

অন্তিম অভাৰত ডিৰেল মিচেলক এটাও বল ধৰিবলৈ সুবিধা নিদিয়াৰ বাবে সামাজিক মাধ্যমত বিভিন্নজনে ধোনীৰ সমালোচনা কৰা দেখা গৈছে । তেওঁক বহুতে স্বাৰ্থপৰ বুলিও অভিহিত কৰিছে । এক্সত এগৰাকী ব্যৱহাৰকাৰীয়ে উল্লেখ কৰিছে যে ডেৰিল মিচেলক ৰাণৰ বাবে অস্বীকাৰ কৰি ধোনীয়ে আটাইতকৈ স্বাৰ্থপৰ ক্ৰিকেটাৰ হিচাপে প্ৰমাণ কৰিছে ।

আনহাতে, আন এজনে কৈছে যে ডেৰিল মিচেল এজন ভাল ফিনিচাৰ হোৱা স্বত্বেও কিয় এনেকুৱা কৰা হ'ল । তেওঁৰ মতে ক্ৰিকেটত দেখা আটাইতকৈ বেয়া আৰু আটাইতকৈ অপমানজনক আচৰণ আছিল ।

খেলখনত জয়ী হোৱাৰ পিচত পাঞ্জাবে অফিচিয়েল এক্স একাউণ্টত লিখিছে যে ধোনী তেওঁলোকৰ সপ্তমটো উইকেট আছিল ! থালা এটা কাৰণ ! ইফালে ইয়াৰ প্ৰত্যুত্তৰত এজন অনুৰাগীয়ে লিখিছে খেলখনত পৰাস্ত হোৱাৰ পিচত চিএছকেৰ পইণ্ট তালিকাত স্থিতি হ্ৰাস হৈছে আৰু থালা এটা কাৰণ !

উল্লেখ্য যে, খেলখনত চিএছকেয়ে তেওঁলোকৰ ইনিংছ ৭ উইকেটত ১৬২ ৰাণতে সমাপ্ত কৰে । অধিনায়ক ৰুতুৰাজ গায়কৱাড়ে ৪২ টা বলত ৬২ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে । আনহাতে খেলখনত চিএছকেৰ বাকী বেটছমেনসকলে কোনো প্ৰভাৱ পেলাব নোৱাৰিলে । পাঞ্জাবৰ হৈ জনি বেয়াৰস্টোৱে ৪৬ ৰাণ সংগ্ৰহ কৰে আনহাতে ৰিলি ৰছৌৱে ৪৩ ৰাণৰ ইনিংছ খেলে । যাৰ ফলত পঞ্জাৱে ৭ উইকেটত জয়ী হয় ।

লগতে পঢ়ক :আই পি এল ২০২৪: ইতিহাসত নাম লিপিবদ্ধ ৰুতুৰাজ গাইকোৱাড়ৰ ; এম এছ ধোনীক অতিক্ৰম - IPL 2024

ABOUT THE AUTHOR

...view details